তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Tinsukia Medical College & Hospital) অসমৰ তিনিচুকীয়া জিলাৰ মাকুমত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়।১ ২০২৪ চনত চিকিৎসা মহাবিদ্যালয়খন কাৰ্যক্ষম হয়। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু অসম চিকিৎসা সঞ্চালকালয়ে মহাবিদ্যালয়খন পৰিচালনা কৰে। তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি প্ৰাপ্ত আৰু শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। মহাবিদ্যালয়খনে ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ অনুমতি লাভ কৰে।২ এইখন অসমৰ ১৩তম চৰকাৰী চিকিৎসা মহাবিদ্যালয়।৩
ইতিহাস
অসম চৰকাৰে তিনিচুকীয়া জিলাৰ মাকুমত এখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় নিৰ্মাণৰ সিদ্ধান্ত লয়। তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নিৰ্মাণৰ বাবে আনুষংগিক আন্তঃগাঁথনিৰ লগতে অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণৰ পৰা আনুমানিক প্ৰকল্প ব্যয়ৰ বাবে ৩৫০ কোটি টকা অনুমোদন দিয়া হৈছিল। ২০১৯ চনৰ ৭ জানুৱাৰী তাৰিখে অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিষ্ঠানটোৰ আধাৰশিলা স্থাপন কৰে।৪ ২০২৪ চনৰ ৯ মাৰ্চ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৰহাটৰ পৰা ভাৰ্ছুৱেল ভাবে মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।৫ একে বছৰৰ ৬ জুলাই তাৰিখে মহাবিদ্যালয়খনে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ ১০০খন আসনৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অনুমতি লাভ কৰে।৬
পাঠ্যক্ৰম
২০২৪-২৫ শিক্ষাবৰ্ষত মহাবিদ্যালয়খনে ১০০ গৰাকী চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ সৈতে শিক্ষাবৰ্ষ আৰম্ভ কৰাৰ অনুমতি লাভ কৰিছে।
অৱস্থান
তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় অসমৰ তিনিচুকীয়া জিলাৰ মাকুম চহৰৰ লোহাৰী বঙালী গাঁৱত অৱস্থিত। ইয়াৰ নিকটৱৰ্তী মাকুম জংচন ৰেল ষ্টেচনৰ পৰা ই মাত্ৰ ৪ কিঃমিঃ আৰু ডিব্ৰুগড় বিমানবন্দৰৰ পৰা ৫০ কিঃমিঃ নিলগত অৱস্থিত। তিনিচুকীয়া চহৰৰ পৰা মহাবিদ্যালয়লৈ যাতায়াতৰ সু-ব্যৱস্থা আছে।
তথ্যসূত্ৰ
- ↑ (10 February 2024). Assam: Dispur applies for permission to make Tinsukia Medical College operational from this year. The Sentinel
- ↑ (6 July 2024). Assam: NMC recognises Tinsukia Medical College, adds 100 UG seats. India Today
- ↑ (6 July 2024). Assam: Tinsukia Medical College Receives National Medical Commission Recognition. The Sentinel
- ↑ (7 January 2019). Foundation of Tinsukia Medical College laid. The Assam Tribune
- ↑ (9 March 2024). PM Modi unveils development projects in Assam, accuses Congress of ignoring Northeast. The Hindu
- ↑ (11 July 2024). National Medical Commission recognises Tinsukia Medical College: Himanta. PTI News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়” প্ৰবন্ধৰ সংশোধন ৪২৫৬২৪ (১২ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।