অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

শৰণীয়া কছাৰী

শৰণীয়া কছাৰী অসমৰ চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ কছাৰী ঠালৰ এটা জনগোষ্ঠী। ১৮৮১ আৰু ১৮৯১ চনৰ লোকপিয়লত সুকীয়াকৈ জনজাতি শ্ৰেণীত বিভক্ত কৰা শৰণীয়াসকল নামনি অসমত শৰণীয়া কছাৰী বুলি পৰিচিত।

হালনাগাদ: ১১ নৱেম্বৰ ২০২৫ ৯২৩ শব্দ · ৫ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

শৰণীয়া কছাৰী অসমৰ চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ কছাৰী ঠালৰ এটা জনগোষ্ঠী।১ ১৮৮১ আৰু ১৮৯১ চনৰ লোকপিয়লত সুকীয়াকৈ জনজাতি শ্ৰেণীত বিভক্ত কৰা শৰণীয়াসকল নামনি অসমত শৰণীয়া কছাৰী বুলি পৰিচিত। অসমৰ বাক্সা, বৰপেটা, নলবাৰী, কামৰূপ, বঙাইগাঁও, ওদালগুৰি, দৰং, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, কামৰূপ মহানগৰ, মৰিগাঁও, কোকৰাঝাৰ আদি জিলাত সিঁচৰতি হৈ থকা শৰণীয়া কছাৰীসকল বৃহত্তৰ বডো কছাৰী মংগোলীয় জনগোষ্ঠী। এই জনগোষ্ঠীটো অতি চহকী সাংস্কৃতিক পৰম্পৰাৰে সমৃদ্ধ এটা জনজাতীয় জনগোষ্ঠী। অসমৰ এই জনগোষ্ঠীটোৰ জনসংখ্যা প্ৰায় চাৰি লাখৰ ওচৰে পাজৰে। তেওঁলোক বিভিন্ন জিলাত সিঁচৰতি হৈ থকা বাবে সেই জিলাবোৰৰ লোকভাষা আৰু সংস্কৃতিৰ প্ৰভাৱো তেওঁলোকৰ ওপৰত পৰিছে। শৰণীয়া, ডেকা, কছাৰী, চৌধুৰী, দাস,, হাজৰিকা, আদি উপাধিৰে পৰিচিত শৰণীয়া কছাৰীসকলে হিন্দু ধৰ্মৰ সংস্পৰ্শলৈ আহি অসমীয়া ভাষাক মাতৃভাষাৰূপে গ্ৰহণ কৰিলেও নিজা দোৱান আছে। বিহুকেন্দ্ৰিক আৰু ধৰ্মীয় উৎসৱমূলক গীত-মাতত জনজাতীয় প্ৰভাৱ আংশিক পৰিমাণে হ’লেও ৰৈ গৈছে।২

উৎসৱ / অনুষ্ঠান

এওঁলোকৰ সাংস্কৃতিক পৰম্পৰাবোৰৰ মাজত আছে বিভিন্ন ধৰণৰ কৃষিমূলক ৰীতি-নীতিভিত্তিক উৎসৱ-অনুষ্ঠান, ধৰ্মকেন্দ্ৰিক সেৱামূলক অনুষ্ঠান, ভাদমহীয়া বাম্বোলপিটা বা হেপৰপিটা উৎসৱ, বাঁহ-গোসাঁই উৎসৱ আদি। ইয়াৰে বাঁহ-গোসাঁই উৎসৱ হ’ল ব’হাগ মাহৰ পৰম্পৰাগত লোক-উৎসৱ। আন উৎসৱ বিভিন্ন প্ৰসংগত বিভিন্ন সময়ত আয়োজন কৰা হয়।

শৰণীয়া কছাৰীসকলৰ জীৱনধাৰা কৃষিকৰ্ম আৰু লোকশিল্পকলাৰ সৈতে জড়িত। কছাৰীমূলীয় এই জনগোষ্ঠীটোৱে জনজাতীয় ধৰ্ম এৰি হিন্দু ধৰ্ম পৰম্পৰা গ্ৰহণ কৰি শৰণীয়া পৰিচিতি লাভ কৰাৰ পাছতো তেওঁলোকৰ লোকজীৱনৰ স্বকীয় সাংস্কৃতিক পৰম্পৰা অব্যাহত আছে। মূলতঃ বড়ো কছাৰী জনগোষ্ঠীৰ জীৱনধাৰাৰ সৈতে সম্পৰ্কিত শৰণীয়া কছাৰীসকলে যি সাংস্কৃতিক পৰম্পৰা পালন কৰে তাত কৃষি আৰু ঘৰুৱা শিল্পকৰ্মৰ সৈতে বাঁহে গুৰুত্ব লাভ কৰি আহিছে। সেয়ে শৰণীয়া কছাৰী বিহুৰ বিভিন্ন পৰম্পৰা আৰু পৰিৱেশন পদ্ধতিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অহাৰ উপৰিও বাঁহক মুখ্যস্থান দি ধৰ্মীয় পৰম্পৰাভিত্তিক বাঁহ-গোসাঁই উৎসৱ পালন কৰি আহিছে৷

শৰণীয়া কছাৰীসকলৰ মাজত চ’ত বিহুৰ অনেক পৰম্পৰা আছে। গৰু বিহুৰ দিনা গৰুক গা ধুৱাই নতুন পঘা পিন্ধোৱা, প্ৰথম ব'হাগৰ পৰা জ্যেষ্ঠজনে কনিষ্ঠ জনক আশীৰ্বাদ আৰু মৰম জনোৱা, কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ বিচৰা, আপোনজনক বিহুৱান উপহাৰ দিয়া, আত্মীয় আৰু শুভাকাংক্ষীৰ ঘৰলৈ গৈ বিহুৰ আপ্যায়ন গ্ৰহণ কৰা, হুঁচৰি আৰু বিহুমৰা আদি পৰম্পৰাও শৰণীয়া কছাৰীসকলৰ মাজত দেখা যায়। আন জনগোষ্ঠীৰ গাভৰুৰ দৰে শৰণীয়া কছাৰী গাভৰুসকলেও বিহুনাচ নাচে। তেওঁলোকৰ মেখেলা-চাদৰৰ ৰং সেউজীয়া, মেখেলা আৰু চাদৰৰ পাৰিবোৰ ৰঙা, বেঙুনীয়া, বগা আৰু হালধীয়া ৰঙৰ সংমিশ্ৰিত ফুলেৰে সজ্জিত। কিছুমান গাঁৱত কেঁচবছা চাদৰো ব্যৱহাৰ কৰা দেখা যায়। নাচনীৰ চোলাও সেউজীয়া ৰঙৰ। নাচনীয়ে হাতত গাম খাৰু, খোপাত কপৌফুল, ডিঙিত ঢোলবিৰি, জোনবিৰি আদি পৰিধান কৰে। আনহাতে নাচনী বা বিহুৱাই চুটিকৈ সেউজীয়া ৰঙৰ (কিছুমানে বগা ৰঙৰো) চুৰিয়া বা দীঘল গামোচা পৰিধান কৰে আৰু গাত মুগা, বগা বা সেউজীয়া ৰঙৰ হাতকটা বিহুচোলা পিন্ধি লয়। আন জনগোষ্ঠীৰ বিহুৱাৰ দৰেই শৰণীয়া কছাৰী জনগোষ্ঠীৰ বিহুৱাই মুৰত বগা বা সেউজীয়া ৰঙৰ বিহুৱান পিন্ধি বিহু মাৰে। শৰণীয়া কছাৰীসকলে বিহুৱানক ‘বিহান’ বুলি কয়। তাঁতশালত ফুলবছাৰ পৰম্পৰা থকা বাবে শৰণীয়া কছাৰী গাভৰু সকলে বাবৰিফুলীয়া, ভমকাফুলীয়া আদি ফুলবছা বিহুৱানবোৰ বৈ আপোনজনক উপহাৰ দিয়ে।

লোক-সংস্কৃতি

শৰণীয়া কছাৰী গাঁওবোৰৰ জীৱনযাত্ৰা আৰু সাংস্কৃতিক পৰম্পৰাৰ সৈতে নৈ আৰু জান-জুৰি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। মাছ মৰা পৰম্পৰা সৈতেও শৰণীয়া কছাৰীসকল ওতঃপ্ৰোতভাৱে জড়িত। তেওঁলোকৰ নিজস্ব দোৱানৰ আধাৰত গোৱা বিভিন্ন উৎসৱ-অনুষ্ঠান গীত-মাতত মাছ মৰা পৰম্পৰা আৰু নৈ-জানৰ উল্লেখ লক্ষ্য কৰিবলগীয়া বিষয়। শুদ্ধ আৰু মান্য অসমীয়া ভাষাত বিহুনাম গায় যদিও শৰণীয়া ডেকা-গাভৰুসকলে তেওঁলোকৰ ঘৰুৱা দোৱানতো বিহুনাম গায়। তেনে বিহুনামৰ বেছি ভাগেই ধেমেলীয়া জোৰানাম বা জাত নাম।

শৰণীয়া কছাৰী সমাজত ‘সোণামুৱা’ হ’ল মৰমৰ সম্বোধন। তেনেদৰে মাজনীৰ সলনি তেওঁলোকে গাভৰুক ‘মাইচেনা’ বুলি মাতে। বিহুৱানক ‘বিহান’ কোৱাৰ দৰে অসমৰ গামোচাক ‘মুকচা’ বুলি কয়। শৰণীয়া কছাৰী সমাজত ব’হাগ বিহুক কেন্দ্ৰকৰি প্ৰচলিত গীত-মাতত বৰপেটীয়া লোকভাষাৰ যথেষ্ট প্ৰভাৱ আছে। তদুপৰি কিছুমান গীত-মাতত তিৱা জনগোষ্ঠীসকলৰ লালিলাং গীতৰ প্ৰভাৱো লক্ষ্য কৰা যায়।

শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকবিশ্বাস আৰু পৰম্পৰা

প্ৰতিটো জনগোষ্ঠীৰে নিজ নিজ সংস্কৃতি, লোকবিশ্বাস আৰু পৰম্পৰা, আচাৰ-ব্যৱহাৰ আৰু লোকাচাৰ আদি অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকলৰ মাজতো তেনে কিছুমান লোকবিশ্বাস আৰু পৰম্পৰা আদি অতীজৰে পৰা প্ৰচলিত হৈ আহিছে।

গোঁসাই বাঁহ ফুৰোৱা উৎসৱ

গোঁসাই বাঁহ ফুৰোৱা উৎসৱ শৰণীয়া জনগোষ্ঠীৰ এটি অতি জনপ্ৰিয় লোক উৎসৱ। ই শৰণীয়া সমাজত পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আহিছে। গোঁসাই বাঁহ নামঘৰ, হৰি মন্দিৰ বা ব্যক্তিগত নামঘৰৰ পৰা আৰম্ভ কৰা হয়। ই এক প্ৰতীকধৰ্মী লোক উৎসৱ। গোঁসাই বাঁহক বিষ্ণু বা শিবৰ প্ৰতীক হিচাপে জ্ঞান কৰা হয়। ব’হাগ মাহৰ গৰু বিহুৰ দিনা শৰণীয়া জনগোষ্ঠীৰ ৰাইজে গোঁসাই বাঁহ সাজি উলিয়ায়। গঞা ৰাইজ নামঘৰত সমবেত হৈ, নামঘৰৰ দেউৰীজনে ঠগী দিয়াৰ পিছত ৰাইজে নিৰ্দ্ধাৰিত কৰি থোৱা বাঁহজুপিৰ পৰা পুৰঠ জাতি বাঁহ (মাকাল) এডাল কাটি আনে। এই বাঁহডাল ধুই পখালি, চুচি-চাঁচি পৰিষ্কাৰ কৰাৰ পিছত বগা কাপোৰৰ জামা পিন্ধাই দি তাৰ ওপৰত ‘ছোৱাৰ’, ৰুমাল, ফুলাম গামোছা আদি ৰচীৰে টানকৈ বান্ধি দিয়া হয়। ওপৰৰ পিনে কলডিল আকৃতিৰ ১০ বা ১২ ই‍ঞ্চি দীঘল পিতলৰ ‘চুলা’ লগাই তাত এটি সৰু টিলিঙা আঁৰি দি টিলিঙাটো চকুত নপৰাকৈ ফুলৰ মালাৰে ঢাকি দিয়া হয়। নামঘৰ বা হৰি মন্দিৰ ভিতৰত ঢোল, তাল, শঙ্খ, ঘণ্টা, বৰকাঁহ আদি বজাই এই পৰ্ব আৰম্ভ কৰা হয়। প্ৰথমে গাঁওবুঢ়া বা মুৰব্বী মানুহৰ ঘৰলৈ নি তাৰ পিছত গাঁৱৰ প্ৰতিঘৰ মানুহৰ পদূলিৰে পৰিভ্ৰমণ কৰোৱা হয়। জনবিশ্বাস মতে, এই পূজা শ্ৰদ্ধাৰে ভক্তিৰে কৰিলে কৃষিকাৰ্যত কোনো বিঘিণি নঘটে, খেতি-বতি নদন-বদন হয়, মনোবাঞ্চা পূৰণ হয়।

ঠগী সই থোৱা

কোনো ব্যক্তিৰ গাত যদি গোঁসায়ে ধৰে বা অপদেৱতাই লম্ভে তেন্তে সেই ব্যক্তিজনৰ নামত গোঁসাইলৈ এখন ঠগী থোৱা হয় বা মানস কৰা হয়। গোঁসায়ে ধৰা ব্যক্তিজন আৰোগ্য হোৱাৰ পিছত এটা নিৰ্দিষ্ট দিনত গোঁসাইলৈ ঠগীখন আগবঢ়োৱা হয়। শৰণীয়া কছাৰী সকলৰ মাজত প্ৰচলিত লোকবিশ্বাস অনুসৰি বহুকেইজন গোঁসাই (গোঁহাই) বা দেৱতা আছে যেনেঃ ঘৰ গোঁসাই (লোকবিশ্বাস মতে, প্ৰতিঘৰ শৰণীয়া কছাৰীৰে ঘৰত নিজা নিজা আৰধ্য গোঁসাই থাকে, এই গোঁসাইজনক ঘৰ গোঁসাই বোলে।), গোপাল গোঁসাই (শৰণীয়া কছাৰীসকলে গোঁহালিৰ গৰু ভালে কুশলে থাকিবলৈ বা গৰুৰ বেমাৰ হ’লে এই গোঁসাইলৈ এখন ঠগী বা কল এথোক সই থয়), জল দেৱতা (জল দেৱতাই লম্ভিলেও ঠগী থোৱা হয়, জল দেৱতাৰ ঠগীত কণী (ডিমা), নয়নতৰা (কাথন্দা) ফুল, সেন্দূৰৰ দৰকাৰ)।

শঠা তোলা

শৰণীয়া কছাৰী লোক সকলৰ পৰিয়াল কাৰোবাৰ ডাঙৰ বেমাৰ হ’লে শঠা তোলে। শঠা তোলাক সই থোৱাৰে নামান্তৰ বুলিব পাৰি যদিও শঠা তোলাত কিছুমান উপৰেঞ্চি নিয়ম মানি চলা হয়। শঠা তোলাৰ লগতে কোনো কোনোৱে গোঁসাই বা দেৱতালৈ বেমাৰীজনৰ নামত পঠা ছাগলী, হাঁহ-পাৰ, মূৰ্গী আদি সই থয় বা মানস কৰে। ব্যক্তিজন আৰোগ্য হোৱাৰ পিছত এটা নিৰ্দিষ্ট দিনত গোঁসাইলৈ শঠাটো আগবঢ়োৱা হয় (সই থোৱা বস্তুবোৰ (ছাগলী, হাঁহ-পাৰ, মূৰ্গী আদি) বলি হিচাপে দেৱ-দেৱীৰ উদ্দেশ্যে আগবঢ়োৱা হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ DeLancey, Scott (2012). Hyslop, Gwendolyn; Morey, Stephen; w. Post, Mark (eds.). "On the Origin of Bodo-Garo". Northeast Indian Linguistics. 4: 3–20. doi:10.1017/UPO9789382264521.003. ISBN 9789382264521.
  2. ↑ শৰণীয়া কছাৰী জনগোষ্ঠীৰ ৰঙালী বিহুৰ পৰম্পৰা আৰু বাঁহ-গোসাঁই উৎসৱ, ইছমাইল হোছেইন, (প্ৰান্তিক-৩২শ বছৰ ১০ম সংখ্যা ১৬-৩০ এপ্ৰিল/২০১৩)

সম্পৰ্কিত শ্ৰেণী

অসমৰ জনগোষ্ঠীকছাৰী জনগোষ্ঠী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৰণীয়া কছাৰী” প্ৰবন্ধৰ সংশোধন ৫৫০১১১ (১১ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।