অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

অসম মহিলা বিশ্ববিদ্যালয়

অসম মহিলা বিশ্ববিদ্যালয় অসমৰ যোৰহাটত অৱস্থিত চৰকাৰী খণ্ডৰ এখন বিশ্ববিদ্যালয়। ২০১৩ চনৰ ১৫ জুলাইত অসম বিধানসভাত নতুন মহিলা বিশ্ববিদ্যালয় সন্দৰ্ভত এক বিধেয়ক গৃহীত হয়।

হালনাগাদ: ১৩ এপ্ৰিল ২০২৫ ১৫২ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

অসম মহিলা বিশ্ববিদ্যালয় অসমৰ যোৰহাটত অৱস্থিত চৰকাৰী খণ্ডৰ এখন বিশ্ববিদ্যালয়। ২০১৩ চনৰ ১৫ জুলাইত অসম বিধানসভাত নতুন মহিলা বিশ্ববিদ্যালয় সন্দৰ্ভত এক বিধেয়ক গৃহীত হয়।১ সেই বছৰতে অসম মহিলা বিশ্ববিদ্যালয় আইন ২০১৩ –ৰ যোগেদি বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠা কৰা হয় আৰু ২০১৪ চনৰ ১১ ছেপ্টেম্বৰত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিশ্ববিদ্যালয়খনৰ আনুষ্ঠানিক উদ্বোধন কৰে।২৩৪৫ অসমৰ এইখনেই প্ৰথম মহিলা বিশ্ববিদ্যালয়।৬৭ বিভিন্ন বিষয়ত মুঠ ৬৫ খন আসনেৰে বিশ্ববিদ্যালয়খনৰ আৰম্ভণি কৰা হয়।

প্ৰাৰম্ভিক কালত ৰাজ্য চৰকাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° কে এম বুজৰবৰুৱাক বিশ্ববিদ্যালয়খনৰ চোৱাচিতাৰ দায়িত্ব দিয়ে।৮

২০১৯ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে অধ্যাপক ডঃ মালিনী গোস্বামীক অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্য হিচাপে নিযুক্ত কৰে।৯

পাঠ্যক্ৰম

বিশ্ববিদ্যালয়খনে আগবঢ়োৱা স্নাতক, স্নাতকোত্তৰ আৰু ডিপ্ল’মা পাঠ্যক্ৰমসমূহ:৬

স্নাতক

  • ইংৰাজী
  • মনোবিজ্ঞান
  • ফিজিঅ’থেৰাপী

স্নাতকোত্তৰ

  • অসমীয়া
  • কলাবিষয়ক অধ্যয়ন
  • অৰ্থনীতি
  • ইংৰাজী
  • মাছ কমিউনিকেচন
  • ৰাজনীতি বিজ্ঞান
  • মনোবিজ্ঞান
  • সমাজ বিজ্ঞান
  • শিক্ষা
  • ব্যৱসায় পৰিচালনা
  • কম্পিউটাৰ এপ্লিকেচন
  • পৰ্যটন
  • পুথিভঁৰাল আৰু তথ্য বিজ্ঞান
  • ফেশ্বন ডিজাইন আৰু প্ৰযুক্তিবিদ্যা
  • গণিত

ডিপ্ল’মা

  • বিউটী কেয়াৰ এণ্ড ৱেলনেছ
  • ফেশ্বন ইণ্টিগ্ৰেচন ফৰ এপাৰেল
  • গহণা নিৰ্মাণ
  • ৱেব প্ৰযুক্তিবিদ্যা

তথ্যসূত্ৰ

  1. ↑ (17 July 2013). Bills passed for introducing three new universities in Assam. Careerindia
  2. ↑ State University Assam. University Grants Commission
  3. ↑ (22 September 2014). Assam CM inaugurates first Women's University in Jorhat. Business Standard
  4. ↑ (16 July 2013). Three bills for new universities in Assam. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  5. ↑ (13 September 2014). CM inaugurates Assam Women’s University. Assam Tribune
  6. ↑ Tarun Gogoi inaugurates Assam Women's University in Jorhat. Zee News. plus.google.com/+zeenews/
  7. ↑ (11 September 2014). Assam Women’s University inaugurated. The Sentinel
  8. ↑ AAU appointed mentor of all-women’s varsity. The Telegraph
  9. ↑ (১২ ছেপ্টেম্বৰ ২০১৯). ড০ মালিনী গোস্বামীক অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি. নিউজ ১৮ অসম

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিশ্ববিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম মহিলা বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫০৩৪৯১ (১৩ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।