টোপোলা ভাত চাউলৰপৰা প্ৰস্তুত কৰা একপ্ৰকাৰ খাদ্য। অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া, জয়পুৰ আদিৰ উপৰি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমা, লিডু প্ৰভৃতি অঞ্চলত বসবাস কৰা শ্যামচীন গোষ্ঠীৰ টাইফাকেসকলে টোপোলা ভাত (তেওঁলোকৰ ভাষাত শাখাও) প্ৰস্তুত কৰে। বিভিন্ন উৎসৱ পৰৱত নিজে খোৱাৰ উপৰি আলহী অতিথিকো এই টোপোলা ভাতৰ জৰিয়তে আপ্যায়ন কৰা হয়। ১
ৰন্ধন শৈলী
টোপোলা ভাত প্ৰস্তুত কৰিবলৈ ভিন্ন আকাৰৰ ( এটা ডাঙৰ এটা সৰু ) দুটা মাটিৰ পাত্ৰৰ প্ৰয়োজন হয়। ডাঙৰ পাত্ৰটো চৌকাত বহাই লৈ তাৰ আধা অংশ পানীৰে ভৰাই কলহটোৰ মুখখন এখন তিতা কাপোৰেৰে ঢাকি তাৰ ওপৰত আকাৰত সৰু দ্বিতীয়টো কলহ বহাব লাগে। এই কলহটোৰ তলিখনত কিছুসংখ্যক সৰু সৰু ফুটা কৰা প্ৰয়োজন। কলহটোত পানীত তিওৱা লাহি চাউল জোখ মতে ভৰাই লৈ সেইটোৰ মুখখনত বতাহ সোমাব নোৱাৰাকৈ এখন ঢাকনি দিব লাগে। চৌকাত জুই দিলে তলৰ কলোহটোৰ পানী উতলি সৃষ্টি হোৱা ভাপ ওপৰত পাতি থোৱা বহুছিদ্ৰযুক্ত কলহটোৰ তলীৰে সৰকি গৈ পানীত তিওৱা চাউলসমূহ কিছু সময়ৰ মূৰত সিজাই পেলায়। সিজোৱা চাউলবোৰ ভাতৰ আকাৰ লোৱাত সিবোৰ গৰমে গৰমে কৌপাতত টোপোলাকৈ বান্ধি পেলোৱাৰ পিছতে শখাও আখ্যা পায়।
তথ্যসূত্ৰ
- ↑ ড॰ নাৰায়ণ দাস, ড॰ পৰমানন্দ ৰাজবংশী. অসমীয়া সংস্কৃতিৰ কণিকা. পৃ. ১৫৪
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টোপোলা ভাত” প্ৰবন্ধৰ সংশোধন ৩৯৬১২১ (১০ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।