অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আও দাই

আও দাই (Áo dài) হৈছে ভিয়েটনামী পৰম্পৰাগত সাজ-পোছাক, সকলো পৰম্পৰাগত সাজ-পোছাকৰ ভিতৰত আটাইতকৈ জনপ্ৰিয়। ইয়াত ট্ৰাউজাৰ এযোৰৰ ওপৰত পিন্ধা গোৰোহাৰ দৈৰ্ঘ্যৰ টিউনিক থাকে, চাৰ্টৰ তলৰ অৰ্ধেক অংশ দুটা পোন ফ্লেপত বিভক্ত, সন্মুখ আৰু পিছফালে, এইটো সমগ্ৰ সাজ-পোছাকৰ এটা বৈশিষ্ট্যপূৰ্ণ বৈশিষ্ট্য।

হালনাগাদ: ১১ মাৰ্চ ২০২৬ ২৭৭ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

আও দাই (Áo dài)১২ হৈছে ভিয়েটনামী পৰম্পৰাগত সাজ-পোছাক, সকলো পৰম্পৰাগত সাজ-পোছাকৰ ভিতৰত আটাইতকৈ জনপ্ৰিয়। ইয়াত ট্ৰাউজাৰ এযোৰৰ ওপৰত পিন্ধা গোৰোহাৰ দৈৰ্ঘ্যৰ টিউনিক থাকে, চাৰ্টৰ তলৰ অৰ্ধেক অংশ দুটা পোন ফ্লেপত বিভক্ত, সন্মুখ আৰু পিছফালে, এইটো সমগ্ৰ সাজ-পোছাকৰ এটা বৈশিষ্ট্যপূৰ্ণ বৈশিষ্ট্য। এই সাজ-পোছাক বহুতো ভিন্ন কাপোৰৰ পৰা তৈয়াৰ কৰা হয় যদিও আটাইতকৈ জনপ্ৰিয় হৈছে ৰেচম, ছিফন বা মুগা। পেণ্ট কেতিয়াবা চাৰ্টৰ দৰে একে সামগ্ৰী হ’বই লাগিব বুলি ক’ব নোৱাৰি, ই জিন্স বা লেগিংছ হ’ব পাৰে। আও দাইক নন লা (Nón lá), খান ভান (Khăn vấn) বা স্কাৰ্ফৰ সৈতে মিহলাই নান্দনিকতা বৃদ্ধি কৰিব পাৰি।

এই সাজ-পোছাক বছৰৰ আৰম্ভণিতে, বছৰৰ পৰম্পৰাগত বন্ধৰ দিন, সাংস্কৃতিক আৰু ধৰ্মীয় উৎসৱ, বিয়া বা মনোৰঞ্জনমূলক অনুষ্ঠান যেনে শিল্প প্ৰদৰ্শনী আৰু ফেশ্বন শ্ব’ত পৰিধান কৰা হয়। আও দাই পৰিধান কৰাটো সাংস্কৃতিক সৌন্দৰ্য্য আৰু জাতীয় গৌৰৱ প্ৰকাশৰ এক উপায় বুলি গণ্য কৰা হয়। যদিও ই পুৰুষ-মহিলা উভয়ৰে বাবে সাজ-পোছাক, আও দাই পিন্ধা লোকৰ অধিকাংশই মহিলা। পুৰুষে ওপৰত উল্লেখ কৰা কিছুমান বিশেষ অনুষ্ঠানতহে আও দাই পিন্ধে, কিন্তু মহিলাসকলে যিকোনো ঠাইতে, যিকোনো সময়তে পিন্ধিব পাৰে। আও দাই প্ৰায়ে কিছুমান কৰ্মক্ষেত্ৰত হাইস্কুলীয়া ছাত্ৰী, মহিলা শিক্ষক আৰু মহিলা কৰ্মচাৰীয়ে পিন্ধে। নেতা আৰু মহিলা ৰাজনীতিবিদৰ পত্নীসকলে টেলিভিছনত বা চৰকাৰী ভ্ৰমণৰ সময়ত সদায় এই সাজ-পোছাক পিন্ধে। তদুপৰি সংস্কৃতিৰ প্ৰসাৰৰ উদ্দেশ্যে "মিছ আও দাই" নামৰ বিশেষ সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবেও মহিলাসকলে আও দাই পিন্ধে। পুৰুষৰ আও দাই আৰু মহিলাৰ আও দাইৰ মাজত আটাইতকৈ ডাঙৰ পাৰ্থক্যটো হ’ল পুৰুষৰ আও দাই বহল আৰু চুটি, মাত্ৰ আঁঠুৰ অলপ তললৈহে পোৱা যায়।

ব্যুৎপত্তি

"আও" (Áo) মানে চাৰ্ট, "দাই" (Dài) মানে দীঘল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Definition of ao dai | Dictionary.com. www.dictionary.com
  2. ↑ Ao dai definition and meaning | Collins English Dictionary. www.collinsdictionary.com

সম্পৰ্কিত শ্ৰেণী

ভিয়েটনামপোচাকবস্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আও দাই” প্ৰবন্ধৰ সংশোধন ৫৮৭১৬০ (১১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।