অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটী বা চমুকৈ এইম্ছ গুৱাহাটী অসমৰ কামৰূপ জিলাৰ চাংসাৰিত অৱস্থিত এখন ৰাজহুৱা চিকিৎসা প্ৰতিষ্ঠান। ২০১৭ চনৰ ২৬ মে’ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল।১ ২০২১ চনৰ ১২ জানুৱাৰী তাৰিখে ভাৰতীয় কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে ভিডিঅ’ কন্ফাৰেঞ্চৰ যোগেৰে এইম্ছ গুৱাহাটীৰ পাঠদানৰ উদ্বোধন কৰে।২ প্ৰথম পৰ্যায়ত ইয়াত চিকিৎসা-বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ ১০০ খন আসনৰ ব্যৱস্থা আছে। ভঙাগড়ত অৱস্থিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অস্থায়ী চৌহদৰ পৰা ইয়াৰ কাম-কাজ আৰম্ভ কৰা হৈছিল। ওড়িশাৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, ভুৱনেশ্বৰ বা চমুকৈ এইম্ছ ভুৱনেশ্বৰ হৈছে এইম্ছ গুৱাহাটীৰ মেণ্টৰ।
শিক্ষা
২০২১ চনৰ ১২ জানুৱাৰীত তদানীন্তন কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড॰ হৰ্ষ বৰ্ধনে শিক্ষাৰ্থীসকলৰ প্ৰথম দলৰ বাবে শৈক্ষিক কাৰ্যসূচী উদ্বোধন কৰিছিল। ২০২০-২১ শিক্ষাবৰ্ষত কাৰ্যকৰী হোৱা চাৰিখন এইম্ছৰ ভিতৰত ৫০ গৰাকী এম.বি.বি.এছ. শিক্ষাৰ্থীৰ সৈতে প্ৰতিষ্ঠানখনে শিক্ষাবৰ্ষ আৰম্ভ কৰে।২ ২০২২ চনৰ মাৰ্চ মাহত প্ৰতিষ্ঠানটো চাংচাৰিত অৱস্থিত স্থায়ী চৌহদলৈ স্থানান্তৰিত হৈছে। ২০২৩ চনৰ ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইমছ, গুৱাহাটী আৰু অসমৰ আন তিনিখন চৰকাৰী চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰে।৩
সেৱাসমূহ
প্ৰতিষ্ঠানটোত ২৫টাতকৈ অধিক বিশেষত্ব আৰু ছুপাৰ-স্পেচিয়েলিটী বিভাগৰ সৈতে বহিৰ্বিভাগৰ সেৱা আৰু ৰোগ-নিৰ্ণয় সেৱাৰ বাহিৰে ৭৫০খন বিছনাযুক্ত চিকিৎসালয় থাকিব। আয়ুষৰ অধীনত সেৱা প্ৰদানৰ বাবে এক পৃথক সুবিধাও উপলব্ধ হ’ব।
তথ্যসূত্ৰ
- ↑ (2017-05-26). PM lays foundation of Guwahati AIIMS. Business Standard
- ↑ (2021-01-12). Union health minister inaugurates AIIMS Guwahati academic programme. Times of India. The Times of India
- ↑ PM Modi Dedicates Northeast's 1st AIIMS, 3 New Medical Colleges In Assam. NDTV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটী” প্ৰবন্ধৰ সংশোধন ৫২৩০০৩ (৯ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।