টাইপা বা টাই আহোম যুৱ পৰিষদ, অসম(TAYPA) অসমৰ টাই-আহোম জনগোষ্ঠী জনগোষ্ঠীৰ এটা যুৱ সংগঠন। এই সংগঠনৰ মূল উদ্দ্যেশ্য হল টাই আহোম ভাষা সংস্কৃতি আৰু ধৰ্মৰ উন্নতি সাধন তথা টাই আহোমক সামৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ।১ লগতে সংগঠনটোৱে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতা কৰি আহিছে আৰু জনজাতিকৰন নকৰিলে পৃথক আহোম ৰাজ্যৰ বাবে দাবী কৰাৰ কথা উল্লেখ কৰিছে।২৩সংগঠনটোৱে প্ৰাচীন কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু বেদখলমুক্ত কৰাৰ দাবী জনাই আহিছে।৪
সংগঠনিক কাৰ্য
১৬ জুলাই তাৰিখে টাইপাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।৫টাই আহোম যুৱ পৰিষদৰ চৰাইদেউ জিলা সমিতি ৮ আগষ্টত লাংকুৰি দেওশালত নতুনকৈ গঠন কৰা হয়।৬ ২৯ ছেপ্টেম্বৰ ২০২৩ত বিশ্বনাথ জিলা সমিতি গঠন কৰা হয়।৭তিনিচুকীয়া জিলা সমিতি আৰু মাৰ্ঘেৰিটা মহকুমা সমিতিৰ উদ্যোগত আহোম সকলৰ পৰম্পৰাগত ৰিক-খ্বন-মু'ঙ-খ্বন অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল।৮ শিৱসাগৰ জিলা সমিতিয়ে ৰংঘৰৰ বাকৰিত ভোগালী মেলা অনুষ্ঠিত কৰে।৯
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ
মূল প্ৰবন্ধ: ছয় জনগোষ্ঠীৰ জনজাতিকৰণ
অসমৰ অইন জনজাতীয় সংগঠন সমূহৰ দৰে টাইপাই দীৰ্ঘদিন ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী জনাই আহিছে।১০ তেওঁলোকে ভিন্ন সময়ত উক্ত দাবীৰ বাবে প্ৰতিবাদ কৰি আহিছে। আনকি অসমৰ বাহিৰত দিল্লীটো এই দাবীৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল।১০
বীৰ লাচিত বঁটা
টাই আহোম যুৱ পৰিষদে (TYPA) অসমৰ বিশিষ্ট পুৰুষ সকলক বীৰ লাচিত বঁটা প্ৰদান কৰে।১১ ২০১৬ বৰ্ষত এই বটা বিশিষ্ট টাই গৱেষক, পণ্ডিত সাহিত্যিক ড° পুষ্প গগৈক প্ৰদান কৰা হৈছিল।১২ ২০১৮ চনত প্ৰদীপ ভূঞাক এই বটা প্ৰদান কৰা হয়।১১
বীৰাংগনা মূলা গাভৰু বঁটা
প্ৰতিবছৰে টাই আহোম যুৱ পৰিষদ (TYPA) ই মূলাগাভৰু দিৱসৰ অনুষ্ঠানত অসমৰ বিশিষ্ট মহিলা সকলক ২০১৩ চনৰ পৰা বীৰাংগনা মূলা গাভৰু বঁটা প্ৰদান কৰি আহিছে।১৩২০২২ বৰ্ষত এই বটা ড° অণিমা গগৈয়ে লাভ কৰে।১৩
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Tai Ahom Yuba Parishad Assam (TAYPA) Central Committee demands ST status
- ↑ হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতা সাপেখাতীত প্ৰধান মন্ত্ৰী-মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ টাই আহোম যুৱ পৰিষদৰ, জনসাধাৰণ, সপেখাতি, ১৫ অক্টোবৰ
- ↑ আহোমক জনজাতিৰ মৰ্যাদা নিদিলে দিব লাগিব সুকীয়া ৰাজ্য etvbharat ১৪ জুন ২০২২
- ↑ জনজাতিকৰণৰ দাবীত তীব্ৰ আন্দোলনৰ হুংকাৰ, নিয়মীয়া বাৰ্তা, কানুবাৰী, ২৩ ফেব্ৰুৱাৰী
- ↑ Central established Day of TAYPA: জনজাতিকৰণৰ দাবীত চৰকাৰলৈ হুংকাৰ টাইপাৰ, ETV Bharat, ১৭ জুলাই ২০২৩
- ↑ টাইপা’ৰ চৰাইদেউ জিলা সমিতি গঠন, অসমীয়া প্ৰতিদিন, চেপন, ১০ আগষ্ট
- ↑ টাই আহোম যুৱ পৰিষদৰ বিশ্বনাথ জিলা সমিতি গঠন, নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰ ২০২৩
- ↑ মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপত টাই আহোম জনগোষ্ঠীৰ কেন্দ্ৰীয় ৰিক-খন-মুং-খন অনুষ্ঠান সম্পন্ন, নৰ্থ ইষ্ট নাও
- ↑ Arandhara Anup, “Bhugali Mela” at Ranghar Pavilion by Tai-Ahom Yuba Parishad" Assam Times ১৩ জানুৱাৰী ২০২২
- ↑ ভূঞা হিমাংশু, জনজাতিকৰণৰ দাবীত পুনৰ দিল্লী কঁপাব টাই আহোম যুৱ পৰিষদে, সোণাৰিত ঘোষণা টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰৰ News18 অসম, ২০ ফেব্ৰুৱাৰী ২০২২
- ↑ প্ৰদীপ ভূঞাক মহাবীৰ লাচিত বৰফুকন বটা প্ৰদান অসমীয়া প্ৰতিদিন, ২৪ নৱেম্বৰ ২০১৮
- ↑ টাই আহোম যুৱ পৰিষদ, অসমৰ লাচিত বঁটা ঘোষণা সংবাদ প্ৰহৰী
- ↑ ড° অণিমা গগৈলৈ বীৰাংগনা মূলাগাভৰু বঁটাঃ টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ ঘোষণা নিয়মীয়া বাৰ্তা ৫ এপ্ৰিল ২০২২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাই আহোম যুৱ পৰিষদ, অসম” প্ৰবন্ধৰ সংশোধন ৫১৭০০০ (১১ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।