অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়

ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় (Rangia Higher Secondary School) ৰঙিয়াত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন ১৯৩৬ চনত স্থাপিত হৈছিল। ই ৰঙিয়া চহৰৰ সোমাজত মহাত্মা গান্ধী পথত অৱস্থিত। এই বিদ্যালয়ত বৰ্তমান প্ৰায় ৬৭জন শিক্ষক-শিক্ষয়িত্ৰী আৰু ১২৮৬জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে।

হালনাগাদ: ৭ ডিচেম্বৰ ২০২৩ ৬৩১ শব্দ · ৪ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় (Rangia Higher Secondary School) ৰঙিয়াত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন ১৯৩৬ চনত স্থাপিত হৈছিল। ই ৰঙিয়া চহৰৰ সোমাজত মহাত্মা গান্ধী পথত অৱস্থিত। এই বিদ্যালয়ত বৰ্তমান প্ৰায় ৬৭জন শিক্ষক-শিক্ষয়িত্ৰী আৰু ১২৮৬জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে। আদি অৱস্থাত এই বিদ্যালয়খন কেৱল ল'ৰাৰ বাবে আছিল বাবে "ৰঙিয়া ল'ৰা হাইস্কুল" বুলিলে ইয়াকে বুজোৱা হয়।

ইয়াৰে শিক্ষাৰ মাধ্যম হৈছে অসমীয়া। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়। আনহাতে, দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত Higher Secondary School Leaving Certificate পৰীক্ষাত অৱতীৰ্ণ হয়।

ইতিহাস

লঘণুৰাম মাইনৰ স্কুল

১৯১৭ ইং চনৰ ৫ জানুৱাৰী তৰিখে ৰঙিয়াৰ কেইজনমান ব্যক্তিৰ প্ৰচেষ্টাত ৰাইজৰ পৰা দান বৰঙণি সংগ্ৰহেৰে ৺ লঘণুৰাম চৌধুৰীৰ নামেৰে লঘণুৰাম মাইনৰ স্কুল বুলি এখন মাইনৰ স্কুল স্থাপন হয়। উল্লেখযোগ্য যে ৺লঘণুৰাম চৌধুৰীদেৱে স্কুল খনৰ বাবে ১০০০ টকা দান দিছিল আৰু পৰিচালনা সমিতিৰো তেখেত সম্পাদক আছিল। ৺বিভৱ চন্দ্ৰ মজুমদাৰক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্ব দিয়া হৈছিল। কিন্তু তেওঁ উচ্চ শিক্ষাৰ্থে আন ঠাইলৈ গুচি যোৱাত ৺শান্তিৰাম লহকৰক প্ৰধান শিক্ষকৰ দায়িত্ব দিয়া হয়। স্বাধীনতা আন্দোলনত লহকৰদেৱে কাৰাবৰণ কৰিবলগীয়া হোৱাত প্ৰধান শিক্ষকৰ দায়িত্ব লাভ কৰে ৺গোপীকান্ত কলিতাদেৱে। ১৯২৫ চনত ৺মোহন চন্দ্ৰ চৌধুৰীদেৱে প্ৰধান শিক্ষকৰ পদত যোগদান কৰি মাইনৰ স্কুলখন হাইস্কুললৈ উন্নীত হোৱালৈ উক্ত পদত কাৰ্যনিৰ্বাহ কৰি থাকে।

ৰঙিয়া হাইস্কুল

১৯৩৬ চনত সাধাৰণ সভাৰ প্ৰস্তাৱ মৰ্মে মাইনৰ স্কুল খনক সুকীয়াকৈ হাইস্কুল আৰু হাইমাদ্ৰাছা লৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এইক্ষেত্ৰত ৺মোহন চন্দ্ৰ চৌধুৰী, ৺লক্ষ্মীৰাম চৌধুৰী আৰু ৺সিদ্ধীনাথ শৰ্মাৰ অৱদান আছিল উল্লেখযোগ্য। ৺মুক্তাৰাম কলিতা দেৱক প্ৰধান শিক্ষক হিচাপে লৈ হাইস্কুলত ১৯৩৬ ইং চনৰ ৩ মাৰ্চ তাৰিখে পাঠদান আৰম্ভ হয়; একে তাৰিখতে ৺নুৰুদ্দিন আহমেদৰ নেতৃত্বত হাইমাদ্ৰাছাতো শিক্ষাদান আৰম্ভ হয়। মাদ্ৰাছাখন বৰ্তমানৰ ঠাইতে আৰু হাইস্কুলখন চলোৱা হৈছিল তদানীন্তন বালিকা বিদ্যালয়ত। ১৯৩৭ চনত দুয়োখন বিদ্যালয় পুনৰ একত্ৰীকৰণ হোৱাত বিদ্যালয়খন ৰঙিয়াৰ প্ৰাইমাৰী মোক্তাবত চলোৱাৰ ব্যৱস্থা কৰা হয়। ৺চিদানন্দ ভট্টচাৰ্য্যৰ ঘৰটো কেইদিনমান বিদ্যালয়ৰ পাঠদানৰ ব্যৱস্থা কৰা হৈছিল। ৺লঘণুৰাম চৌধুৰীৰ পুত্ৰ ৺লক্ষ্মীৰাম চৌধুৰীয়ে বিদ্যালয়লৈ ২৫০০ টকাৰ অনুদান এটি আগবঢ়াইছিল যদিও দুৰ্ভাগ্যবশত: তেখেত মানসিক ভাৱে বিকাৰগ্ৰস্ত হোৱাত ভায়েকহঁতেও অনুদান দিবলৈ অপৰাগ হোৱাত বিদ্যালয়খনৰ নাম লঘণুৰাম হাইস্কুলৰ পৰিৱৰ্তে ৰঙিয়া হাইস্কুল ৰখা হয়।

হাইস্কুল আৰু হাইমাদ্ৰাছা পৃথক্কৰণ

Dhaka Board of Intermediate And Secondary Education ৰ নিৰ্দেশ মৰ্মে দুয়োখন বিদ্যালয়ৰ সুকীয়া মেনেজিং কমিটি, শিক্ষক তথা পুঁজিৰ ব্যৱস্থা নহ'লে হাইমাদ্ৰাছা শাখাক অনুমতি দিয়া নহ'ব বুলি কোৱা হ'ল। ফলত ১৯৪৫ চনৰ ১২ জুলাইত হাইমাদ্ৰাছাৰ বাবে সুকীয়া মেনেজিং কমিটিৰ গঠন কৰা হয় আৰু ১৯৪৭ চনত হাইমাদ্ৰাছাখন সুকীয়াকৈ গঢ়ি তোলা হয়। আনহাতে ১৯৪৮ চনৰ মে' মাহত মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ দেৱে হাইস্কুল খনৰ শুভ উদ্বোধন কৰে।

উচ্চতৰ মাধ্যমিক শ্ৰেণী যোগ

১৯৭৮ চনত প্ৰধান শিক্ষক ৺যোগেন্দ্ৰ নাথ কলিতা আৰু ৰঙিয়া পৌৰ সভাৰ দুই প্ৰাক্তন পৌৰপতি ৺দুৰ্গাদত্ত আগৰৱালা আৰু ৺নিকুঞ্জলাল চৌধুৰীৰ নেতৃত্বত চৰকাৰৰ লগত বহু যুঁজ-বাগৰ কৰি ৰঙিয়া হাইস্কুলত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত ১৯৮২ চনত কলা শাখাৰ প্ৰৱৰ্তন কৰা হয়। সম্প্ৰতি বিজ্ঞান, কলা শাখাৰ বাহিৰেও বাণিজ্য শাখাও খোলা হৈছে।

বৰ্তমান

ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমান হাইস্কুলৰ ভাগটো ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ পাঁচটা শ্ৰেণীৰে গঠিত। প্ৰতিটো শ্ৰেণীৰে দুটাকৈ শাখা আছে। আনহাতে উচ্চতৰ মাধ্যমিকৰ ভাগটো কলা, বিজ্ঞান আৰু বাণিজ্য এই তিনিওটা শাখাৰে গঠিত। ৰঙিয়াৰ অতিব্যস্ত মহাত্মা গান্ধী পথত অৱস্থিত বিদ্যালয়খনৰ উত্তৰ দিশে এই পথটো, পূবে জৱাহৰলাল নেহৰু শিশু বিদ্যালয় আৰু পশ্চিম আৰু দক্ষিণে আৱাসিক অঞ্চল আছে। চৌহদৰ ভিতৰত ভালেমান গছ-গছনিৰ উপৰিও মৎস্য পালনৰ বাবে এটি পুখুৰীও আছে।

প্ৰধান শিক্ষক আৰু অধ্যক্ষ সকল

প্ৰধান শিক্ষক

  • ৺বিভৱ চন্দ্ৰ মজুমদাৰ (মাইনৰ স্কুল; ১৯১৭-)
  • ৺শান্তিৰাম লহকৰ (মাইনৰ স্কুল)
  • ৺গোপীকান্ত কলিতা (মাইনৰ স্কুল)
  • ৺মোহন চন্দ্ৰ চৌধুৰী (মাইনৰ স্কুল; ১৯২৫-৩৬)
  • ৺মুক্তাৰাম কলিতা (১৯৩৬-৩৯)
  • ৺প্ৰাণেশ্বৰ শৰ্মা (হাইস্কুল; ১৯৩৯-৬৮)
  • ৺যোগেন্দ্ৰ নাথ কলিতা (১৯৭৮)

অধ্যক্ষ

  • পৰেশ চন্দ্ৰ দত্ত (১৯৮৯-৯৪)
  • পবিন ডেকা (১৯৯৪-৯৬)
  • উপেন দত্ত (১৯৯৬-২০০৬)
  • প্ৰতিমা শইকীয়া গগৈ (মাৰ্চ-অক্টোবৰ,২০০৬)
  • গিৰিজানন্দ ভট্টচাৰ্য্য
  • দ্ৰোণকান্ত গগৈ
  • দীপক কলিতা

বিদ্যালয়ৰ প্ৰসিদ্ধ ছাত্ৰ-ছাত্ৰীসকল

  • ৺সিদ্ধিনাথ শৰ্মা (মুক্তিযুঁজাৰু, প্ৰাক্তন মন্ত্ৰী)
  • ৺কামিনী মোহন শৰ্মা (মুক্তিযুঁজাৰু, প্ৰাক্তন বিধায়ক, আন্ত:ৰাষ্ট্ৰীয় চি পি আই নেতা)
  • ৺মানবেন্দ্ৰ শৰ্মা (প্ৰাক্তন বিধায়ক)
  • ড॰ দীনেশ চন্দ্ৰ গোস্বামী (বিশিষ্ট বিজ্ঞানী, যোৰহাট আঞ্চলিক গৱেষণাগাৰৰ প্ৰাক্তন সঞ্চালক)
  • উপেন বড়ো (আই এফ এচ, ৰাষ্ট্ৰ্দূত)
  • ভুৱনেশ্বৰ কলিতা (সাংসদ, প্ৰাক্তন মন্ত্ৰী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি)
  • থানেশ্বৰ বড়ো(প্ৰাক্তন মন্ত্ৰী)
  • অনন্ত ডেকা (প্ৰাক্তন বিধায়ক, চি পি আই এমৰ জ্যেষ্ঠ নেতা)
  • কুলধৰ শইকীয়া (অসম আৰক্ষীৰ সঞ্চালক প্ৰধান)
  • হিতেন কলিতা (প্ৰসিদ্ধ চিকিৎসক)

তথ্যসূত্ৰ

  • প্ৰীতিবন্ধন, ২০০৯ চনত হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ প্ৰাতি সমাৰোহৰ স্মৃতিগ্ৰন্থ

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৯৫৪৩১ (৭ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।