অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আউনীআটী বিশ্ববিদ্যালয়

আউনীআটী বিশ্ববিদ্যালয় (Auniati University) অসম যোৰহাট জিলাৰ এখন ব্যক্তিগত খণ্ডৰ ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইন ২০০৭ৰ অধীনত সৃষ্টি হোৱা আউনীআটী বিশ্ববিদ্যালয় আইন, ২০২২ৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হৈছিল।

হালনাগাদ: ৫ নৱেম্বৰ ২০২৫ ৩৫৫ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

আউনীআটী বিশ্ববিদ্যালয় (Auniati University) অসম যোৰহাট জিলাৰ এখন ব্যক্তিগত খণ্ডৰ ৰাজ্যিক বিশ্ববিদ্যালয়।১ এই বিশ্ববিদ্যালয়খন অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইন ২০০৭ৰ অধীনত সৃষ্টি হোৱা আউনীআটী বিশ্ববিদ্যালয় আইন, ২০২২ৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হৈছিল। মাজুলীৰ মূল আউনীআটী সত্ৰৰ তত্ত্বাৱধানত যোৰহাটৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত টীয়কৰ কলীয়াপানী শাখা সত্ৰৰ ৬৩ বিঘা মাটিত আউনীআটী সামাজিক- সাংস্কৃতিক আৰু শৈক্ষিক উন্নয়ন ন্যাসৰ সহায়ত এই বিশ্ববিদ্যালখন নিৰ্মাণ কৰা হৈছে।

ইতিহাস

২০২১ চনৰ ২১ নৱেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ে বিশ্ববিদ্যালয় খনৰ আধাৰশিলা স্থাপন কৰিছিল।২ ২০২২ চনৰ ১৩ অক্টোবৰ তাৰিখে অসম বিধানসভাত আউনীআটী বিশ্ববিদ্যালয় বিধেয়ক উত্থাপন কৰা হয়।৩ বিধেয়কখন অসমৰ ৰাজ্যপালসকলৰ তালিকাৰ অনুমোদনৰ পিছত আউনীআটী বিশ্ববিদ্যালয় অসম চৰকাৰৰ ২০২২ চনৰ XXXIX আউনিআটী বিশ্ববিদ্যালয় আইন, ২০২২ অনুসৰি আউনীআটী সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক উন্নয়ন ন্যাস আশ্ৰয়ত ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয় হিচাপে ২০২২ চনৰ ৮ নৱেম্বৰত প্ৰতিষ্ঠা কৰা হয়। বিশ্ববিদ্যালয়খনৰ প্ৰথম আচাৰ্য হিচাপে সেই দিনটোতে দায়িত্ব গ্ৰহণ কৰে ড° পীতাম্বৰ দেৱ গোস্বামীয়ে। মাজুলীত অৱস্থিত অসমৰ চাৰি ৰাজসত্ৰৰ অন্যতম আউনীআটী সত্ৰ এই বিশ্ববিদ্যালখন গঢ় লৈ উঠিছে। বিশ্ববিদ্যালয়খনৰ মুখ্য কাৰ্যালয় অসমৰ মাজুলী অৱস্থিত। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য অধ্যাপক ডম্বৰুধৰ নাথক আউনীআটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হয়। বৰ্তমানে বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য ড° প্ৰকাশজ্যোতি বৰঠাকুৰ আৰু পঞ্জীয়ক ড° মাধুৰ্যমণ্ডিত বৰুৱা।

শিক্ষা

বিভাগসমূহ

বৰ্তমান বিশ্ববিদ্যালয়খনত তলত উল্লেখ কৰা বিভাগসমূহ আছে:

  • পৰিৱেশ্য কলা বিভাগ
  • সাংবাদিকতা আৰু গণসংযোগ বিভাগ
  • শাৰীৰিক শিক্ষা বিভাগ
  • সমাজবিজ্ঞান বিভাগ
  • ইংৰাজী বিভাগ
  • অসমীয়া বিভাগ
  • চাহ আৰু কৃষি অধ্যয়ন বিভাগ
  • কম্পিউটাৰ বিজ্ঞান বিভাগ

পাঠ্যক্ৰম

বিশ্ববিদ্যালখনৰ বিভাগ সমূহে বৰ্তমান সময়ত নিম্নোক্ত পাঠ্যক্ৰম সমূহ আগবঢ়ায়:

পৰিৱেশ্য কলা

পৰিবেশন কলাত সংহত স্নাতকোত্তৰ

সাংবাদিকতা আৰু গণসংযোগ

  • গণসংযোগ আৰু সাংবাদিকতাত ডিপ্লমা
  • গণসংযোগ আৰু সাংবাদিকতাৰ প্ৰমাণ পত্ৰ

শাৰীৰিক শিক্ষা

  • শাৰীৰিক শিক্ষাত ডিপ্লমা
  • শাৰীৰিক শিক্ষাৰ প্ৰমাণ পত্ৰ

সমাজবিজ্ঞান

  • সমাজবিজ্ঞানত পি এইচ ডি
  • সমাজবিজ্ঞানত স্নাতকোত্তৰ
  • সমাজবিজ্ঞানত সংহত এম.এ.

অসমীয়া

  • অসমীয়াত পি এইচ ডি
  • অসমীয়াত স্নাতকোত্তৰ
  • অসমীয়াত সংহত এম.এ.

চাহ আৰু কৃষি অধ্যয়ন

  • চাহ আৰু কৃষি অধ্যয়নত ডিপ্লমা
  • চাহ আৰু কৃষি অধ্যয়নৰ প্ৰমাণপত্ৰ

কম্পিউটাৰ বিজ্ঞান

  • কম্পিউটাৰ এপ্লিকেচনত ডিপ্লমা
  • কম্পিউটাৰ এপ্লিকেচনত প্ৰমাণপত্ৰ

ৰাজনীতি বিজ্ঞান

  • ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ

ইতিহাস

  • ইতিহাসত পি এইচ ডি

তদুপৰি বিশ্ববিদ্যালয়খনে গায়ন শৈলী (নাম লগোৱা, পাঠক), বায়ন শৈলী, নৃত্য শৈলী, মুখা শৈলী, নাট্য (ভাওনা) শৈলী, কুটিৰ শিল্প, চিত্ৰ/বয়ন শিল্প, পৰিকলন শিক্ষা, ইংৰাজী কথন আদিত ছয়মহীয়া প্ৰমাণ পত্ৰ পাঠ্যক্ৰম আগবঢ়ায়।

অৱস্থান

বিশ্ববিদ্যালয় চৌহদ যোৰহাট জিলাৰ টীয়কৰ সমীপৱৰ্তী কলীয়াপানী গাঁৱত অৱস্থিত শ্ৰী শ্ৰী আউনীআটী সখা সত্ৰৰ ওচৰত অৱস্থিত। ই টীয়ক চহৰৰ পৰা প্ৰায় ৩ কিলোমিটাৰ পূবে আৰু যোৰহাট চহৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ৰ কাষত অৱস্থিত।

তথ্যসূত্ৰ

  1. ↑ State-wise List of Private Universities. www.ugc.ac.in. University Grants Commission
  2. ↑ আউনীআটী বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে. Northeast Now
  3. ↑ বিধানসভাত একেদিনাই উত্থাপন ৮ খনকৈ বিধেয়ক. ETV Bharat

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিশ্ববিদ্যালয়সমূহযোৰহাট জিলাৰ শৈক্ষিক প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আউনীআটী বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫৪৭৬৮৫ (৫ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।