অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

গোলাঘাট বাণিজ্য মহাবিদ্যালয়

গোলাঘাট বাণিজ্য মহাবিদ্যালয় গোলাঘাটৰ জ্যোতি নগৰত স্থাপিত উজনি অসমৰ এক আগশাৰীৰ শিক্ষানুষ্ঠান। ১৯৭২ চনৰ ৯ অক্টোবৰত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ এই মহাবিদ্যালয়খনত বাণিজ্য আৰু কলা দুয়োটা শাখাতে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰচলন আছে।

হালনাগাদ: ২৭ জুন ২০২৫ ২৯৯ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

গোলাঘাট বাণিজ্য মহাবিদ্যালয় গোলাঘাটৰ জ্যোতি নগৰত স্থাপিত উজনি অসমৰ এক আগশাৰীৰ শিক্ষানুষ্ঠান। ১৯৭২ চনৰ ৯ অক্টোবৰত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ এই মহাবিদ্যালয়খনত বাণিজ্য আৰু কলা দুয়োটা শাখাতে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰচলন আছে।

ইতিহাস

১৯৭২ চনৰ ৯ অক্টোবৰত প্ৰথমে গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ সহযোগত গোলাঘাট বাণিজ্য মহাবিদ্যালয় স্থাপিত হৈছিল। দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ তদানীন্তন অধ্যক্ষ ড০ মোহিনী কুমাৰ শইকীয়াই দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ চৌহদতে গোলাঘাট বাণিজ্য মহাবিদ্যালয় পাঠদানৰ সুবিধা কৰি দিছিল। ১৯৭৩ চনৰ ২ নৱেম্বৰত মহাবিদ্যালয়খন বৰ্তমানৰ স্থানলৈ স্থানান্তৰ কৰা হয়।

মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত প্ৰতিষ্ঠাপক অধ্যক্ষ পুনাৰাম নেওগকে ধৰি বিভিন্নজনে অৱদান আগবঢ়াইছিল। প্ৰতিষ্ঠাপক প্ৰবক্তাসকল, দাতা তথা গোলাঘাটৰ ৰাইজৰ অৱদান, যত্ন তথা সহায়ৰ ফলশ্ৰুতিত মহাবিদ্যালয়খন আগবাঢ়ি যাবলৈ সক্ষম হৈছিল। মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ পুনাৰাম নেওগে ১৯৯৫ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে।

শৈক্ষিক বিষয়

গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত বাণিজ্য আৰু কলা দুয়োটা শাখাৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ উপৰিও অসমীয়া, ইংৰাজী, হিন্দী, ভূগোল বিজ্ঞান, ৰাজনীতি বিজ্ঞান, বুৰঞ্জী, শিক্ষা, অৰ্থনীতি, মেনেজমেন্ট, ফাইনেন্স, বেংকিং এণ্ড ইন্সিওৰেন্স আৰু মানৱ সম্পদ পৰিচালনা বিষয়ত স্নাতক অনাৰ্চ পাঠ্যক্ৰমৰ প্ৰচলন আছে। তাৰ লগতে বাণিজ্য বিভাগ আৰু অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণৰ সুবিধা আছে। ইবিলাকৰ উপৰিও মহাবিদ্যালয়খনত বিভিন্ন কেৰিয়াৰমুখী পাঠ্যক্ৰমৰ প্ৰচলন আছে।

১. কেৰিয়াৰ অৰিয়েণ্টেড পাঠ্যক্ৰম:

  • পৰ্যটন (Tourism)
  • বীমা (Insurance)
  • বেংকিং (Banking)
  • ই-কমাৰ্চ বিশ্ব বাণিজ্য (e-commerce world trade)
  • বৈদেশিক মুদ্ৰা (Foreign Exchange)
  • খুচুৰা বিক্ৰী (Retailing)
  • চাহ পৰিচালনা (Tea Management)

২. চাৰ্টিফিকেট পাঠ্যক্ৰম:

  • ক্ষুদ্ৰ ব্যৱসায় ব্যৱস্থাপনা
  • মানৱ সম্পদ ব্যৱস্থাপনা
  • খুচুৰা বিপণন ব্যৱস্থাপনা

বিভাগসমূহ

মহাবিদ্যালয়খনত বিভিন্ন শৈক্ষিক বিভাগ আছে। এই বিভাগসমূহে বাণিজ্য আৰু কলা শাখাত অনাৰ্চ তথা আন আন পাঠ্যক্ৰম আগবঢ়ায়। মহাবিদ্যালয়খনৰ শৈক্ষিক বিভাগসমূহ হ’ল-

স্বীকৃতি

গোলাঘাট বাণিজ্য মহাবিদ্যালয়ে ২০২৩ চনত NAACৰ মূল্যায়নত "A" গ্ৰেড লাভ কৰিছে।

তথ্যউৎস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোলাঘাট বাণিজ্য মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫২১০৩৫ (২৭ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।