সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
নাৰীত্ব
নাৰীত্ব (ইংৰাজী: Femininity; যাক স্ত্ৰীত্ব বুলিও কোৱা হয়) হ’ল সাধাৰণতে মহিলা আৰু ছোৱালীৰ সৈতে জড়িত গুণাগুণ, আচৰণ আৰু ভূমিকাৰ এক গোট। নাৰীত্বক সামাজিকভাৱে নিৰ্মিত বুলি বুজিব পাৰি, আৰু কিছুমান প্ৰমাণো পোৱা গৈছে যে নাৰীসুলভ বুলি গণ্য কৰা কিছুমান আচৰণ সাংস্কৃতিক কাৰক আৰু জৈৱিক কাৰক — এই উভয়ৰেদ্বাৰা…
-
পাতিৰাভা
পাতি ৰাভা হ'ল ৰাভা ফৈদৰ ভিতৰৰ এটা মুখ্য ফৈদ। পৃথিৱীৰ সৰ্ববৃহৎ ভাষাগোষ্ঠীৰ ভিতৰত মংগোলীয় গোষ্ঠী অন্যতম। অসমত বাস কৰা জনজাতীয় লোকসকলৰ দৰে ৰাভাসকল মংগোলীয় ফৈদৰ বড়ো গোষ্ঠীৰেই এটি জনজাতি।
-
প্ৰথম ঢৌৰ নাৰীবাদ
প্ৰথম ঢৌৰ নাৰীবাদ (First-wave Feminism) আছিল ১৯ শতিকাৰ আৰু ২০ শতিকাৰ আৰম্ভণিতে সমগ্ৰ পশ্চিমীয়া বিশ্বতে সংঘটিত হোৱা নাৰীবাদী কাৰ্যকলাপ আৰু চিন্তাৰ সময়ছোৱা। ইয়াত আইনী বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল আৰু ইয়াৰ মূল ভিত্তি আছিল মহিলাৰ ভোটাধিকাৰ নিশ্চিত কৰা।
-
ফুচকা
ফুচকা এবিধ অতি জনপ্ৰিয় সুস্বাদু দক্ষিণ এচিয় মুখৰোচক খাদ্যবিশেষ। বাংলাদেশ আৰু ভাৰতৰ প্ৰায় সকলোতে এইবিধ খাদ্যৰ প্ৰচলন আছে। অঞ্চলভেদে ই বিভিন্ন নামেৰে পৰিচিত; যেনে উত্তৰ ভাৰতত ইয়াৰ পৰিচয় গোলগাপ্পা হিচাপে, আৰু পশ্চিম ভাৰতত (যেনে মহাৰাষ্ট্ৰত) ইয়াৰ নাম পানীপুৰি (पानीपूरी)।
-
বঞ্জাৰা
বঞ্জাৰা বা লম্বাডা সকল ভাৰতত পোৱা যাযাবৰী জনজাতি।
-
বহুবিবাহ
বহুবিবাহ (Polygamy)হৈছে একাধিক পতি বা পত্নীক বিয়া কৰোৱা প্ৰথা। যেতিয়া এজন পুৰুষে একে সময়তে এগৰাকীতকৈ অধিক পত্নীৰ সৈতে বিবাহপাশত আবদ্ধ হয়, তেতিয়া ইয়াক বহুপত্নী (polygyny) বুলি কোৱা হয়।
-
বাহনা মহাবিদ্যালয়
বাহনা মহাবিদ্যালয় অসমৰ যোৰহাট জিলাৰ বাহনা অঞ্চলত অৱস্থিত এখন মহাবিদ্যালয়। ১৯৬৬ চনত মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠা হয়। ৰাম কুমাৰ বৰুৱা মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত।
-
বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়
বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়(Bineswar Brahma Engineering College) অসম চৰকাৰৰ দ্বাৰা ২০০৮ চনত কোকৰাঝাৰ জিলাত প্ৰতিষ্ঠা কৰা হয়। ২০০৬ চনত অসম চৰকাৰে কোকৰাঝাৰত এখন অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হ'ব বুলি ঘোষণা কৰিছিল।
-
বিশ্ব বতৰ বিজ্ঞান সংস্থা
বিশ্ব বতৰ বিজ্ঞান সংস্থা World Meteorological Organization(WMO) হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা যিয়ে বায়ুমণ্ডল বিজ্ঞান, জলবায়ুবিজ্ঞান, জল বিজ্ঞান আৰু ভূপদাৰ্থ বিজ্ঞানৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা প্ৰসাৰিত কৰাৰ বাবে দায়বদ্ধ।
-
ব্যৱস্থাপনা
ব্যৱসায় আৰু মানৱ সংগঠনৰ ক্ষেত্ৰত, সাধাৰণ ভাষাত ব্যৱস্থাপনা (management) হ'ল মানুহ সংগঠিত কৰি কোনো প্ৰস্তাৱিত উদ্দেশ্যত বা লক্ষ্যত উপনীত হোৱা। ব্যৱস্থাপনাৰ উপাদান সমূহ হ'ল - পৰিকল্পনা কৰা (planning), সংগঠিত কৰা (organizing), সম্পদ ব্যৱস্থাপনা কৰা (resourcing), নেতৃত্ব লোৱা (leading) বা পথ প্ৰদৰ্শকৰ…
-
ভাৰতত বাল্য বিবাহ
ভাৰতীয় আইন অনুসৰি বাল্য বিবাহ হৈছে ১৮ বছৰতকৈ তলৰ বয়সৰ ছোৱালী আৰু ২১ বছৰতকৈ তলৰ বয়সৰ ল'ৰাৰ বিবাহ। দুৰ্বল আৰ্থ-সামাজিক অৱস্থাৰ কাৰণে অধিকাংশ কমবয়সীয়া ছোৱালী বাল্য বিবাহপাশত আৱদ্ধ হ'বলগীয়া হৈছে। কিছু বছৰ আগলৈকে ভাৰতত ব্যাপকভাৱে বাল্য বিবাহ প্ৰচলিত আছিল।
-
ভাৰতীয় বিজ্ঞান কংগ্ৰেছ সংস্থা
ভাৰতীয় বিজ্ঞান কংগ্ৰেছ সংস্থা (Indian Science Congress Association) ভাৰতৰ প্ৰধান তথা শীৰ্ষ বৈজ্ঞানিক সংস্থা। ইয়াৰ মুখ্য কাৰ্যালয় পশ্চিম বংগৰ কলকাতাত অৱস্থিত। ১৯১৪ চনত কলকাতাত আৰম্ভ হোৱা এই সংস্থাটোৰ প্ৰতি বছৰে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত বৈঠক অনুষ্ঠিত হয়।
-
ভোগ
ভোগ (বিশেষ্যঃ 'সুখ' বা 'আনন্দ', ক্ৰিয়াঃ 'সমাপ্ত' বা 'সমাপ্ত কৰা') হিন্দু আৰু শিখ ধৰ্মত ব্যৱহৃত শব্দ। শিখ ধৰ্মত গুৰু গ্ৰন্থ চাহিবৰ সামৰণি অংশ পাঠৰ লগতে ভোগ দিয়া হয়। বিয়া, বাৰ্ষিকী, অন্ত্যেষ্টিক্ৰিয়া আৰু অন্যান্য অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ভোগ দিয়া হয়।
-
মইনা পাৰিজাত
মইনা পাৰিজাত (Moina Parijaat) হৈছে অসমত শিশুৰ সৰ্বাঙ্গীন বিকাশৰ হকে আৰম্ভ হোৱা এক বেচৰকাৰী অনুষ্ঠান। শিশুসকলক শৈশৱতেই সামাজিক, সাংস্কৃতিক, বৌদ্ধিক ক্ষেত্ৰৰ সৈতে পৰিচয় কৰি দিবলৈ কুৰি শতিকাৰ মাজভাগত কেইগৰাকীমান ব্যক্তিয়ে পাৰিজাত কানন আৰু মইনা মেল নামৰ দুটি শিশু অনুষ্ঠান অসমত গঢ়ি তুলিছিল ৷…
-
মগৰ জাতি
মগৰ জাতি নেপাল আৰু উত্তৰ-পূব ভাৰতৰ স্থানীয় তিব্বত-বৰ্মীয় এক জনগোষ্ঠী, যি ২০২১ চনৰ নেপালৰ লোকপিয়ল অনুসৰি নেপালৰ মুঠ জনসংখ্যাৰ ৬.৯% অংশ প্ৰতিনিধিত্ব কৰে। মগৰসকলক মংগাৰ বা মংগৰ বুলিও কোৱা হয়। ই গোৰ্খা জনগোষ্ঠীৰ অন্যতম প্ৰধান জাতি।
-
মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়
মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয় ১৯৬৩ চনৰ জুলাই মাহত ডিব্ৰুগড়ৰ কদমনিত প্ৰতিষ্ঠা কৰা হৈছিল। মহাবিদ্যালয় খনত মুঠ ছাত্ৰীৰ সংখ্যা প্ৰায় ১৮০০ গৰাকী। মহাবিদ্যালয় খনৰ স্নাতক মহলা ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অন্তৰ্ভুক্ত।
-
মিছ ইণ্টাৰনেশ্যনেল
মিছ ইণ্টাৰনেশ্যনেল (ইংৰাজী: Miss International; মিছ ইণ্টাৰনেশ্যনেল বিউটি বা দ্য ইণ্টাৰনেশ্যনেল বিউটি পেজেণ্ট) হ’ল ইণ্টাৰনেশ্যনেল কালচাৰেল এছ'চিয়েশ্যনৰদ্বাৰা আয়োজিত জাপান ভিত্তিক এখন আন্তঃৰাষ্ট্ৰীয় প্ৰধান সৌন্দৰ্য প্ৰতিযোগিতা।
-
মিঞা জনগোষ্ঠী
Miya people মিঞা (Miya) বা ভাটিয়া, উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্য অসমত বসবাস কৰা অবিভক্ত ভাৰতৰ পূৰ্ববঙ্গ মূলীয় বঙালী মুছলমানসকলৰ জনগোষ্ঠীয় পৰিচয়। মিঞাসকল হ'ল বঙালী মুছলমানৰ বংশধৰ যিসকল ব্ৰিটিছ ভাৰতীয় প্ৰদেশত জন্মগ্ৰহণ কৰিছিল, যিটো পৰৱৰ্তী কালত বংগ বিভাজনৰ সময়ত পূৰ্ববঙালীত পৰিণত হয় (১৯০৫)।
-
মিৰাণ্ডা হাউচ
ভাৰতৰ মিৰাণ্ডা হাউচ হৈছে মহিলাসকলৰ বাবে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ এখন মহাবিদ্যালয়। ১৯৪৮ চনত স্থাপিত এই মহাবিদ্যালয় খনে একেৰাহে সাত বছৰলৈকে (২০২৩ চনলৈকে) দেশৰ মহাবিদ্যালয়সমূহৰ ভিতৰত শীৰ্ষস্থানৰ অধিকাৰী হৈ আছে।
-
মৈথিল ব্ৰাহ্মণ
মৈথিল ব্ৰাহ্মণ ভাৰত উপমহাদেশৰ মিথিলা অঞ্চলত বসতি স্থাপন কৰা ইন্দো-আৰ্য্য হিন্দু ব্ৰাহ্মণ সম্প্ৰদায়, যিয়ে ভাৰতৰ তিৰ্হুত, দৰভংগা, কোচি, পূৰ্ণিয়া, মুংগেৰ, ভাগলপুৰ আৰু সন্থল পৰগনা বিভাগ আৰু নেপালী তৰাইৰ কিছু অংশক বসতিস্থল হিচাপে সামৰি লৈছে। পঞ্চ গৌড় ব্ৰাহ্মণ সম্প্ৰদায়ৰ পাঁচটাৰ ভিতৰত এওঁলোক অন্যতম।
-
ল'ৰা
ল’ৰা এজন ডেকা পুৰুষ মানুহ। সাধাৰণতে শিশু বা কিশোৰ-কিশোৰীৰ বাবে এই শব্দটো ব্যৱহাৰ কৰা হয়। পুৰুষ মানুহে যেতিয়া প্ৰাপ্তবয়স্ক বয়সত উপনীত হয়, তেতিয়া তেওঁক সাধাৰণতে পুৰুষ বুলি বৰ্ণনা কৰা হয়।
-
লচ্চি
লচ্চি (lassi) ভাৰতীয় উপমহাদেশত প্ৰচলিত এবিধ পৰম্পৰাগত পানীয়। ই ভাৰতৰ জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ, হাৰিয়ানা আৰু পঞ্জাবৰ স্থানীয় পানীয়। সাধাৰণতে দৈৰ সৈতে ক্ৰীম, পানী, সোৱাদ অনুসৰি নিমখ বা চেনি, ফল আৰু মছলা ব্যৱহাৰ কৰি মিশ্ৰণ তৈয়াৰ কৰি বৰফ দি বা নিদিয়াকৈ চেঁচা উষ্ণতাত লচ্চি পৰিবেশন কৰা হয়।
-
লিংগ দৃঢ়বদ্ধতা
লিংগ দৃৃৃঢ়বদ্ধতাৰ (Gender stereotypes) 'দৃঢ়তা' বা ‘নিৰ্দিষ্ট' ধাৰণাটো ব্যক্তিক কোনো এক দল বা উপদলত শ্ৰেণীভুক্ত কৰাক সূচায়। ই এক সাধাৰণ সামাজিক সমস্যা।কোনো নিৰ্দিষ্ট বিশ্বাসৰ অন্তৰ্গত ব্যক্তিসকলক বিশেষত ঋণাত্মক শ্ৰেণীৰ অন্তৰ্ভুক্ত ব্যক্তিক সূচাবলৈ এই ‘দৃঢ়বদ্ধতা' শব্দৰ ব্যৱহাৰ কৰা হয়।
-
শ্ৰীমতী নাথীবাঈ দামোদৰ ঠাকৰচি মহিলা বিশ্ববিদ্যালয়
শ্ৰীমতী নাথীবাঈ দামোদৰ ঠাকৰচি মহিলা বিশ্ববিদ্যালয় বা চমুকৈ এছএনডিটি মহিলা বিশ্ববিদ্যালয় ভাৰতৰ মুম্বাইত অৱস্থিত এখন মহিলা বিশ্ববিদ্যালয়। ১৯১৬ চনত ধন্দ কেশৱ কৰ্ৱেয়ে ইয়াৰ স্থাপন কৰিছিল। বিশ্ববিদ্যালয় খনৰ মুখ্য কাৰ্যালয় দক্ষিণ মুম্বাইৰ চাৰ্চগেটত অৱস্থিত।
-
সৈনিক স্কুল, গোৱালপাৰা
সৈনিক স্কুল, গোৱালপাৰা (Sainik School, Goalpara) হৈছে অসমৰ এখন সামৰিক বিদ্যালয়। ১৯৬৪ চনৰ ১২ নৱেম্বৰত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত ইয়াক প্ৰতিষ্ঠা কৰা হয়। এই বিদ্যালয়খন এখন আৱাসিক বিদ্যালয়। ইয়াত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদান দিয়া হয়।
-
সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদ
সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদ ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ উচ্চশিক্ষা বিভাগৰ অধীনত আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰযুক্তি শিক্ষাৰ পৰিষদ। ১৯৪৫ চনৰ নৱেম্বৰ মাহত এই পৰিষদ চৰকাৰৰ উপদেষ্টা পৰিষদ হিচাপে গঠন কৰা হৈছিল।
-
সৰ্বশিক্ষা অভিযান
সৰ্বশিক্ষা অভিযান হৈছে ভাৰতত প্ৰচলিত এক শৈক্ষিক আঁচনি। নিৰ্দিষ্ট "সময়সীমাৰ ভিতৰত" প্ৰাথমিক শিক্ষাৰ সৰ্বজনীনকৰণৰ লক্ষ্যৰে ভাৰত চৰকাৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছিল।
-
ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক
ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক (National Bank for Agriculture and Rural Development) বা চমুকৈ নাবাৰ্ড এক সৰ্বভাৰতীয় উন্নয়ন বিত্তীয় প্ৰতিষ্ঠান আৰু ভাৰতৰ আঞ্চলিক গ্ৰাম্য বেংক, ৰাজ্যিক সমবায় বেংক আৰু জিলা কেন্দ্ৰীয় সমবায় বেংকৰ সামগ্ৰিক তত্বাৱধানৰ বাবে এটা শীৰ্ষ তত্বাৱধায়ক সংস্থা।
-
ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ
ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ (National Institute of Technology Silchar) অসমৰ শিলচৰ চহৰত অৱস্থিত এখন অভিযান্ত্ৰিক শিক্ষাৰ প্ৰতিষ্ঠান। ১৯৬৭ চনত আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয় (Regional Engineering College) হিচাপে প্ৰতিষ্ঠিত এই মহাবিদ্যালয়খন ২০০২ চনত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা…
-
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (ইংৰাজীত চমুকৈ AJYCP) অসমৰ এক যুৱ-ছাত্ৰ সংগঠন। অসমৰ জটিল জনগাঁথনিৰ পটভূমিত শোষণ,নিপীড়ন আৰু প্ৰবঞ্চনাৰ পৰা অসমৰ জনসাধাৰণক মুক্ত কৰিৱলৈ এক উমৈহতীয়া সংগ্ৰামী সত্ত্বাৰ প্ৰয়োজন আছিল।