গৰু,ছাগলী,ম'হ আদি কিছুমান বিশেষ জন্তুৰ গাখীৰ মানুহৰ বাবে পুষ্টিকৰ খাদ্য। কিন্তু সকলো ঠাইতে সকলো সময়তে এই গাখীৰ পোৱা নাযায়। জন্তুৰ গাখীৰ পৰিপূৰক হিচাপে মানুহে আজিকালি টিনত থকা পাউদাৰ গাখীৰ ব্যৱহাৰ কৰে। পানী নথকা এই গাখীৰক কৃত্ৰিম গাখীৰ বুলি কোৱা হয়।
আবিষ্কাৰক
কৃত্ৰিম গাখীৰৰ আবিষ্কাৰক জনৰ নাম হ'ল গেইল বাৰ্ডেন।
আবিষ্কাৰৰ আৰৰ কাহিনী
এবাৰ বাৰ্ডেনে জাহাজত ভ্ৰমণ কৰিবলৈ গৈছিল। তেতিয়াই দেখিছিল গৰুৰ গাখীৰ খাই মৃত্যুমুখত পৰা কেইটিমান শিশুক। শিশুকেইটাই খোৱা গৰুৰ গাখীৰখিনি বীজাণুৰ দ্বাৰা সংক্ৰামিত হৈ বিষাক্ত হোৱা বাবেই এনে হৈছিল। এই ঘটনাই বাৰ্ডেনৰ মনত সাঁচ বহুৱালে আৰু তেওঁ চিন্তা কৰিবলৈ ধৰিলে কিদৰে গাখীৰ সংৰক্ষন কৰিব পাৰি। এইদৰে পৰীক্ষা চলোৱাৰ অন্তত এটা সিদ্ধান্তত উপনীত হ'ব পৰা গল যে খাদ্য দ্ৰব্যৰ পানীভাগ আঁতৰাই শুকান কৰি ৰাখিব পাৰিলে বীজাণুয়ে সহজে আক্ৰমণ কৰিব নোৱাৰে। তদুপৰি পানীভাগ আঁতৰাই দিলে আয়তনো কমি যায় যাৰ ফলত ৰাখিবলৈও সুবিধা হয়। প্ৰথম অৱস্থাত বাৰ্ডেনে ১২০ পাউন্ড গৰুৰ মাংস সিজাই তাৰ পানীভাগ নোহোৱা কৰি মাংসৰ ওজন ১০ পাউণ্ডলৈ হ্ৰাস কৰিলে। সেইখিনিকে তেওঁ ময়দাৰ লগত মিহলাই এবিধ বিস্কুত প্ৰস্তুত কৰি উলিয়ায়। এই ধৰণৰ কৃতকাৰ্যতাৰ পাছত বাৰ্ডেনে ১৮৫৩ গাখীৰৰ ওপৰত পৰীক্ষা আৰম্ভ কৰিলে। তেওঁ গাখীৰক এটা বায়ুৰোধী, বায়ুশুন্য পাত্ৰত উতলাই গাখীৰৰ পানীভাগ আঁতৰাই ল'লে।এই কাৰ্যত তেওঁ সফলতা লাভ কৰিলে। ১৮৫৭ চনৰ ১১ মে'ত বাৰ্ডেনে এজন বন্ধুৰ সহায়ত 'নিউয়ৰ্ক কনডেন্ছ মিল্ক কোম্পানী' স্থাপন কৰে। পাছলৈ এই কোম্পানী 'বাৰ্ডেন কোম্পানী' নামে পৰিচিত হয় আৰু তেতিয়াৰ পৰা বজাৰত শিশুৰ উপযোগী কৃত্ৰিম গাখীৰ সহজলভ্য হৈ পৰে। ১
তথ্যসূত্ৰ
- ↑ কোনে কেতিয়া ক'ত কেনেকৈ কি আৱিষ্কাৰ কৰিছিল, শান্তনু কৌশিক বৰুৱা, জ্যোতি প্ৰকাশন,২০০১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃত্ৰিম গাখীৰ” প্ৰবন্ধৰ সংশোধন ১৮২১৪০ (২৩ আগষ্ট ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।