অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েচন

অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েচন (AISA) ভাৰতৰ এটা বাঁওপন্থী ছাত্ৰ সংগঠন। ই নিজকে "উগ্ৰবাদী ছাত্ৰ আন্দোলনৰ কণ্ঠ" বুলি বৰ্ণনা কৰে আৰু ই ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী) মুক্তিৰ সৈতে জড়িত। এই সংস্থাটো পূৰ্বে আই পি এফৰ সৈতে জড়িত আছিল।

হালনাগাদ: ২৫ জুলাই ২০২৬ ২৬০ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েচন (AISA) ভাৰতৰ এটা বাঁওপন্থী ছাত্ৰ সংগঠন। ই নিজকে "উগ্ৰবাদী ছাত্ৰ আন্দোলনৰ কণ্ঠ" বুলি বৰ্ণনা কৰে আৰু ই ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী) মুক্তিৰ সৈতে জড়িত।১ এই সংস্থাটো পূৰ্বে আই পি এফৰ সৈতে জড়িত আছিল।২

১৯৯০ চনৰ ৯ আগষ্টত সমগ্ৰ ভাৰতবৰ্ষৰ কেইবাটাও বাঁওপন্থী ছাত্ৰ সংগঠনৰ একত্ৰীকৰণৰ জৰিয়তে প্ৰয়াগৰাজত প্ৰতিষ্ঠা কৰা হয়। দিল্লী, চণ্ডীগড়, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, অসম, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ আৰু ত্ৰিপুৰা আদিকে ধৰি কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আই এছ এৰ সাংগঠনিক উপস্থিতি আছে।৩৪৫৬৭

বিশ্ববিদ্যালয়সমূহ

ভাৰতৰ বিভিন্ন মূখ্য উচ্চ শিক্ষানুষ্ঠানত এই ছাত্ৰ সন্থাৰ সদস্য আছে, যেনে পাটনা বিশ্ববিদ্যালয়,৮৯ এলাহাবাদ বিশ্ববিদ্যালয়,১০ বেনাৰস হিন্দু বিশ্ববিদ্যালয়,১১ কুমাউন বিশ্ববিদ্যালয়,২ যাদৱপুৰ বিশ্ববিদ্যালয়,১২ দিল্লী বিশ্ববিদ্যালয়,১৩ লক্ষ্ণৌ বিশ্ববিদ্যালয়,১৪ টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্স,১৫১৬ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয় আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়,১৭ এইচ এন বি গড়ৱাল বিশ্ববিদ্যালয় আৰু আম্বেদকাৰ বিশ্ববিদ্যালয়, দিল্লী আৰু লগতে অন্যান্য। ২০১৭ চনৰপৰা উত্তৰাখণ্ডৰ পৌৰী গড়ৱালৰ ৰিখনিখাল ডিগ্ৰী কলেজতো ছাত্ৰ সংঘৰ নিৰ্বাচনত আইছাৰ এটা ইউনিটে ধাৰাবাহিকভাৱে জয়লাভ কৰি আহিছে। ২০১৩ চনৰপৰা ২০১৯ চনলৈকে পশ্চিম বংগৰ একমাত্ৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় বিশ্ব-ভাৰতিত আইছাৰ উল্লেখযোগ্য উপস্থিতি আছিল। লিংগভিত্তিক হিংসা, মাচুল বৃদ্ধি, কেম্পাছ গণতন্ত্ৰৰ দাবীত ছাত্ৰ-ছাত্ৰীক অবৈধ নিলম্বন আদিৰ বিৰুদ্ধে কণ্ঠ উত্তোলন কৰি বিশ্ব-ভাৰতিত ঐতিহাসিক ছাত্ৰ আন্দোলনৰ নেতৃত্বত আইছা(AISA)ৰ কৰ্মী। ২০টাতকৈও অধিক বিভাগ আৰু প্ৰতিষ্ঠানত উপস্থিত থকা বিশ্ব-ভাৰতীৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন আইছা আছিল।

২০০৬ চনৰপৰা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত আই এছ এয়ে ধাৰাবাহিকভাৱে জয়লাভ কৰি আহিছে।১৮১৯২০ ২০১৫ চনৰ জে এন ইউ এছ ইউৰ নিৰ্বাচনত এ আই এছ এফৰ জয়ৰ ফলত আই এছ এয়ে ৰাষ্ট্ৰপতি পদ হেৰুৱাইছিল।২১

২০১৩ চনৰপৰা দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত আইছা(AISA) অন্যতম প্ৰধান বাওঁ শক্তি আছিল।২২২৩২৪

বিষয়ববীয়াসকল

২০২৫ চনৰ ৭ অক্টোবৰলৈকে সৰ্বভাৰতীয় ছাত্ৰ সন্থাৰ ৰাষ্ট্ৰীয় সভাপতি নেহা, আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰসেনজিত কুমাৰ আছিল।২৫২৬

তথ্যসূত্ৰ

  1. ↑ AISA: Manifesto. AISA
  2. ↑ Gupta, J. S. (15 April 1993). Students say 'no' to politics of communalism. India Today
  3. ↑ (2014-06-26). Four-year undergraduate programme issue: Protesting students detained. The Economic Times
  4. ↑ Mishra, Subhash. (2020-03-13). Left is right in Uttar Pradesh Congress?. The Economic Times
  5. ↑ Das, Gaurav. (12 March 2020). Assam Rocked by Statewide Protests Demanding Akhil Gogoi's Release. The Wire
  6. ↑ (2013-12-24). Dist wing of All-India Students Association to start agitation. The Statesman
  7. ↑ Chowdhury, Subhankar. (14 March 2020). Students of Calcutta seek help for Delhi riot victims. The Telegraph (Kolkata)
  8. ↑ Mishra, B. K. (9 December 2019). 117 remain in fray for PUSU polls · Patna News - Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  9. ↑ Kumar, Arun. (2019-12-08). PUSU polls result 2019: JAP, RJD end ABVP dominance, JD-U bites the dust. হিন্দুস্তান টাইমছ
  10. ↑ (13 February 2018). Dalit law student murdered: Students of Allahabad University go on rampage, lay siege at DM's house. Firstpost
  11. ↑ (16 December 2019). Protests spread to BHU, Islamic seminary in Lucknow; 21 held in Aligarh. The Economic Times
  12. ↑ (20 February 2020). Jadavpur University student union elections held after 3 years, results to be announced today. ইণ্ডিয়া টুডে
  13. ↑ (30 August 2018). AAP, CPM Student Wings To Jointly Contest Delhi University Polls. NDTV.com
  14. ↑ (4 July 2018). Lucknow University teachers attacked, varsity closed. The Economic Times
  15. ↑ (27 February 2018). TISS students' protests now reach power corridors in New Delhi against withdrawal of financial aid for SC/ST scholars. Firstpost
  16. ↑ Parasa, Rejeswari. (19 December 2018). Hyderabad: More students join hunger strike at TISS. Deccan Chronicle
  17. ↑ Sanyal, Anindita. (20 October 2016). In Midnight Protest At JNU, Hundreds Surround Vice Chancellor Over Missing Student. NDTV.com
  18. ↑ (3 May 2012). History repeats itself, AISA wins JNU polls. Deccan Herald
  19. ↑ (16 September 2013). AISA sweeps JNU's student union polls, wins all 4 top positions. IBN Live
  20. ↑ (15 September 2014). JNU: AISA wins polls, strong show by ABVP. Hindustan Times
  21. ↑ (13 September 2015). JNUSU: AISF wins top post, ABVP makes a comeback after 14 years. The New Indian Express
  22. ↑ (15 September 2013). DUSU elections: Stand on 4-year course fuels AISA's rise. The Times of India
  23. ↑ (20 September 2013). Beating money power, left makes a mark in Delhi University polls. DNA India
  24. ↑ (4 April 2015). Choice-Based Credit System Leaves Students With No Choice. Tehelka Magazine, Volume 12 Issue 14
  25. ↑ Office Bearers. All India Students' Association (AISA)
  26. ↑ (16 May 2015). AISA's 8th National Conference Calls for Nationwide Movement Against Common Central University Bill, CBCS, RUSA, 'Binding Commitments' at WTO, and Attacks on Campus Democracy!. AISA

সম্পৰ্কিত শ্ৰেণী

অনুষ্ঠান প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েচন” প্ৰবন্ধৰ সংশোধন ৬১৯২৫২ (২৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।