চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় বা চিকেবি কমাৰ্চ কলেজ যোৰহাটত অৱস্থিত এখন চৰকাৰী পোষকতা লাভ কৰা মহাবিদ্যালয়। ১৯৬৫ চনৰ ৬ ফেব্ৰুৱাৰীত যোৰহাট ফাউণ্ডেচন ছচাইটীৰ সহযোগত বাণিজ্যৰ শিক্ষা প্ৰদানৰ উদ্দেশ্যৰে মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰতিষ্ঠাপক অধ্যক্ষ মাধৱ চন্দ্ৰ চক্ৰৱৰ্তীৰ সৈতে দ্বিজেন্দ্ৰ নাথ শৰ্মা, অনিল চন্দ্ৰ শৰ্মা আৰু খগেন্দ্ৰ নাথ শৰ্মা বৰুৱাৰ অধ্যাপনাৰে মহাবিদ্যালয়ৰ পাঠদান আৰম্ভ কৰা হৈছিল।১ ২০১৬ চনত ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ চমুকৈ নাকে (NAAC) মহাবিদ্যালয়খনক B+ গ্ৰেডেৰে মূল্যাংকন কৰে।২
ইতিহাস
১৯৬৫ চনত ১২৮ জন ছাত্ৰ-ছাত্ৰীৰে আৰম্ভ কৰা মহাবিদ্যালয়খনে ১৯৭৪ চনত বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বীকৃতি লাভ কৰে। ২০০৫ চনত অসম চৰকাৰে চিকেবি কমাৰ্চ কলেজক চৰকাৰী মহাবিদ্যালয়ৰ মৰ্যদা প্ৰদান কৰে।২
বিভাগসমূহ
- স্কুল অফ মেনেজমেণ্ট
- একাউণ্টেঞ্চী/ টেক্স প্ৰচিডিওৰ এণ্ড প্ৰেক্টিচ
- মাৰ্কেটিং
- বেংকিং এণ্ড মানিটেৰী মেনেজমেণ্ট
- অৰ্থনীতি আৰু মানৱ সম্পদ ব্যৱস্থাপনা
- বাণিজ্য
- পৰিসংখ্যা বিজ্ঞান আৰু গণিত
- কম্পিউটাৰ এপ্লিকেচন
- ইংৰাজী
- অসমীয়া
- বাংলা
- হিন্দী
সন্মানীয় বিষয়সমূহ
- একাউণ্টিং এণ্ড ফাইনেঞ্চ
- মাৰ্কেটিং
- বেংকিং এণ্ড মানিটেৰী মেনেজমেণ্ট
- মানৱ সম্পদ ব্যৱস্থাপনা
পাঠ্যক্ৰমসমূহ
সাধাৰণ পাঠ্যক্ৰম
- দুবছৰীয়া উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম
- বাণিজ্যৰ তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰম
- বাৱসায় ব্যৱস্থাপনাৰ তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰম
- ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত বাণিজ্য, ব্যাৱসায় ব্যাৱস্থাপনা, কম্পিউটাৰ এপ্লিকেচন আৰু পুথিভঁৰাল আৰু তথ্য বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰম
বৃত্তিমুখী পাঠ্যক্ৰম
- একাউণ্টিং এণ্ড টেক্স প্ৰেক্টিচেছ
- কম্পিউটাৰ এপ্লিকেচন
- মাৰ্কেটিং এণ্ড চেলছ মেনেজমেণ্ট
তথ্যসূত্ৰ
- ↑ CKB Commerce College, Jorhat. Collegedunia
- ↑ আনুষ্ঠানিক ৱেবছাইট. চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪২৪১৬৪ (২৮ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।