অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আন্তঃৰাষ্ট্ৰীয় বিধৱা দিৱস

আন্তঃৰাষ্ট্ৰীয় বিধৱা দিৱস হৈছে "বহু দেশত লাখ লাখ বিধৱা আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকে সম্মুখীন হোৱা দৰিদ্ৰতা আৰু অন্যায়"ৰ সমাধানৰ বাবে ৰাষ্ট্ৰসংঘৰ অনুমোদিত কাৰ্যসূচী। প্ৰতি বছৰে ২৩ জুনত এই দিৱস পালন কৰা হয়।

হালনাগাদ: ৭ মাৰ্চ ২০২৬ ২৪৯ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

আন্তঃৰাষ্ট্ৰীয় বিধৱা দিৱস হৈছে "বহু দেশত লাখ লাখ বিধৱা আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকে সম্মুখীন হোৱা দৰিদ্ৰতা আৰু অন্যায়"ৰ সমাধানৰ বাবে ৰাষ্ট্ৰসংঘৰ অনুমোদিত কাৰ্যসূচী।১ প্ৰতি বছৰে ২৩ জুনত এই দিৱস পালন কৰা হয়।

বিধৱাৰ বিষয়টোৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে দ্য লুম্বা ফাউণ্ডেচনে আন্তঃৰাষ্ট্ৰীয় বিধৱা দিৱস স্থাপন কৰিছিল। ২৩ জুন তাৰিখৰ তাৎপৰ্য হ'ল ১৯৫৪ চনৰ সেইদিনা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক লৰ্ড লুম্বাৰ মাতৃ শ্ৰীমতী পুষ্প ৱাতি লুম্বা বিধৱা হৈছিল।২ ফাউণ্ডেশ্যনৰ এটা লক্ষ্য হৈছে ই যিটোক অদৃশ্য দুৰ্যোগ বুলি বৰ্ণনা কৰিছে তাক তাৰ বিপৰীতে উজ্জ্বল কৰি তোলা। ২০১০ চনত প্ৰকাশিত এখন কিতাপ ইনভিজিবল, ফৰ্গটেন ছাফাৰাৰ্ছ: দ্য প্লাইট অৱ উইড'জ এৰাউণ্ড দ্য ৱৰ্ল্ডত অনুমান কৰা হৈছে যে বিশ্বজুৰি ২৪.৫ কোটি বিধৱা আছে, ইয়াৰে ১১.৫ কোটি বিধৱা দৰিদ্ৰতাত জীৱন কটায় আৰু তেওঁলোকে কেৱল স্বামী হেৰুৱাৰ বাবেই সামাজিক কলংক আৰু অৰ্থনৈতিক বঞ্চনাৰ সম্মুখীন হৈছে।৩ লুম্বা ফাউণ্ডেশ্যনৰ সজাগতা অভিযানৰ অংশ হিচাপে এই অধ্যয়ন ২০১০ চনৰ ২২ জুনত ৰাষ্ট্ৰসংঘৰ মহাসচিব বান কি-মুনৰ ওচৰত উপস্থাপন কৰা হৈছিল।৪

২০০৫ চনত প্ৰথম আন্তঃৰাষ্ট্ৰীয় বিধৱা দিৱস অনুষ্ঠিত হয় আৰু ইয়াক লৰ্ড লুম্বা আৰু ফাউণ্ডেশ্যনৰ সভানেত্ৰী চেৰী ব্লেয়াৰে আৰম্ভ কৰে।৫ ২০১০ চনৰ ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় বিধৱা দিৱসৰ ভিতৰত ৰুৱাণ্ডা, শ্ৰীলংকা, আমেৰিকা, ব্ৰিটেইন, নেপাল, ছিৰিয়া, কেনিয়া, ভাৰত, বাংলাদেশ আৰু দক্ষিণ আফ্ৰিকাত অনুষ্ঠান অনুষ্ঠিত হয়।৬

ৰাষ্ট্ৰসংঘৰ স্বীকৃতি

২০১০ চনৰ ২১ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২৩ জুন তাৰিখক আন্তৰ্জাতিক বিধৱা দিৱস হিচাপে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে আৰু গেবনৰ ৰাষ্ট্ৰপতি আলী বংগো অণ্ডিম্বাই উত্থাপন কৰা প্ৰস্তাৱক সৰ্বসন্মতিক্ৰমে সমৰ্থন কৰে।৭ ২৩ জুনক আনুষ্ঠানিকভাৱে পালনৰ দিন হিচাপে স্বীকৃতি দিয়াৰ লগতে সংলগ্ন প্ৰস্তাৱটোৱে "সদস্য ৰাষ্ট্ৰ, ৰাষ্ট্ৰসংঘৰ ব্যৱস্থা আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক সংস্থাসমূহক বিধৱা আৰু তেওঁলোকৰ সন্তানৰ পৰিস্থিতিৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈ" আহ্বান জনায়।৮

তথ্যসূত্ৰ

  1. ↑ International Widows Day profile, theloombafoundation.org; accessed 31 May 2015
  2. ↑ Shrimati Pushpa Wati Loomba profile, bbc.co.uk; accessed 31 May 2015
  3. ↑ Invisible, Forgotten Sufferers: The Plight of Widows Around the World infp, Daily News and Analysis; accessed 31 May 2015
  4. ↑ 115 million widows live in poverty – Loomba Foundation, hindustantimes.com; accessed 31 May 2015
  5. ↑ first International Widows Day (2005), bbc.co.uk; accessed 31 May 2015
  6. ↑ February 7th is International Widowers DayLoomba Foundation website, theloombafoundation.org; accessed 31 May 2015
  7. ↑ UN General Assembly adoption of International Widows Day, articles.timesofindia.indiatimes.com; accessed 31 May 2015
  8. ↑ UN General Assembly adoption of International Widows Day, un.org; accessed 31 May 2015

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তঃৰাষ্ট্ৰীয় বিধৱা দিৱস” প্ৰবন্ধৰ সংশোধন ৫৮৫৮০৩ (৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।