ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস (National Sports Day) বিভিন্ন দেশত পালন কৰা এটা ৰাজহুৱা দিৱস। দেশসমূহৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দলসমূহ আৰু পৰম্পৰাগত খেলসমূহৰ সন্মানাৰ্থে এই দিৱস পালন কৰা হয়। এই দিনটোত বিভিন্ন বয়সৰ জনতাই কাবাডী, মাৰাথন, বাস্কেটবল, হকী আদি খেলত অংশগ্ৰহণ কৰে।
দেশ অনুসৰি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস
ভাৰত
কিংবদন্তি হকী খেলুৱৈ ধ্যান চান্দৰ জন্ম দিৱস, ২৯ আগষ্টত ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়।১ হকী খেলুৱৈ ধ্যান চান্দে ভাৰতৰ হৈ ১৯২৮, ১৯৩২ আৰু ১৯৩৬ চনত অলিম্পিকত সোণৰ পদক লাভ কৰিছিল। ১৯২৬ চনৰ পৰা ১৯৪৯ লৈকে তেওঁ ৫৭০টা গল (তেওঁৰ আত্মজীৱনী অনুসৰি) কৰিছিল।২
আন্তঃৰাষ্ট্ৰীয় হকীৰ ৰণক্ষেত্ৰত নিজকে প্ৰতিষ্ঠিত কৰি দেশক কেইবাবাৰো সাফল্যৰ উচ্চ শিখৰত আৰোহণ কৰাইছিল। ভাৰতীয় আৰু বিশ্ব হকীৰ তেওঁ এজন কিংবদন্তি। তেওঁৰ কাৰণে লেখত লবলগীয়া স্মৃতি হৈছে মেজৰ ধ্যান চান্দ বঁটা, ক্ৰীড়া জগতত জীৱনজোৰা সাফল্যৰ বাবে আগবঢ়োৱা সৰ্বোচ্চ সন্মান আৰু তেওঁৰ জন্মদিনটোত উদযাপিত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। ধ্যান চান্দে তেওঁৰ প্ৰশিক্ষক পংকজ গুপ্তাৰ পৰা হকী খেল শিকিছিল। হকীৰ ক্ষেত্ৰখনত ধ্যান চান্দৰ সমকক্ষ কোনো নাই। ১৯০৫ চনৰ ২৯ আগষ্টত জন্মগ্ৰহণ কৰা৩ ধ্যান চান্দৰ সন্মানতে ভাৰতত ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়।
ইৰাণ
ইৰানত ১৭ অক্টোবৰ দিনটোক শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া দিৱস হিচাপে জনা যায় আৰু ১৭ অক্টোবৰৰ পৰা ২৩ অক্টোবৰলৈ সপ্তাহটোক শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া সপ্তাহ হিচাপে জনা যায়।৪ ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে ব্যক্তিৰ ব্যক্তিগত আৰু সামাজিক জীৱনত ব্যায়ামৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা আৰু সংবিধানৰ তিনি নং অনুচ্ছেদত গুৰুত্ব আৰোপ কৰা।
জাপান
জাপানৰ স্বাস্থ্য আৰু ক্ৰীড়া দিৱস 体育の日 হৈছে অক্টোবৰ মাহত স্মৃতি তৰ্পণ কৰা এক ৰাষ্ট্ৰীয় দিৱস।৫ ১৯৬৬ চনৰ ১০ অক্টোবৰত ইয়াক প্ৰথম পালন কৰা হৈছিল। টকিঅ'ত অনুষ্ঠিত ১৯৬৪ ৰ গ্ৰীষ্ম অলিম্পিকৰ আৰম্ভণিৰ দ্বিতীয় বৰ্ষপূৰ্তিত এইয়া উদযাপন কৰা হৈছিল। ২০০০ চনৰ পৰা ইয়াক অক্টোবৰ মাহৰ দ্বিতীয় সোমবাৰে পালন কৰা হয়।৬
মালয়েছিয়া
মালয়েছিয়াত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস (Hari Sukan Negara) হৈছে জনসাধাৰণৰ মাজত এক স্বাস্থ্যকৰ জীৱনশৈলীৰ প্ৰচলনৰ উদ্দেশ্যে অক্টোবৰ মাহৰ দ্বিতীয় শনিবাৰত উদযাপিত৭ এক দিৱস। ২০১৫ চনত প্ৰথম দিৱসটো উদযাপিত হৈছিল। 2015.৮
কাটাৰ
কাটাৰত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হৈছে প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় মঙ্গলবাৰে উদযাপন কৰা এক ৰাষ্ট্ৰীয় দিৱস। জনসাধাৰণৰ মাজত এক স্বাস্থ্যকৰ জীৱনশৈলীৰ প্ৰচলনেই ইয়াৰ প্ৰধান উদ্দেশ্য।৯ এই দিৱস ২০১২ চনত প্ৰথম উদযাপিত হৈছিল।১০১১
তথ্যসূত্ৰ
- ↑ Aug 29 is National Sports Day. Did you know?. News 18
- ↑ DelhiAugust 29, India Today Web Desk New; August 29, 2020UPDATED; Ist, 2020 18:42. National Sports Day: Rare pictures from 1936 Olympics to celebrate Dhyan Chand's birthday. India Today
- ↑ (2020-08-29). PM Modi to Sachin Tendulkar, country remembers hockey legend Dhyan Chand on National Sports Day. The Indian Express
- ↑ Amirtash, Ali-Mohammad. (2005-09-01). Iran and the Asian Games: The Largest Sports Event in the Middle East. Sport in Society. পৃ. 449–467
- ↑ Health and Sports Day in Japan. www.timeanddate.com
- ↑ Health and Sports Day. GaijinPot Study
- ↑ Malaysians celebrate National Sports Day · The Star. www.thestar.com.my
- ↑ Friday, 23 Aug 2019 09:40 PM MYT. National Sports Day, Malaysia Sports Challenge still in plans for National Sports Month, says ministry · Malay Mail. www.malaymail.com
- ↑ National Sport Day in Qatar
- ↑ Gulf Times – Qatar's top-selling English daily newspaper - First Page. Gulf-times.com
- ↑ (2011-12-06). Qatar Celebrates National Sports Day. Olympic.qa
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস” প্ৰবন্ধৰ সংশোধন ৪২৪৯০৫ (৫ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।