অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

অষ্ট্ৰেলিয়াৰ নাৰী

অষ্ট্ৰেলিয়াৰ মহিলাসকলৰ (Women in Australia) জৰিয়তে অষ্ট্ৰেলিয়াত মহিলাৰ জনগাঁথনিগত আৰু সাংস্কৃতিক উপস্থিতিক বুজোৱা হৈছে। অষ্ট্ৰেলিয়াৰ মহিলাসকলে দেশখনৰ উন্নয়নত যথেষ্ট অৰিহণা যোগাইছে আৰু সেই অৰিহণা বহু ক্ষেত্ৰতে দেখিবলৈ পোৱা গৈছে।

হালনাগাদ: ৩০ মাৰ্চ ২০২৪ ৫৮৬ শব্দ · ৩ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

অষ্ট্ৰেলিয়াৰ মহিলাসকলৰ (Women in Australia) জৰিয়তে অষ্ট্ৰেলিয়াত মহিলাৰ জনগাঁথনিগত আৰু সাংস্কৃতিক উপস্থিতিক বুজোৱা হৈছে। অষ্ট্ৰেলিয়াৰ মহিলাসকলে দেশখনৰ উন্নয়নত যথেষ্ট অৰিহণা যোগাইছে আৰু সেই অৰিহণা বহু ক্ষেত্ৰতে দেখিবলৈ পোৱা গৈছে। ঐতিহাসিকভাৱে অষ্ট্ৰেলিয়াৰ সংস্কৃতিত পুৰুষতান্ত্ৰিক পক্ষপাতিত্বই আধিপত্য বিস্তাৰ কৰিছে।১ ১৯৮৪ চনৰ পৰা লিংগ বৈষম্য আইন ১৯৮৪ (Cth) য়ে সমগ্ৰ অষ্ট্ৰেলিয়াতে কৰ্ম, থকাৰ ব্যৱস্থা, শিক্ষা, সামগ্ৰী, সুবিধা আৰু সেৱাৰ ব্যৱস্থা, কমনৱেলথৰ আইন আৰু কাৰ্যসূচী, ক্লাবৰ কাৰ্যকলাপ আৰু প্ৰশাসনকে ধৰি একাধিক ক্ষেত্ৰত যৌন বৈষম্য নিষিদ্ধ কৰিছে যদিও কিছুমান অৱশিষ্ট বৈষম্য এতিয়াও দৃশ্যমান হৈ আছে।

২০১৭ চনত নিউ ৱৰ্ল্ড ৱেলথ গৱেষণা গোটে অষ্ট্ৰেলিয়াক মহিলাৰ বাবে বিশ্বৰ আটাইতকৈ সুৰক্ষিত দেশ হিচাপে স্থান দিছিল।২

প্ৰজনন অধিকাৰ আৰু স্বাস্থ্য

১৯৬৯ চনলৈকে অষ্ট্ৰেলিয়াত গৰ্ভপাত সকলো পৰিস্থিতিতেই অবৈধ আছিল৷ কিন্তু আৰ বনাম ডেভিডছন গোচৰৰ ৰায়দানত কোৱা হৈছিল যে যদিহে মহিলাগৰাকীৰ শাৰীৰিক বা মানসিক স্বাস্থ্য বা জীৱন বিপন্ন হয় তেন্তে গৰ্ভপাত বৈধ বুলি ক'ব পাৰি।৩ সেই নীতি সমগ্ৰ অষ্ট্ৰেলিয়াতে গ্ৰহণযোগ্য হৈ পৰিছে। ২০১৯ চনৰ হিচাপত দক্ষিণ অষ্ট্ৰেলিয়াৰ বাহিৰে অষ্ট্ৰেলিয়াৰ সকলো ৰাজ্য আৰু অঞ্চলতে প্ৰয়োজনানুসৰি গৰ্ভপাত কৰাটো বৈধ।৪৫ অনুমান কৰা হৈছে যে অষ্ট্ৰেলিয়াৰ এক চতুৰ্থাংশৰ পৰা এক তৃতীয়াংশ মহিলাই তেওঁলোকৰ জীৱনকালত গৰ্ভপাত কৰে৷৬ গৰ্ভপাতৰ অধিকাৰৰ প্ৰতি জনসাধাৰণৰ প্ৰবল সমৰ্থন আছে।৭

২০১৭ চনৰ এক অধ্যয়ন অনুসৰি অষ্ট্ৰেলিয়াত স্বাস্থ্যজনিত যত্ন ৰেহাই পোৱাৰ পিছত গৰ্ভপাতৰ বাবে গড় খৰচ হয় ৫৬০ ডলাৰ৷ কিছুমান মহিলাই ভ্ৰমণ, থকাৰ ব্যৱস্থা, জিপি ৰেফাৰেল, হেৰুৱা মজুৰি, শিশুৰ যত্ন আৰু চিকিৎসা পৰীক্ষাৰ পৰাও অতিৰিক্ত খৰচ বহন কৰে। সমীক্ষাত অংশগ্ৰহণ কৰা ৩৪% মহিলাই গৰ্ভপাতৰ বাবে ধন দিয়াটো কঠিন বা অতি কঠিন বুলি কয়।৮ অষ্ট্ৰেলিয়াত ২০১৫ চনলৈকে মাতৃৰ মৃত্যুৰ হাৰ আছিল ৫.৫ মৃত্যু/১ লাখ জীৱিত জন্ম।৯

২০১৪ চনৰ হিচাপত অষ্ট্ৰেলিয়াত জন্ম হোৱা শিশু/মহিলাৰ মুঠ প্ৰজনন হাৰ (TFR) আছিল: ২.১ সন্তান জন্ম/মহিলা।১০টিএফআৰৰ সৰ্বনিম্ন স্তৰ আছিল ২০০১ চনত: ১.৭৪৷ ১৯৬১ চনত সেই হাৰ অভিলেখসূচক সৰ্বোচ্চ ৩.৫৫ হৈছিলগৈ।১১ ১৯৭৬ চনৰ পৰা ভ্ৰুণৰ অস্বাভাৱিকতাৰ বাবে গৰ্ভাৱস্থা বন্ধ কৰাৰ হাৰ(TFA)প্ৰতিস্থাপনৰ স্তৰৰ তলত আছে।১০

ৰাজনীতিত

১৯০২ চনত ফেডাৰেল নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অধিকাৰ পোৱাৰ পিছতো১২ ১৯২১ চনত পশ্চিম অষ্ট্ৰেলিয়াৰ বিধানসভালৈ এডিথ কোৱান নিৰ্বাচিত নোহোৱালৈকে অষ্ট্ৰেলিয়াৰ ৰাজনীতিত প্ৰথম ২০ বছৰ মহিলাৰ কোনো উপস্থিত নাছিল৷ ১৩ অষ্ট্ৰেলিয়াৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী জুলিয়া গিলাৰ্ডক ২০১০ চনত নিযুক্তি দিয়া হয়।১৪১৫

১৯৭০ চনৰ পৰা সংসদত মহিলাসকলে ক্ৰমান্বয়ে প্ৰতিনিধিত্ব লাভ কৰিছে। ২০১০ চনত ছিডনীত মহিলাসকলে তেওঁলোকৰ ওপৰৰ প্ৰতিটো পদবীত থকাৰ দৰে উদাহৰণ থকাৰ পিছতো (লৰ্ড মেয়ৰ হিচাপে ক্লভাৰ মূৰ, নিউ চাউথ ৱেলছৰ প্ৰধানমন্ত্ৰী হিচাপে ক্ৰীষ্টিনা কেনেলী, নিউ চাউথ ৱেলছৰ গৱৰ্ণৰ হিচাপে মেৰী বাছিৰ, প্ৰধানমন্ত্ৰী হিচাপে জুলিয়া গিলাৰ্ড, গৱৰ্ণৰ হিচাপে কুৱেণ্টিন ব্ৰাইছ -অষ্ট্ৰেলিয়াৰ জেনেৰেল আৰু অষ্ট্ৰেলিয়াৰ ৰাণী হিচাপে দ্বিতীয় এলিজাবেথ)১২ তেওঁলোক এতিয়াও ফেডাৰেল সংসদত সংখ্যালঘু হৈ আছে৷ ২০২১ চনলৈকে তেওঁলোকৰ সংখ্যা ৩৭.৯% (হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছত ৩১.১% আৰু চেনেটত ৫১.৩%),১৬ পূৰ্বৰ নিৰ্বাচনৰ তুলনাত ৫.৯% বৃদ্ধি।১৭

১৯৬৫ চনত দক্ষিণ অষ্ট্ৰেলিয়াৰ ৩৮ সংখ্যক এটৰ্নী জেনেৰেল ডন ডানষ্টানৰ পৰামৰ্শ অনুসৰি ডেম ৰোমা মিচেলক দক্ষিণ অষ্ট্ৰেলিয়াৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়।১৮ ১৯৮৩ চনত ১৮ বছৰৰ পাছত অৱসৰ লোৱাৰ সময়ত তেওঁ এতিয়াও দক্ষিণ অষ্ট্ৰেলিয়াৰ একমাত্ৰ মহিলা ন্যায়াধীশ আছিল যদিও ন্যায়াধীশ এলিজাবেথ ইভাট আৰু মেৰী গ’ড্ৰনক হুইটলেম চৰকাৰে ফেডাৰেল আদালতত নিযুক্তি দিছিল। ১৯৯৩ চনতহে আদালতত দ্বিতীয়গৰাকী মহিলা নিযুক্তি দিয়া হয়৷ তেওঁ হৈছে মিচেলৰ প্ৰাক্তন ছাত্ৰী মাৰ্গাৰেট নাইলেণ্ড।

লিংগ সমতা

১৯ শতিকাৰ শেষৰ ফালে বিবাহিত মহিলাসকলে প্ৰথমে নিজৰ সম্পত্তি ৰখা, মোকৰ্দমা কৰা, চুক্তিবদ্ধ হোৱা, দেউলীয়া আইনৰ অধীনত থকা, বিবাহৰ পূৰ্বে চুক্তিবদ্ধ হোৱা ঋণৰ বাবে দায়বদ্ধ হোৱা আৰু সন্তানৰ ভৰণ-পোষণৰ বাবে দায়বদ্ধ হোৱাৰ অধিকাৰ লাভ কৰিছিল। অবিবাহিত মহিলাৰ যি অধিকাৰ আছে, সেই অধিকাৰ বিবাহিতসকলেও লাভ কৰিছিল। ভিক্টোৰিয়াই ১৮৮৪ চনত বিবাহিত মহিলাৰ সম্পত্তি আইন, ১৮৭৯ চনত নিউ চাউথ ৱেলছ আৰু বাকী ৰাজ্যসমূহে ১৮৯০–৯৭ চনৰ ভিতৰত গৃহীত কৰে।

বৃহৎ সংখ্যক উদ্যোগত মহিলাক নিয়োগ কৰাৰ ক্ষেত্ৰত বিবাহ প্ৰতিবন্ধক প্ৰযোজ্য হৈছিল। ১৯০২ চনৰ কমনৱেলথ পাব্লিক চাৰ্ভিচ আইন অনুসৰি প্ৰতিগৰাকী মহিলা বিষয়াক "বিবাহৰ পিছত কমনৱেলথ সেৱাৰ পৰা অৱসৰ লোৱা বুলি গণ্য কৰা হয়"।১৯২০ কমনৱেলথ লোকসেৱাত অ-সচিবালয়ৰ পদৰ পৰা অতি বৃহৎ সংখ্যক মহিলাক ফলপ্ৰসূভাৱে বাধা দিয়া হৈছিল। ১৯৪৯ চনত মহিলাসকলক সেৱাৰ কেৰাণী বিভাগত প্ৰৱেশৰ অনুমতি দিয়া হয়। ১৯৬৬ চনৰ নৱেম্বৰ মাহত অষ্ট্ৰেলিয়া আছিল শেষ গণতান্ত্ৰিক দেশ যিয়ে বিবাহিত মহিলাসকলক জনসেৱাত স্থায়ী পদত অধিষ্ঠিত কৰিব নোৱাৰা আইন প্ৰণয়ন কৰা বিবাহ প্ৰতিবন্ধক উঠাই লৈছিল।১৯

তথ্যসূত্ৰ

  1. ↑ Schaffer, Kay. (1988). Women and the Bush: Forces of Desire in the Australian Cultural Tradition. Cambridge University Press. পৃ. 5–7. ISBN 978-0521368162
  2. ↑ Australia, Chris Pash, Business Insider. The 10 safest countries in the world for women. Business Insider
  3. ↑ (18 January 2018). Australian Abortion Law. Children by Choice
  4. ↑ (2019-09-26). Abortion decriminalised in NSW after marathon debate. The Guardian. Australian Associated Press
  5. ↑ Adelaidenow.com.au · Subscribe to The Advertiser for exclusive stories. www.adelaidenow.com.au
  6. ↑ Willis, Olivia. (26 May 2018). Is abortion legal in Australia? It's complicated. ABC News
  7. ↑ de Crespigny, Lachlan J; Wilkinson, Dominic J; Douglas, Thomas. (5 July 2010). Australian attitudes to early and late abortion. The Medical Journal of Australia. পৃ. 9–12
  8. ↑ Shankar, Mridula; Black, Kirsten I; Goldstone, Philip. (22 January 2017). Access, equity and costs of induced abortion services in Australia: a cross‐sectional study. Australian and New Zealand Journal of Public Health. পৃ. 309–314
  9. ↑ Global, regional, and national levels of maternal mortality, 1990–2015: a systematic analysis for the Global Burden of Disease Study 2015. October 8, 2016. The Lancet. Volume 388. 1775–1812. See table of countries on page 1784 of the PDF
  10. ↑ (2014). Fertility Rates 2014. Australian Bureau of Statistics
  11. ↑ Number of births and fertility rate. Australian Institute of Family Studies
  12. ↑ (4 December 2007). Women in Political Arena. Australian Electoral Commission
  13. ↑ Edith Cowan (1861–1932). Reserve Bank of Australia Banknotes
  14. ↑ Kerr, Christian; Franklin, Matthew. (24 June 2010). Julia Gillard 'honoured' to become prime minister as Kevin Rudd stands aside. The Australian. News Limited
  15. ↑ Coorey, Phillip; Lester, Tim. (24 June 2010). Gillard becomes Australia's first female prime minister as tearful Rudd stands aside. The Sydney Morning Herald
  16. ↑ Hough, Anna. (2021-06-08). Composition of Australian parliaments by party and gender: a quick guide. Australian Parliament House
  17. ↑ Hough, Anna. (25 August 2016). The gender composition of the 45th parliament. Parliament of Australia
  18. ↑ Margarey, Susan. (1 April 2008). Dame Roma Mitchell's Unmentionables: Sex, Politics and Religion. History Australia. পৃ. 12.1–12.20
  19. ↑ Sawer, Marian. (2004). Women and Government in Australia. Australian Bureau of Statistics
  20. ↑ Australian Public Service Commission. The Appendixes: Salary, severance benefits and miscellaneous leave. Australian Public Service Commission

সম্পৰ্কিত শ্ৰেণী

দেশভেদে নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অষ্ট্ৰেলিয়াৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৪১৫৯৯৫ (৩০ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।