টাই-নুৱা (টাই-নুৱা ভাষা: ᥖᥭᥰ ᥘᥫᥴ টাই লে'; চীনা: 傣那 Dǎinà) হৈছে টাই জাতিৰ এটা গোষ্ঠী, যি দক্ষিণ-পূব এছিয়াত পোৱা যায়। জনগোষ্ঠীটোৰ বেছিভাগ জনসংখ্যা চীনৰ য়ুন্নান প্ৰদেশ, লাউচ, থাইলেণ্ড, ম্যানমাৰ আৰু ভিয়েটনামত বাস কৰে। কিছুমান আমেৰিকা যুক্তৰাষ্ট্ৰলৈও অভিবাসিত হৈছে। ইয়াৰে, মুঠ দুটা ঠাল আছে, এজন চীন আৰু মানদেশত আৰু আনটো লাওচত বাস কৰে।১
নাম
টাই-নুৱা সকলক টাই লুয়া, টাই নাউ, দাই নুৱা, দেহ'ঙ দাই, দেহঙ টাইলুৰিয়ান আৰু চীনা ছান হিচাপেও উল্লেখ কৰা হয়। নুৱা মানে (থাই: เหนือ দেহঙ দাই: ᥘᥫᥴ Lə) টাই ভাষাত "উত্তৰ"। টাই-নুৱা (থাই: ไทเหนือ দেহঙ দাই: ᥖᥭᥰ ᥘᥫᥴ)শব্দই উত্তৰ টাই" বুজাই।টাই সকলে উত্তৰ অংশত বাস কৰা টাই সকলক বুজাবলৈ টাই-নুৱা ব্যৱহাৰ কৰে।১ তথাপি, টাই জনগোষ্ঠী নামৰ ব্যৱহাৰ কিছু সময়ত বিভ্ৰান্তিকৰ হৈ পৰা পাৰে; কিছুমান প্ৰকাশনেও দাই কং, দাই লো, টাই মাও আৰু অন্যান্য নাম ব্যৱহাৰ কৰিব পাৰে, আৰু দুইবাৰ বেলেগ গোটৰ টাই লোকক টাই-নুৱা বুলি কোৱা হয়।২৩
জনগাঁথনি
আজিৰ দিনত, বেছি সংখ্যক টাই-নুৱা চীনত বাস কৰে, য'ত তেওঁলোকক আৰু অইন টাই জাতিৰ ঠালৰ সৈতে দাই জনগোষ্ঠী হিচাপে শ্রেণীবদ্ধ কৰা হৈছে, যি চীন প্ৰজাতন্ত্রৰ দ্বাৰা স্বীকৃত ৫৬ টা জনগোষ্ঠীৰ এটা জনগোষ্ঠী। ২০০১ৰ গণনা অনুসৰি চীনত টাই-নুৱা মুঠ জনসংখ্যা প্ৰায় ৫,৪০,০০০ বুলি অনুমান কৰা হৈছে, আৰু অন্যান্য দেশবোৰ অন্তৰ্ভুক্ত কৰিলে মুঠ জনসংখ্যা প্ৰায় ৭০০,০০০ হয়গৈ।৪৫ টাই-নুৱা সকল বৌদ্ধ, যদিও এনিমিজম আৰু পলিথিজমৰ সৈতে মিশ্ৰিত।২
ভাষা
টাই-নুৱা ভাষা অন্যান্য টাই ভাষাৰ সৈতে গভীৰ সম্পৰ্কিত। ইয়াৰ নিজৰ লিপি টাই লে বা দেহঙ দাই লিপি আছে, যি, চীনৰ যুন্নানত ব্যৱহাৰ কৰা হয়।৬৭ তথাপি, লাওচৰ হুৱাফান প্ৰদেশৰ টাই-নুৱা সকলে যুন্নানত আৰু ম্যানমাৰত টাই-নুৱা লোকতকৈ বেলেগ উপভাষা কথা কয়; উন্নানত কোৱা উপভাষা হৈছে দক্ষিণ-পশ্চিম টাই উপভাষা, যত লাওচৰ উপভাষাৰ উত্তৰ টাই বৈশিষ্ট্য আছে।১
তথ্যসূত্ৰ
- ↑ Schliesinger, Joachim. (11 January 2015). Ethnic Groups of Laos Vol 3: Profile of Austro-Thai-Speaking Peoples. BooksMango. পৃ. 230–237. ISBN 9781633232396
- ↑ Tai Nua, Chinese Shan in China. Joshua Project
- ↑ Tai Nua, Chinese Shan in Laos. Joshua Project
- ↑ Schliesinger, Joachim. (2 June 2018). Origin of the Tai People 5―Cradle of the Tai People and the Ethnic Setup Today. BooksMango. পৃ. 179. ISBN 9781641531825
- ↑ Language: Tai Nua. Joshua Project
- ↑ Tai Nüa. Ethnologue
- ↑ Tai Nua. Omniglot
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাই-নুৱা জনগোষ্ঠী” প্ৰবন্ধৰ সংশোধন ৪৩৯৫৬৮ (২০ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।