অসম শঙ্কৰ মিশ্যন হৈছে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ এটি অনুষ্ঠান।১বিভিন্ন সমাজ সংস্কাৰমূলক কাম কৰি থকা এই মিশ্যনৰ প্ৰতিষ্ঠাতা আছিল ৰমাকান্ত মুক্তিয়াৰ আতা আৰু হলধৰ ভূঞা।২৩
স্থাপন
১৯৩১ চনত এই মিশ্যন স্থাপিত হয়।১প্ৰথম স্থাপন কৰিছিল ৰমাকান্ত মুক্তিয়াৰ আতা আৰু হলধৰ ভূঞাই। ১৯৩০ চনত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ প্ৰতিষ্ঠা হোৱাৰ পিছত মুক্তিয়াৰ আতাই একশৰণ নাম ধৰ্ম প্ৰচাৰৰ লগে লগে শংকৰদেৱৰ গীত-বাদ্য-নৃত্য, ভাওনা আদিৰ প্ৰশিক্ষণৰ বাবে এটি কেন্দ্ৰৰ উপলব্ধি কৰিছিল। সেই উদ্দেশ্যে ভূমি সংগ্ৰহৰ মন মেলোতেই কঢ়ালি গাঁৱৰ কেইজনমান লোকে মুক্তিয়াৰ আতাৰ মনৰ পৰিকল্পনা জানিব পাৰি ভূমিদান কৰে।
ভূমিদান কৰা লোকসকল হ'লঃ
| দাতাৰ নাম | ভূমিৰ পৰিমাণ(বিঘা-কঠা) |
| মগলু মহৰী | ৫-০ |
| সন্ধিৰাম বৰা আৰু বেজীয়া বৰা | ২-০ |
| লেৰেলু বৰা আৰু চটিয়া বৰা | ২-০ |
| সতাই বায়ন | ২-০ |
| বৰঙী বুঢ়ী(স্বামী-জালিৰাম) | ১-১ |
| বলোৰাম বৰা | ০-৩ |
| কপাহী (কনকৰাম হাজৰিকাৰ শাহুৱেক) | ০-৪ |
| সাগৰ বুঢ়া | ৩-০ |
| নাথুৰাম আৰু দাহী বুঢ়া | ৩-০ |
দান হিচাপে পোৱা ১৯ বিঘা ৩ কঠা মাটিৰ হাবি কাটি বাসোপযোগী কৰাৰ পিছত ৰাইজৰ দান-বৰঙনিৰে নামঘৰ সাজে। শংকৰদেৱৰ অনুগামী কেশৱকান্ত বৰুৱাই এটি গৃহ নিৰ্মাণ কৰাই দিয়ে। তেনেকৈয়ে কঢ়ালি মিশ্যনৰ আৰম্ভণি হয়।
উল্লেখযোগ্য কাৰ্যসূচী
অসম শঙ্কৰ মিশ্যনত অনাথ শিশু আৰু মহিলাক আশ্ৰয় দিয়াৰ আঁচনি লোৱা হৈছিল।১সেই পৰিপ্ৰেক্ষিতত গোলাঘাটৰ তিনিটা অনাথ শিশু আৰু হাতীয়নি ভেটাৰ মনোমতী শইকীয়া,বাৰপূজীয়াৰ টুবৰী বুঢ়ী আৰু কঢ়ালিৰ চেনী বুঢ়ীক মিশ্যনত আশ্ৰয় দিয়া হৈছিল।
অসমৰ বিভিন্ন স্থানৰ পৰা শঙ্কৰী সংস্কৃতিৰ প্ৰশিক্ষণ ল'বৰ বাবে যুৱকসকল আহিছিল।১
১৯৮৬ চনৰ পৰা ২০০৪ লৈকে কাৰ্যবিৱৰণীত পোৱা বিভিন্ন সময়ত অসম শঙ্কৰ মিশ্যনৰ পৰিচালনা সমিতিয়ে লোৱা কৰ্ম আঁচনি১ সমূহ হৈছে-
- মিশ্যনৰ অব্যৱহৃত মাটিত চৰকাৰৰ আঁচনি অনুসৰি মূল্যবান বৃক্ষৰোপণ কৰা।
- শংকৰী কৃষ্টিৰ এখন বিদ্যালয় স্থাপন কৰা।
- মুক্তিয়াৰ আতাৰ সিঁচৰতি হৈ থকা ৰচনা সম্ভাৰ গোটাই গ্ৰন্থ সংকলন প্ৰকাশ কৰা।
- এটি পুথিভঁৰাল স্থাপন কৰা।
- মুক্তিয়াৰ আতাৰ জীৱনী প্ৰকাশ কৰা।
- মুক্তিয়াৰ আতাৰ ব্যৱহৃত সম্পত্তি সমূহ মুকলি ভাৱে প্ৰদৰ্শন কৰি ৰখা।
- মিশ্যনত যোগ ব্যায়াম আৰু এটি যোগ-চিকিৎসা কেন্দ্ৰ খোলা।
- মহাপুৰুষ শংকৰদেৱৰ নীতি আদৰ্শ ভিত্তিত কৰ্মশালা আৰু প্ৰশিক্ষণ আয়োজন কৰা।
১৯৮৬-২০০৪ কালছোৱাত বিভিন্ন সময়ত মিশ্যন পৰিচালনা সমিতিয়ে সম্পাদনা কৰা কৰ্মসমূহ১ হৈছে-
- মণিকূট সহ নাম গৃহ নিৰ্মাণ।
- দানবীৰ কেশৱ কান্ত বৰুৱাৰ দানেৰে কেশৱ কান্ত বৰুৱাৰ স্মৃতি ভৱন নিৰ্মাণ।
- আতৈ জন থকাৰ বাবে গৃহ নিৰ্মাণ।
- বাৰিকৰ চুক প্ৰাথমিকৰ অলকা বৰাৰ দানেৰে মিশ্যনৰ বাটচ'ৰা নিৰ্মাণ।
- মূলৰ পৰা পোৱা অনুদানেৰে কাঁটা তাঁৰেৰে মিশ্যনৰ চৌহদ নিৰ্মাণ,মিশ্যনত থকা পুখুৰীটো আহল বহল কৰা আৰু ভকতৰ সুবিধাৰ্থে শৌচাগাৰ, প্ৰস্ৰাৱগাৰ নিৰ্মাণ।
- পূৰ্বাঞ্চলিক শাখাই এই স্থানতে এটি ৰন্ধন শালা নিৰ্মাণ কৰে।
জনা যায় যে ১৯৩৫ চনত মিশ্যনত কেশৱ কান্ত বৰুৱাই কমলা বাগান খোলা ব্যৱস্থা কৰিছিল আৰু ২০০২ চনত পৰিচালনা সমিতিয়ে নগাঁও জিলাৰ উদ্যান সমিতিৰ উদ্যোগত মিশ্যনত উদ্যান শস্যৰ বাগিছা খোলাৰ কথা চিন্তা কৰি সেই কাৰ্য সম্পাদন কৰিছিল।১
অন্যান্য কৰ্মৰাজি
শ্ৰীমন্ত শংকৰদেৱ মিশ্যন নামাকৰণেৰে ৰাজ্যিক চিকিৎসালয়ৰ প্ৰতিষ্ঠাৰ কাৰণে নগাঁও জিলাৰ জনস্বাস্থ্য বিভাগৰ নামত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মূল কাৰ্যনিৰ্বাহকে ৫ বিঘা মাটি দান কৰে।১ স্থানীয় প্ৰাথমিক বিদ্যালয়ৰ সুবিধাৰ্থে ৩ বিঘা মাটি দান কৰে।১ বৰ্তমান জমাবন্দি অনুযায়ী অসম শঙ্কৰ মিশ্যনৰ মাটি ৬ বিঘা ৩ কঠা ১৮ লোচা।১
অসম শঙ্কৰ মিশ্যনৰ প্ৰাঙ্গনত ১৯৩৭ চনত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৮ম বাৰ্ষিক অধিবেশন আৰু ১৯৫৪ চনত কৰ্মী সন্মিলন অনুষ্ঠিত হয়। ২০০৪ চনৰ ২৮,২৯ আৰু ৩০ জানুৱাৰীত নগাঁও জিলা শাখাৰ ৭৫ তম বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয়।জৰাজীৰ্ণ অৱস্থাত থকা মিশ্যনৰ মনিকূট আৰু কেশৱ ভৱনটি এই সময়তে ন-ৰূপত সজীৱ কৰি তোলা হয়।১ একেটা বছৰতে পূৰ্বাঞ্চলিক শাখাৰ সোণালী জয়ন্তীৰ উৎসৱ অনুষ্ঠিত হয়।১
২০০৫ চনত মিশ্যনৰ পৰিচালনা সমিতিৰ উদ্যোগত পূৰ্বাঞ্চল আঞ্চলিক, ৰাইজ,মূল সঙ্ঘ আৰু চৰকাৰৰ অনুদানেৰে মিশ্যনৰ বাটচ'ৰা,নামঘৰ-মণিকূট আদি সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে, পানী যোগান আদিৰ ব্যৱস্থাও কৰা হৈছে।১
বিষয়ববীয়া
ৰমাকান্ত মুক্তিয়াৰ আতাই প্ৰশিক্ষণৰ কাৰ্যক্ৰম সূচাৰুকৈ চলাবলৈ বিভিন্ন জনক বিভিন্ন দায়িত্ব দিছিল।১
- খোল-তাল,বৰগীত-ভাওনা আদিৰ প্ৰশিক্ষণৰ বাবে শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ সত্ৰৰ সত্ৰাধিকাৰ।
- নাম প্ৰসঙ্গৰ বাবে কনকৰাম হাজৰিকা।
- হিন্দী শিক্ষাৰ বাবে জগত চন্দ্ৰ বৰা।
- দোকান বজাৰ কৰাৰ আৰু সম্পাদকৰ দায়িত্বত ভোলানাথ মুদৈ।
- বিধি বিধানৰ কাম চলাবৰ বাবে গম্ভীৰ সিংহ ডেকা।
- অনাথ আশ্ৰমত সূতা কটা,তাঁত বোৱা,ধান বনা আদি কাম চাবৰ বাবে টুবৰী বুঢ়ী,চেনী বুঢ়ী আৰু মনোমতী শইকীয়া।
- টকা সংগ্ৰহ আৰু ধৰ্ম শাস্ত্ৰ ব্যাখ্যা কৰিবৰ বাবে ৰমাকান্ত মুক্তিয়াৰ আতা।
- পুথিভঁৰালৰ সম্পাদক হিচাপে চণ্ডীনাথ ভূঞা।
- ঘৰ-বাৰী,চৌহদ, খেতিপথাৰ আদিৰ চোৱা-চিতাৰ বাবে সোপোকা নামে লোকজন।
প্ৰথম পৰিচালনা সমিতি
প্ৰথম পৰিচালনা সমিতিখন হৈছে-১
| সভাপতি | - | ৰায়বাহাদুৰ ডম্বৰুধৰ বৰুৱা |
| সহ-সভাপতি | - | ৰাজমোহন নাথ |
| সম্পাদক | - | কেশৱ কান্ত বৰুৱা |
| অধ্যক্ষ | - | ৰমাকান্ত মুক্তিয়াৰ আতা |
| সদস্য | - | হলধৰ ভূঞা |
সভাপতি সকলৰ তালিকা
- ৰায়বাহাদুৰ ডম্বৰুধৰ বৰুৱা
- পীতাম্বৰ দেৱ গোস্বামী
- বালিৰাম দাস
- ৰূপৰাম সুত
- ভিবিৰাম বৰা
- মিনাকান্ত বৰা
- মহীৰাম দাস
- ললিত চন্দ্ৰ বৰা
- অলকা বৰা
- মাঘিৰাম বৰা
সম্পাদক সকলৰ তালিকা
- কেশৱ কান্ত বৰুৱা
- ভোদানাথ মুদৈ
- চণ্ডীনাথ ভূঞাঁ,লীলা কাকতি(যুটীয়া সম্পাদক)
- হৰেন্দ্ৰ নাথ শইকীয়া
- প্ৰেমকান্ত মহন্ত
- মহীৰাম দাস
- অলকা বৰা
- ভদ্ৰেশ্বৰ শইকীয়া
- বুদ্ধি নাথ কলিতা
- ৰোহিত দাস
- অনন্ত ভূঞা
- ৰামেশ্বৰ বৰা
- গণেশ গায়ন
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম শঙ্কৰ মিশ্যন” প্ৰবন্ধৰ সংশোধন ২৩৯৮৩৫ (২৭ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।