অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ (Assam State School Education Board) ভাৰতৰ অসমৰ বিদ্যালয় সমূহৰ পৰিষদ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ আইন, ২০২৪ৰ অধীনত অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ একত্ৰিত কৰি ইয়াক গঠন কৰা হৈছে। ২০২৪ চনৰ ১৩ ছেপ্টেম্বৰ তাৰিখে আনুষ্ঠানিক ভাৱে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ গঠন কৰা হয় আৰু পূৰ্বৰ দুখন বোৰ্ড ভংগ কৰা হয়। এইদিনা পূৰ্বৰ অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ আৰ চি জৈন ইয়াৰ প্ৰথম অধ্যক্ষ আৰু ৰুক্ম গোহাঁই বৰুৱাক উপাধ্যক্ষ হিচাপে নিযুক্ত কৰা হয়। সেই অনুসৰি মাধ্যমিক শিক্ষা পৰিষদ (SEBA) বৰ্তমান অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ, বিভাগ - I আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC) বৰ্তমান বিভাগ - II নামেৰে জনাজাত।১
ইতিহাস
অসমত ৰাষ্ট্ৰীয় শিক্ষা নীতি পৰ্যায়ক্ৰমে প্ৰয়োগ কৰাৰ সমান্তৰালভাৱে শিক্ষাখণ্ডত আমোল পৰিৱৰ্তন আহিছে। এই নতুন শিক্ষা নীতিৰ ফলত প্ৰাক-প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যন্ত শৈক্ষিক গাঁথনিৰ বহুখিনি সলনি হৈছে। নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ প্ৰতিটো স্তৰতেই পৰিৱৰ্তন আহিছে। ইয়াৰ অংশ হিচাপে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ এটা স্তৰত ভাগ কৰাত অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ একত্ৰীকৰণ অৱশ্যম্ভাৱী হৈ পৰে। শিক্ষা সংসদ আৰু ছেবাক একলগ কৰাৰ প্ৰক্ৰিয়া ২০২২ চনত শিক্ষা মন্ত্ৰালয়ে আনুষ্ঠানিক ভাৱে আৰম্ভ কৰে।
একত্ৰীকৰণ প্ৰক্ৰিয়া আগবঢ়াই নিবৰ বাবে শিক্ষা মন্ত্ৰালয়ে এখন চাৰিজনীয়া কমিটী গঠন কৰে। মাধ্যমিক শিক্ষাৰ সচিব, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব, অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ পৰিচালন সঞ্চালক আৰু ছেবাৰ সচিবক লৈ এই চাৰিজনীয়া কমিটীখন গঠন কৰা হৈছিল।
১৯৬২ চনৰ ২৯ জানুৱাৰীত অসম মাধ্যমিক শিক্ষা আইন (১৯৬১ চন) অনুসৰি ছেবা গঠন হৈছিল। পৰৱৰ্তী সময়ত ১৯৮৪ চনৰ ১ জুনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ গঠন কৰা হৈছিল। ১৯৬২ চনত গঠিত অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু ১৯৮৪ চনত গঠিত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰি আহিছিল। ২০২৪ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে অসম বিধানসভাত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ বিধেয়ক,২০২৪ উত্থাপন কৰা হয়।২ এই আইনৰ অধীনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ আলমত অসম চৰকাৰে ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক একত্ৰীকৰণ কৰি ২০২৪ চনত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ চমুকৈ ASSEB গঠন কৰে। পূৰ্বৰ ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ প্ৰথমগৰাকী অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে। আনহাতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱায়ে ইয়াৰ প্ৰথম উপাধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে। ৩ বছৰৰ বাবে দুয়োগৰাকী বিষয়াক নিযুক্তি দিয়া হৈছে। এই পৰিষদ গঠন হোৱাৰ পিছত এতিয়াৰে পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত সকলো পৰীক্ষা পৰিষদে অনুষ্ঠিত কৰিব। এই পৰিষদত ২১ গৰাকী সদস্য আছে।৩
তথ্যসূত্ৰ
- ↑ (13 September 2024). Assam State School Education Council Inaugurated with New Leadership. DY365
- ↑ (7 February 2024). Assam govt’s big move to supervise secondary education, proposes to merge Class 10 & 12 boards into single entity. Hindustan Times
- ↑ (8 September 2024). Assam announces merger of SEBA-AHSEC, forms unified state board; RC Jain appointed Chairman. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ” প্ৰবন্ধৰ সংশোধন ৫১০২০৬ (১৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।