অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কেবায়া

কেবায়া (ইংৰাজী: kebaya) হৈছে দক্ষিণ-পূব এছিয়াৰ মহিলাসকলে পৰম্পৰাগতভাৱে পৰিধান কৰা এবিধ পৰম্পৰাগত বস্ত্ৰ। ব্ৰুণেই,ইণ্ডোনেছিয়া, মালয়েছিয়া, ছিংগাপুৰ আৰু দক্ষিণ থাইলেণ্ডত মহিলাসকলে কেবায়া পৰিধান কৰে। দক্ষিণ ফিলিপাইন আৰু কম্বোডিয়াৰ কিছু অঞ্চলতো কেবায়া পৰিধান কৰা হয়।

হালনাগাদ: ২৭ ফেব্ৰুৱাৰী ২০২৪ ৫০২ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কেবায়া (ইংৰাজী: kebaya) হৈছে দক্ষিণ-পূব এছিয়াৰ মহিলাসকলে পৰম্পৰাগতভাৱে পৰিধান কৰা এবিধ পৰম্পৰাগত বস্ত্ৰ। ব্ৰুণেই,ইণ্ডোনেছিয়া,১ মালয়েছিয়া, ছিংগাপুৰ আৰু দক্ষিণ থাইলেণ্ডত২ মহিলাসকলে কেবায়া পৰিধান কৰে। দক্ষিণ ফিলিপাইন আৰু কম্বোডিয়াৰ কিছু অঞ্চলতো কেবায়া পৰিধান কৰা হয়।৩৪

কেবায়া হৈছে সন্মুখৰ ফালে উন্মুক্ত হৈ থকা শৰীৰৰ ওপৰৰ অংশত পিন্ধা এবিধ বস্ত্ৰ। এই বস্ত্ৰ পৰম্পৰাগতভাৱে গুণা কৰা ৰেচম, কপাহ, গজ নামৰ এবিধ উণ, লেছ বা ভয়েলৰ দৰে লঘু কাপোৰৰ পৰা তৈয়াৰ কৰা হয় আৰু কেতিয়াবা এম্ব্ৰয়ডাৰী কৰি সাজোন দিয়া হয়। সন্মুখভাগ বুটাম বা পিনৰ দ্বাৰা সুৰক্ষিত কৰা হয়। এই পোছাকৰ সৈতে ছাৰং, কেম্বেন বা কাইন পৰিধান কৰা হয়।

কেবায়াক আনুষ্ঠানিকভাৱে ইণ্ডোনেছিয়াৰ জাতীয় সাজ-পাৰ আৰু ফেশ্বন আইকন হিচাপে স্বীকৃতি দিয়া হৈছে, যদিও জাভানিজ, চুণ্ডানীজ আৰু বালিনী লোকসকলেও বহুলভাবে কেবায়া পৰিধান কৰে। মালয়েছিয়া, ছিংগাপুৰ আৰু ব্ৰুণেইত ইয়াক বিশেষকৈ মালয় আৰু পেৰানাকান সম্প্ৰদায়ৰ মাজত ইয়াৰ অন্যতম পৰম্পৰাগত বস্ত্ৰ হিচাপে স্বীকৃতি দিয়া হয়; এই অঞ্চলত এই সম্পূৰ্ণ সাজ-পোছাকক "ছাৰং কেবায়া" বুলি জনা যায়। সমগ্ৰ অঞ্চলটোত ঠাইভেদে ছাৰং কেবায়াৰ শৈলী বেলেগ বেলেগ।

কেবায়া দক্ষিণ-পূব এছিয়াৰ ফেশ্বন আইকন হৈ পৰিছে, ছিংগাপুৰ এয়াৰলাইন্স, মালয়েছিয়া এয়াৰলাইন্স, ৰয়েল ব্ৰুণেই এয়াৰলাইন্স আৰু গাৰুড়া ইণ্ডোনেছিয়াকে আদি কৰি বহুতো দক্ষিণ-পূব এছিয়াৰ পতাকাবাহী বিমান সংস্থাই তেওঁলোকৰ মহিলা বিমান পৰিচাৰিকাসকলৰ বাবে পৰম্পৰাগত কাপোৰক সম-সাজ হিচাপে গ্ৰহণ কৰিছে।

ব্যুৎপত্তি

“কেবায়া” শব্দটো প্ৰথমবাৰৰ বাবে ১৮৮৬ চনত প্ৰকাশিত হবছন-জবছন অভিধানত থকা এটা আৰবী শব্দ “কাবা”ৰ (qaba) সৈতে সম্পৰ্কীত কৰা হৈছিল, যাৰ অৰ্থ হৈছে “এবিধ পোছাক”।৫৬ এই শব্দটো সপ্তম শতিকাৰ পৰাই ব্যৱহাৰ কৰা হৈছিল আৰু শব্দটো “সন্মানীয় পোছাক” অৰ্থ বহন কৰা পাৰ্চী শব্দৰ পৰা উৎপত্তি হৈছিল।৭ ১৬ আৰু ১৭ শতিকাত পৰ্তুগীজৰ প্ৰকাশিত তথ্যতো “মুছলমানৰ দীঘল চোলা” বুজাবলৈ ‘কাবায়া’ (cabaya)৮ বুলি আন এটা শব্দ ব্যৱহাৰ কৰা হৈছে। তাৰ পিছত ১৬ শতিকাৰ সময়ছোৱাত পৰ্তুগীজ মধ্যস্থতাকাৰীৰ জৰিয়তে এই শব্দটো মালয় বিশ্ব আৰু জাভাত প্ৰৱৰ্তন কৰা হয়।৯১০১১

মালয় ভাষাৰ অভিধান “কামুছ দেৱান”ৰ (Kamus Dewan) মতে কেবায়াক মহিলাই পৰিধান কৰা সন্মুখৰ ফালে খোলা দীঘল হাতৰ আৰু বুটাম, পিন বা ব্ৰচেৰে সুৰক্ষিত কৰা এবিধ পোছাক বুলি সংজ্ঞায়িত কৰা হয়,১২ আনহাতে ইণ্ডোনেছিয়াৰ অভিধান “কামুছ বেছাৰ বাহাছা ইণ্ডোনেছিয়া”ই (Kamus Besar Bahasa Indonesia) ইয়াক দীঘল কাপোৰৰ টুকুৰা এটাৰে সৈতে মহিলাই ওপৰত পিন্ধা বস্ত্ৰ বুলি বৰ্ণনা কৰিছে।১৩ যদিও কেবায়াৰ উৎপত্তিত পুৰুষ-মহিলা উভয়ে পৰিধান কৰা সাজ-পোছাক হিচাপেই পোৱা গৈছে, তথাপিও দুয়োটা ভাষাতে কেবায়াৰ আধুনিক সংজ্ঞা সংকুচিত কৰি কেৱল মহিলাৰ সাজ-পাৰ বুজোৱা হৈছে।

আধুনিক ব্যৱহাৰ

বৰ্তমান কেবায়া প্ৰাচ্য শৈলীৰ বস্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে আৰু আধুনিক ফেশ্বন জগতখনক যথেষ্ট প্ৰভাৱিত কৰিছে। কেবায়াই পেলোৱা প্ৰভাৱৰ অন্যতম উদাহৰণ হৈছে “লেচ ড্ৰেছ”।

পৰম্পৰাগত কেবায়াৰ বাহিৰেও ফেশ্বন ডিজাইনাৰসকলে ডিজাইনটো সলনি কৰি কেবায়াক অধিক ফেশ্বনেবল সাজ-পাৰ হিচাপে গঢ়ি তুলিছে। কেজুৱেল ডিজাইনৰ কেবায়া আনকি জিন্স বা স্কাৰ্টৰ সৈতেও পিন্ধিব পাৰি। বিয়া বা আনুষ্ঠানিক অনুষ্ঠানৰ বাবে বহু ডিজাইনাৰে লেচৰ দৰে অন্যান্য ধৰণৰ মিহি কাপোৰৰ ব্যৱহাৰ কৰি বিবাহত পিন্ধা কেবায়া তৈয়াৰ কৰিছে।

আধুনিক যুগৰ কেবায়াত আধুনিক চিলাই কলাৰ উদ্ভাৱন যেনে ক্লাচপ, জিপাৰ আৰু বুটাম জিপাৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু মহিলাসকলৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে। আন আন আধুনিক উদ্ভাৱনসমূহৰ ভিতৰত আছে “ব্লাউজ বাজু কেবায়া”, “কেবায়া ব্লাউজ” আদি। “গৰুড়া ইণ্ডোনেছিয়া”, “মালয়েছিয়া এয়াৰলাইনছ” আৰু “ছিংগাপুৰ এয়াৰলাইনছ”ৰ মহিলা বিমান পৰিচাৰিকাসকলেও সমসাজ হিচাপে “বাটিক কেবায়া” পৰিধান কৰে।

বৰ্তমান ইণ্ডোনেছিয়াই কেবায়াক ইউনেস্কোৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্য হিচাপে স্বীকৃতি লাভৰ বাবে প্ৰচেষ্টা চলাইছে। ইণ্ডোনেছিয়াৰ মহিলাসকলক দৈনন্দিন জীৱনত কেবায়া পৰিধান কৰিবলৈ আহ্বান জনোৱাৰ জৰিয়তে ইণ্ডোনেছিয়াৰ ফেশ্বন আইকন হিচাপে কেবায়াক সন্মানজনক স্থানলৈ ঘূৰাই অনাৰ বাবেও প্ৰচেষ্টা চলোৱা হৈছে।১৪

তথ্যসূত্ৰ

  1. ↑ (3 November 2020). Kebaya: Identitas Nasional Indonesia. Research Center for Society and Culture, Indonesian Institute of Science (LIPI)
  2. ↑ (2018). CHINESE HERITAGE ON THE WEST COAST OF SOUTHERN THAILAND: A HOLISTIC APPROACH TO IDENTIFICATION AND CONSERVATION. Graduate School, Silpakorn University
  3. ↑ (19 July 2015). Tanailee
  4. ↑ Bhar, Supriya. (1980). SANDAKAN: Gun Running Village to Timber Centre, 1879-1979. Journal of the Malaysian Branch of the Royal Asiatic Society. পৃ. 120–149
  5. ↑ The Kebaya - An Indonesian Traditional Dress for Women. www.expat.or.id
  6. ↑ Denys Lombard. (1990). Le carrefour javanais: essai d'histoire globale. Civilisations et sociétés. École des hautes études en sciences sociales. ISBN 2-7132-0949-8
  7. ↑ Sanjay Subrahmanyam. (2012). Courtly Encounters: Translating Courtliness and Violence in Early Modern Eurasia. Harvard University Press. ISBN 9780674067363
  8. ↑ Variations of the term cabaya includes caba, cabai, cabaia, cabaai, cabay and cabaye
  9. ↑ Hobson-Jobson. dsal.uchicago.edu
  10. ↑ Triyanto. (29 December 2010). Kebaya Sebagai Trend Busana Wanita Indonesia dari Masa ke Masa
  11. ↑ Times, I. D. N.; Khalika, Nindias. Sejarah Kebaya, Pakaian Perempuan Sejak Abad ke-16. IDN Times
  12. ↑ Maklumat Kata Kamus Bahasa Melayu. prpm.dbp.gov.my
  13. ↑ Arti kata kebaya - Kamus Besar Bahasa Indonesia (KBBI) Online. kbbi.web.id
  14. ↑ Harsianti, Juliana. Returning to kebaya as Indonesia's fashion icon. The Jakarta Post

সম্পৰ্কিত শ্ৰেণী

বস্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেবায়া” প্ৰবন্ধৰ সংশোধন ৪০৮২৬১ (২৭ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।