অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ

জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ (চমুকৈ জে এন চি এ এছ আৰ) এক বহু শৈক্ষিক বিষয় (ইংৰাজী: multidisciplinary) বিশিষ্ট গৱেষণা প্ৰতিষ্ঠান। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ…

হালনাগাদ: ৮ মাৰ্চ ২০১৩ ৪৫২ শব্দ · ৩ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ (চমুকৈ জে এন চি এ এছ আৰ) এক বহু শৈক্ষিক বিষয় (ইংৰাজী ভাষা: multidisciplinary) বিশিষ্ট গৱেষণা প্ৰতিষ্ঠান। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ (ইংৰাজী ভাষা:Department of Science and Technology)ৰ দ্বাৰা এই গৱেষণা প্ৰতিষ্ঠানটি স্থাপিত হৈছিল। জে এন চি এ এছ আৰ বেংগালুৰু মহানগৰীৰ জাক্কুৰ অঞ্চলত অৱস্থিত। বিজ্ঞান আৰু অভিযান্ত্ৰিক বিদ্যাৰ অগ্ৰণী বিষয়সমূহত বৈজ্ঞানিক গৱেষণা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত পৰিশীলন আৰু উৎকৰ্ষ সাধনেই হৈছে প্ৰতিস্থানটিৰ মূখ্য উদ্দেশ্য। বৰ্ত্তমান অধ্যাপক এম এছ আৰ ৰাও ১ প্ৰতিষ্ঠানটিৰ সভাপতি (ইংৰাজী ভাষা: president) আৰু অধ্যাপক চি এন আৰ ৰাও ইয়াৰ সন্মানীয় প্ৰতিস্থাপক সভাপতি।

শৈক্ষিক

জে এন চি এ এছ আৰত শৈক্ষিক বিভাগসমূহৰ ৬ টা এককত ভগোৱা হয়: পদাৰ্থৰ ৰসায়ন আৰু ভৌতিকী একক (Chemistry and Physics of Materials Unit, CPMU), অভিযান্ত্ৰিক বলবিজ্ঞান একক (Engineering Mechanics Unit, EMU), বিৱৰ্তনিক আৰু জৈৱিক জীৱবিজ্ঞান একক (Evolutionary and Organismal Biology Unit, EBU), আণৱিক জীৱবিজ্ঞান আৰু জে'নেটিকছ্ একক (Molecular Biology and Genetics Unit, MBGU), তাত্ত্বিক বিজ্ঞান একক (Theoretical Sciences Unit, TSU), শৈক্ষিক প্ৰযুক্তি আৰু ভূ-গতি একক (Educational Technology and Geodynamics Unit)। ইয়াৰ উপৰিও আন দুটা বৰ্হি-পৰিসৰৰ গৱেষণা একক আছে: ৰাসায়নিক জীৱবিজ্ঞান (Chemical Biology) আৰু ঘনীভূত অৱস্থাৰ তত্ত্ব বিজ্ঞান (Condensed Matter Theory)।

জে এন চি এছ আৰত থকা সংকায়-শিক্ষাৰ্থীৰ অনুপাত ১:৪। প্ৰতিষ্ঠানটোৰ নিজা অত্যাধুনিক পৰীক্ষণ, সংগণনা আৰু আন্তঃগাঁথনিৰ সা-সুবিধা আছে। ইয়াত পি এইছ ডি পাঠ্যক্ৰমৰ লগতে ইন্টিগ্ৰে'টেড পি এইছ ডি (স্নাতক পাঠ্যক্ৰমৰ পৰৱৰ্তী পৰ্যায়ত) আগবঢ়োৱা হয়। প্ৰতিষ্ঠানটো এখন "ডীমদ্ য়ুনিভাৰ্ছিটি" (ইংৰাজী ভাষা:deemed university), অৰ্থাৎ ই শিক্ষাৰ্থীক নিজা ডিগ্ৰী প্ৰদান কৰে।

বৈজ্ঞানিক সহযোগিতা আৰু গৱেষণা

বিগত বৰ্ষবোৰত জে এন চি এ এছ আৰৰ সংকায়ৰ সদস্য অধ্যাপকসকলে তেওঁলোকৰ গৱেষণা লব্ধ ফলাফল বিশ্বৰ বহু আগশাৰীৰ উৎকৃষ্ট বৈজ্ঞানিক আলোচনীত (ইংৰাজী ভাষা: Scientific Journal) প্ৰকাশ কৰি আহিছে। তেওঁলোকৰ গৱেষণা পত্ৰ প্ৰকাশ হোৱা আলোচনীসমূহৰ ভিতৰত Nature, Nature Medicine, Science, Evolution, the'Journal of the American Chemical Society, Angewandte Chemie, the'Journal of Fluid Mechanics, আৰু Physical Review Letters অন্যতম। জে এন চি এছ আৰৰ পৰা গড় হিচাপত প্ৰতি বছৰে দুই শতাধিক উচ্চস্তৰীয় বৈজ্ঞানিক গৱেষণা পত্ৰ প্ৰকাশ হয়।

গৱেষণা কেন্দ্ৰৰ সংকায় সদস্যসকলৰ মূল্যৱান বৈজ্ঞানিক অৱদান বিভিন্ন বঁটা, পুৰস্কাৰ ইত্যাদিৰ মাধ্যমত স্বীকৃত হৈছে। সন্মানীয় প্ৰতিস্থাপক সভাপতি চি এন আৰ ৰাওৰ বঁটা প্ৰাপ্তিৰ তালিকা বহু পৃষ্ঠা জোৰা হ'ব২। সংকায়ৰ সদস্যসকলৰ দ্বাৰা প্ৰাপ্ত সন্মানসমূহৰ ভিতৰত উল্লেখনীয় কেইটামান হৈছে: ২০০৬ চনত তাপস কে কুন্দুৰ জীৱবিজ্ঞান বিভাগত (শান্তি স্বৰূপ ভাটনাগৰ বঁটা), অনুৰাজন আনন্দ্ (আণৱিক শক্তি আয়োগ- ডি এ' ইৰ উৎকৃষ্ট গৱেষণা বঁটা, শ্ৰীকান্ত শাস্ত্ৰী, জি ইউ কুলকাৰ্নি আৰু এছ বালাসুব্ৰমনিয়ম (কেইজনলৈ বিৰলা বিজ্ঞান বঁটা আগবঢ়োৱা হৈছে), ২০০৭ চনত ৰামা গোৱিন্দৰাজন (শান্তি স্বৰূপ ভাটনাগৰ বঁটা), ২০১০ চনত উমেশ ৱাঘমেৰে (শান্তি স্বৰূপ ভাটনাগৰ বঁটা) ইত্যাদি।

চৌহদ

Buckyball আণৱিক জীৱবিজ্ঞান আৰু জে'নেটিকছ্ একক (''MBGU'') ভৱন, জে এন চি এ এছ আৰ
Buckyball আণৱিক জীৱবিজ্ঞান আৰু জে'নেটিকছ্ একক (MBGU) ভৱন, জে এন চি এ এছ আৰছবি: Arunlovy · CC BY-SA 3.0

জে এন চি এছ আৰৰ চৌহদ স্থাপত্যগত ভাৱে আকৰ্ষণীয় আৰু উদ্ভাৱনীমূলক। কেবা একৰ এলেকা জুৰি সেউজ প্ৰাকৃতিক পৰিবেশেৰে জে এন চি এছ আৰ আবৃত। সেউজ চৌহদৰ বৃক্ষ সমূহৰ ওপৰেৰে মাথোঁ Charles Correaৰ পৰিকল্পনাৰে নিৰ্মিত বাকিবল ড'ম (ইংৰাজী ভাষা:buckyball dome) হে দৃশ্যমান।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ আহৰণৰ তাৰিখ:১১-০২-২০১২ Prof. M.R.S. Rao, President, JNCASR, Bangalore
  2. ↑ www.jncasr.ac.in/cnrrao/

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ শৈক্ষিক প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ১১৮৫১২ (৮ মাৰ্চ ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।