আখুনি (Axone) হৈছে মূলতঃ নাগালেণ্ডত পৰম্পৰাগতভাৱে সংৰক্ষণ কৰি ৰখা ছয়াবীন। আখুনি শব্দটো চুমী নগা ভাষাৰ পৰা উদ্ভৱ হৈছে। ই 'আখু' আৰু 'নি' এই দুটা শব্দৰে গঠিত। 'আখু' শব্দৰ অৰ্থ 'গোন্ধ' আৰু 'নি' শব্দৰ অৰ্থ 'গভীৰ' বা 'শক্তিশালী'। গতিকে আক্ষৰিক অৰ্থত আখুনিয়ে তীব্ৰ গোন্ধকে সূচায়। আখুনিকেই নাগালেণ্ড তথা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্বাধিক ব্যৱহাৰ হোৱা ফাৰ্মেণ্টেচন প্ৰক্ৰিয়াৰ দ্বাৰা সংৰক্ষিত খাদ্যসামগ্ৰী বুলি অনুমান কৰা হয়। প্ৰধানকৈ চুমী নগাসকলৰ লগতে নাগালেণ্ডৰ সকলো জনজাতিৰ লোকে গোটেই বছৰজুৰি আখুনি তৈয়াৰ কৰে। সাধাৰণতে আখুনি ব্যৱসায়িক বিনিময়ৰ সলনি ঘৰত খাবৰ বাবে প্ৰস্তুত কৰা হয়।১
প্ৰস্তুত প্ৰণালী
আখুনি প্ৰস্তুত কৰিবৰ বাবে ছয়াবীনসমূহ গছৰ পৰা ছিঙি আনি পৰিষ্কাৰ পানীৰে ধুই লোৱা হয়। ইয়াৰ পিছত গোটে গোটে কোমল হোৱালৈকে পানীত উতলোৱা হয়। অতিৰিক্ত পানীখিনি শুকুৱাই এই ছয়াবীনসমূহ কলপাতেৰে বান্ধি ৰ'দত বা জুইৰ কাষত ফাৰ্মেণ্ট হ'বলৈ অৰ্থাৎ শুকাই সংৰক্ষিত ৰূপ এটালৈ আহিবলৈ ৰখা হয়। জহকালি এই প্ৰক্ৰিয়াটো তিনি-চাৰিদিনতে সম্পূৰ্ণ হোৱাৰ বিপৰীতে জাৰকালি ইয়াৰ বাবে প্ৰায় এসপ্তাহ সময়ৰ প্ৰয়োজন হয়। তৈয়াৰ হৈ উঠা আখুনিৰ ৰঙ পাতলীয়াৰ পৰা গাঢ় কজলা ৰঙৰ হয়।২
গোন্ধৰ ওপৰত নিৰ্ভৰ কৰিয়েই আখুনি ব্যৱহাৰ কৰিবৰ উপযুক্ত হৈছে নে নাই তাক ঠাৱৰ কৰা হয়। সাধাৰণতে জলকীয়া, বিলাহী আদিৰ সৈতে মিহলাই চাটনি আদি তৈয়াৰ কৰিবৰ বাবে এসপ্তাহতে আখুনি সাজু হৈ উঠে। আখুনি গাহৰিৰ মঙহ, শামুক আদিৰ সৈতে বিভিন্নধৰণে ৰান্ধি খোৱা হয়।১
কলাত্মক উপস্থাপন
২০১৯ চনত নেটফ্লিক্সৰ জৰিয়তে আখুনি নামেৰে বলীউডৰ এখন চলচ্চিত্ৰই মুক্তিলাভ কৰে। নিক'লাছ খাৰকংগ'ৰে পৰিচালনা কৰা এই চলচ্চিত্ৰখনত উত্তৰ-পূৰ্বাঞ্চলৰ কেইগৰাকীমান যুৱক-যুৱতীয়ে তেওঁলোকৰ এগৰাকীৰ বিবাহ অনুষ্ঠানত আখুনি ৰান্ধিবলৈ লওঁতে হোৱা সন্মুখীন হোৱা ঘটনাৱলীৰ বিষয়ে দেখুওৱা হৈছে।৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Axone Ark of Taste. Fondazioneslowfood.com
- ↑ (4 August 2020). The most trusted source is that of a folktale about a young lady by the name Kujunakali. Our Nagaland
- ↑ (14 May 2019). The Axone story: a film dishes out a different take on a familiar Northeastern experience. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আখুনি (খাদ্য)” প্ৰবন্ধৰ সংশোধন ৩৮৪৭৪৪ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।