ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ (ইংৰাজী ভাষা: National Centre for Biological Sciences), চমুকৈ NCBS,১কৰ্ণাটকৰ বেংগালুৰুত অৱস্থিত জীৱবিজ্ঞানৰৰ গৱেষণাৰ বাবে বিশেষীকৃত এটি গৱেষণা কেন্দ্ৰ। কেন্দ্ৰটো ভাৰত চৰকাৰৰ পাৰমানৱিক শক্তি বিভাগ (Department of Atomic Energy, DAE) ৰ অধীনত টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান (ইংৰাজী ভাষা: Tata Institute of Fundamental Research), চমুকৈ TIFR-ৰ এক অংশ। NCBS-ৰ মূল মন্ত্ৰ হৈছে জীৱ বিজ্ঞানৰ অগ্ৰণী ক্ষেত্ৰসমূহৰ উচ্চস্তৰীয় গৱেষণা আৰু অধ্যয়ন। কেন্দ্ৰৰ সংকায় সদস্যসকলৰ গৱেষণাৰ ক্ষেত্ৰসমূহ একক অণু (ইংৰাজী ভাষা: single molecule)ৰ পৰা তন্ত্ৰ জীৱবিজ্ঞান (ইংৰাজী ভাষা: systems biology) লৈকে প্ৰধানতঃ চাৰিটা বহল বিভাগত বিভক্ত। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰই iBio-ৰ দৰে পাৰস্পৰিক সহযোগিতাৰ গৱেষণা পদক্ষেপ আগবঢ়োৱাৰ লগতে অন্যান্য কেইবাটাও উদ্যম, যেনে- চিকিৎসা আৰু ৰোগ সম্পৰ্কীয় গৱেষণাৰ সহযোগিতা কাৰ্যক্ৰমৰ পৰিকল্পনা কৰিছে। কাণ্ড কোষ (ইংৰাজী ভাষা: stem cell)ৰ গৱেষণা চলি থকা ভাৰতবৰ্ষৰ তিনিটা গৱেষণা প্ৰতিষ্ঠানৰ ভিতৰত ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ অন্যতম।২
ইতিহাস
১৯৯২ চনত গান্ধী কৃষি বিজ্ঞান কেন্দ্ৰৰ কেম্পাছৰ একাষে ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ স্থাপিত হয়৷
গৱেষণাৰ ক্ষেত্ৰ
- জৈৱ-ৰসায়ন, জৈৱ-পদাৰ্থবিজ্ঞান আৰু বায়'ইনফৰ্মেটিক্স (Biochemistry, Biophysics, Bioinformatics)
- কোষবিজ্ঞান (Cellular Organisation & Signalling)
- বংশতত্ত্ব বিজ্ঞান (Genetics & Development)
- নিউৰ'বায়'লজি (Neurobiology)
- জৈৱপ্ৰক্ৰিয়া সম্পৰ্কীয় মডেলিং (Theory and Modelling of Biological Systems)
- পৰিস্থিতিবিজ্ঞান তথা ক্ৰমবিকাশবিজ্ঞান( Ecology and Evolution)
বিভিন্ন পাঠ্যক্ৰম
- পষ্ট ডক্টৰেল পাঠ্যক্ৰম (POST DOCTORAL PROGRAM)
- ডক্টৰেল পাঠ্যক্ৰম (PhD PROGRAM)
- INTEGRATED PhD PROGRAM
- iBIO PROGRAM
- MD-PhD PROGRAM
- স্নাতকোত্তৰ পাঠ্যক্ৰম (MSc PROGRAM)
তথ্যসূত্ৰ
- ↑ www.ncbs.res.in ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰৰ ৱেবছাইট
- ↑ Sharma, Alka. (November 2006). Stem cell research: The Indian perspective
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ৩৮৩৫২৮ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।