অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

থুৰীয়া

থুৰীয়া (অথবা থুৰিয়া) হৈছে অসমীয়া পৰম্পৰাগত কাণত পিন্ধা এবিধ অলংকাৰ। এইবিধ অলংকাৰ অকল সোণেৰে গঢ়োৱা হয়। বাখৰ খটোৱা নহয়। থুৰীয়া পিন্ধিবলৈ কাণৰ ফুটাটো যথেষ্ট ডাঙৰ হ’ব লাগিছিল। সেইবাবে সকলোৱে ইয়াক পৰিধান কৰিব নোৱাৰিছিল। আজিকালি অৱশ্যে ইয়াক বিশেষ কৌশলেৰে গঢ়োৱা হয় যাতে সকলোৱে পিন্ধিবা পাৰে।

হালনাগাদ: ১১ আগষ্ট ২০২৬ ২৯৮ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

থুৰীয়া (অথবা থুৰিয়া) হৈছে অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) পৰম্পৰাগত কাণত পিন্ধা এবিধ অলংকাৰ। এইবিধ অলংকাৰ অকল সোণেৰে গঢ়োৱা হয়। বাখৰ খটোৱা নহয়। থুৰীয়া পিন্ধিবলৈ কাণৰ ফুটাটো যথেষ্ট ডাঙৰ হ’ব লাগিছিল। সেইবাবে সকলোৱে ইয়াক পৰিধান কৰিব নোৱাৰিছিল। আজিকালি অৱশ্যে ইয়াক বিশেষ কৌশলেৰে গঢ়োৱা হয় যাতে সকলোৱে পিন্ধিবা পাৰে। থুৰীয়া অতীততে চুতীয়া ৰাজ্যত প্ৰচলিত আছিল। উজনি অসমৰ ই এক বিশিষ্ট অলংকাৰ। উজনি‌ অসমৰ বয়সীয়াল মহিলা সকলে পৰিধান কৰিছিল। এটা সময়ত এইপদ অলংকাৰৰ ব্যৱহাৰ কমি গৈছিল যদিও এতিয়া ই পৰিশীলিত ৰূপত পুনৰ ব্যৱহাৰ হ’বলৈ ধৰিছে।

থুৰীয়া নামৰ উৎপত্তি

থুৰীয়া শব্দটোৰ উৎপত্তি কলি (Bud) বুজোৱা অসমীয়া শব্দ "থুৰি"ৰ পৰা হৈছে কাৰণ ইয়াৰ গঠন ফুল বা পাতৰ কলিৰ দৰে।‌

ইতিহাস

থুৰীয়া কাণফুলি উজনি অসমত উদ্ভাৱন হোৱা এক‌ বিশেষ কাণফুলি। কাণৰ ফুটা বহল কৰি থুৰীয়া লেখীয়া কাণফুলি পিন্ধাটো মূলত চীন-তিব্বতীয় ভাষাগোষ্ঠীৰ পাহাৰীয়া জনজাতি সকলৰ সংস্কৃতি। অসমৰ বাহিৰে অৰুনাচল প্ৰদেশৰ আবৰ/আদি, মিচিমি‌, নিচি আৰু কিছু নগা জনগোষ্ঠীৰ মহিলাসকলেও থুৰীয়া লেখীয়া একেই ধৰণৰ কাণফুলি পিন্ধা দেখা যায়। ম্যানমাৰ আৰু চীন দেশৰ চীন-তিব্বতীয় পাহাৰীয়া জনজাতি সমূহৰ মাজতো একেই ধৰণৰ কাণফুলি দেখা যায়। বৰ্তমানে উজনি অসমৰ চীন-তিব্বতীয় বড়ো-কছাৰী মূলৰ চুতীয়া, দেউৰী, আৰু মৰাণ সকলৰ মাজত বয়সীয়াল মহিলা সকলে থুৰীয়া পিন্ধা দেখা যায়। নামনি অসমৰ বড়ো মহিলাসকলেও থুৰীয়াৰ লেখীয়া এবিধ কাণফুলি পিন্ধে যাক বড়ো ভাষাত "দৌলা" কাণফুলি বুলি কোৱা হয়।১ থুৰীয়া লেখীয়া কাণফুলি ডিমাছা মহিলা সকলেও পিন্ধা দেখা যায়, যাক ডিমাছা ভাষাত "খমাওথাই" বুলি কোৱা হয়।২বড়ো-কছাৰী মূলৰ ত্ৰিপুৰি সকলেও থুৰীয়াৰ দৰে "ৱাখোম" নামৰ কাণফুলি পৰিধান কৰে।‌ সম্ভৱতঃ বড়ো-কছাৰী মূলীয় সকলৰ মিচিমি, আবৰ বা‌ নগা জনগোষ্ঠীৰ লগত থাকি হোৱা সংস্কৃতিৰ আদান প্ৰদানৰ ফলতে হয়টো থুৰীয়া কাণফুলিৰ বিকাশ ঘটিছিল।

ত্ৰিপুৰি মহিলা সকলৰ থুৰীয়া জাতীয় ৰূপৰ‌ "ৱাখোম" কাণফুলি।
ত্ৰিপুৰি মহিলা সকলৰ থুৰীয়া জাতীয় ৰূপৰ‌ "ৱাখোম" কাণফুলি।ছবি: Ananya Taye · CC0

আকৃতি আৰু গঠন

থুৰীয়া পৰিধান কৰা দেউৰী ‌বৃদ্ধ মহিলা এগৰাকী।
থুৰীয়া পৰিধান কৰা দেউৰী ‌বৃদ্ধ মহিলা এগৰাকী।ছবি: Ananya Taye · CC0

ইয়াৰ চানেকি এপাহ ফুলৰ দৰে। সমুখৰ ফুলটোৰ পিছফালে এডাল শলা থাকে, সেই শলা ডাল কাণৰ লতিৰে সুমুৱাই দি পিছপিনৰ অংশটো পেঁচ গজালৰ (স্ক্ৰু) দৰে পকাই পৰিধান কৰা হয়। থুৰীয়া বিভিন্ন প্ৰকাৰৰ আছে। যেনে- উকা থুৰীয়া, বাখৰুৱা থুৰীয়া, সোণৰ থুৰীয়া, বাখৰ পতা, ৰূপৰ থুৰীয়া, জাংফাই থুৰীয়া ইত্যাদি। ৩

তথ্যসংগ্ৰহ

  • অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড॰ পৰমানন্দ ৰাজবংশী, ড॰ নাৰায়ন দাস (পৃষ্ঠা- ১৮০)

তথ্যসূত্ৰ

  1. ↑ Doula earings of Bodo tribe
  2. ↑ Khmaothai Dimasa earrings
  3. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

অসমৰ অলংকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থুৰীয়া” প্ৰবন্ধৰ সংশোধন ৬২৬১৩৩ (১১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।