সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মছলা চাহ
মছলা চাহ বুলিলে সচৰাচৰ সুগন্ধিযুক্ত একপ্ৰকাৰ উষ্ণ পানীয়ক বুজায়, যি ক'লা চাহ পাতৰ লগত বিভিন্ন ধৰণৰ মছলা আৰু ভেষজৰ লগত পানীত গৰম কৰি প্ৰস্তুত কৰা হয়। যি মূলতঃ ভাৰতীয় উপমহাদেশত উদ্ভাৱিত, কিন্তু বিশ্বব্যাপী সমাদৃত হৈছে। মছলা চাহ ৰেস্তোৰাঁ বা কফি হাউজৰ এটি আৱশ্যক বা জনপ্ৰিয় বৈশিষ্ট্য।
-
মাৰ্ক্সবাদী নাৰীবাদ
মাৰ্ক্সবাদী নাৰীবাদ (Marxist Feminism) হৈছে নাৰীবাদৰ এক দাৰ্শনিক ৰূপ যিয়ে মাৰ্ক্সবাদী তত্ত্বক সামৰি লৈছে আৰু ইয়াক সম্প্ৰসাৰিত কৰিছে। মাৰ্ক্সবাদী নাৰীবাদে পুঁজিবাদ আৰু ব্যক্তিগত সম্পত্তিৰ ব্যক্তিগত মালিকীস্বত্বৰ জৰিয়তে নাৰীক শোষণৰ ধৰণসমূহ বিশ্লেষণ কৰে।
-
মিছ আৰ্থ
মিছ আৰ্থ (Miss Earth) হৈছে এক আন্তৰ্জাতিক সৌন্দৰ্য প্ৰতিযোগিতা যি পৰিৱেশ সজাগতা, সংৰক্ষণ আৰু সামাজিক দায়বদ্ধতাৰ সমৰ্থন কৰে। বিশ্ব-ফাইনেলত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ সংখ্যাৰ ক্ষেত্ৰত এই প্ৰতিযোগিতাখন বিশ্বৰ তৃতীয় সৰ্ববৃহৎ সৌন্দৰ্য প্ৰতিযোগিতা।
-
যোৰহাট মহাবিদ্যালয় (একত্ৰিত)
যোৰহাট মহাবিদ্যালয় (একত্ৰিত) (Jorhat College(Amalgamated)) যোৰহাট নগৰৰ মাজমজিয়াত অৱস্থিত কেৱল কলা শাখাৰ এখন স্নাতক মহাবিদ্যালয়। ইয়াত ছাত্ৰ-ছাত্ৰী উভয়ৰে পঢ়াৰ সুবিধা আছে।
-
সিংহলী জনগোষ্ঠী
সিংহলী জনগোষ্ঠী বা সিংহলী (Sinhalese people) হৈছে শ্ৰীলংকা দ্বীপৰ এক স্থানীয় জনগোষ্ঠী।ঐতিহাসিকভাৱে, তেওঁলোকক হেলাচ বা সিংহ লোক বুলিও জনা যায়। সিংহলীসকল শ্ৰীলংকাৰ সৰ্ববৃহৎ জনগোষ্ঠী, যি শ্ৰীলংকাৰ জনসংখ্যাৰ প্ৰায় ৭৫% আৰু তেওঁলোকৰ জনসংখ্যা ১৬.২ নিযুততকৈও অধিক।
-
সৰ্বকামিতা
সৰ্বকামিতা, হ'ল যিকোনো দৈহিক যৌনতা বা লিংগ পৰিচয়-বিশিষ্ট মানুহৰ প্ৰতি এক প্ৰকাৰৰ যৌন আকৰ্ষণ, ৰোমাণ্টিক প্ৰেম বা আৱেগিক আকৰ্ষণ। সৰ্বকামী ব্যক্তিসকলে নিজকে লিংগ-অন্ধ হিচাপে নিৰ্দেশ কৰে, যাৰ দ্বাৰা বুজোৱা হয় যে, তেওঁলোকে আনৰ প্ৰতি যৌন আকৰ্ষণ অনুভৱ কৰে কিন্তু সেয়া নিৰ্ধাৰণৰ হেতু লিংগ আৰু জৈৱিক যৌন…
-
সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সন্থা
সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সন্থা (All India Democratic Women's Association) গণতন্ত্ৰ, সমতা আৰু মহিলাৰ মুক্তি লাভৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ মহিলা সংগঠন। ভাৰতৰ ২৩খন ৰাজ্যত ইয়াৰ সাংগঠনিক উপস্থিতি আছে৷ বৰ্তমান সংগঠনত সদস্য সংখ্যা ১ কোটি ১০ লাখতকৈ অধিক।
-
হানবক
হানবক কোৰিয়ান জনসাধাৰণৰ পৰম্পৰাগত সাজ-পোছাক। হানবক শব্দটো মূলতঃ দক্ষিণ কোৰিয়াৰ লোকে ব্যৱহাৰ কৰে; উত্তৰ কোৰিয়াৰ লোকসকলে কাপোৰক chosŏn-ot (কোৰিয়ান কাপোৰ) বুলি কয়। কোৰিয়াৰ প্ৰব্ৰজনকাৰীসকলেও এই কাপোৰ পিন্ধে, বিশেষকৈ চীনৰ কোৰিয়ানসকলে। কোৰিয়ানসকলে প্ৰাচীন কালৰ পৰাই হানবক পিন্ধি আহিছে।
-
হৰিজন সেৱক সংঘ
হৰিজন সেৱক সংঘ হৈছে ১৯৩২ চনত মহাত্মা গান্ধীৰ দ্বাৰা গঠিত এটি অলাভজনক সামাজিক সংস্থা। ই ভাৰতৰ অস্পৃশ্যতা দূৰীকৰণ, হৰিজন বা দলিত লোকসকলৰ বাবে তথা হতাশাগ্ৰস্ত সকলৰ উন্নতিৰ হকে কাম কৰে। দিল্লীৰ কিংচ্ৱে কেম্পত ইয়াৰ মুখ্য কাৰ্য্যালয় আৰু ভাৰতৰ ২৬খন ৰাজ্যত ইয়াৰ শাখা কাৰ্য্যালয় আছে।
-
আও নগা
আও ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এটা প্ৰধান নগা জনজাতি। এওঁলোক খ্ৰীষ্টান ধৰ্মান্তৰিত হোৱা প্ৰথমটো নগা জনাজাতি। খ্ৰীষ্টান ধৰ্মৰ লগতে পশ্চিমীয়া শিক্ষাব্যৱস্থাকো আওসকলে পোনপ্ৰথমে গ্ৰহণ কৰি লয়। ১৮৭২ চনত এমেৰিকান বেপ্টিষ্ট মিছ্যনেৰী এডৱিন ক্লাৰ্ক (Edwin W.
-
আপং
মিচিং লোকসকলৰ মাজত বহুলভাৱে প্ৰচলিত পানীয় বিধৰ নাম আপং। মিচিং সকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰাৰ উপৰিও উছৱ-পৰৱ, ধৰ্মীয় কাম-কাজ আৰু অপদেৱতাৰ নৈৱেদ্য হিচাপেও ব্যৱহাৰ কৰি আহিছে।
-
আলু পিটিকা
আলু পিটিকা হৈছে সিজাই বা পুৰি কোমল কৰা আলুৰ সৈতে মিঠাতেল, পিয়াঁজ, জলকীয়া, নিমখ, ধনিয়া আদি মিহলাই পিটিকা কৰি তৈয়াৰ কৰা এবিধ খাদ্য। আলু পিটিকা অসমীয়া খাদ্যৰ অভিন্ন অংশ। সাধাৰণতে ইয়াক ৰাতিপুৱাৰ আহাৰ হিচাপে ভাতৰ লগত খোৱা হয়।
-
কমনৱেলথ অৱ নেচনছ
কমনৱেলথ অৱ নেচনছ বা ৰাষ্ট্ৰমণ্ডল বা জাতিসমূহৰ সংঘ (Commonwealth of Nations, সাধাৰণতে কেৱল কমনৱেলথ বুলি জনা যায়) হৈছে এটা আন্তঃৰাষ্ট্ৰীয় সংগঠন য'ত মূলতঃ ৫৬খন স্বাধীন ৰাষ্ট্ৰ সদস্য ৰূপে যুক্ত। এই সংগঠনটোত অতিৰিক্তকৈ বেলেগ অঞ্চল আৰু নিৰীক্ষক সদস্যও থাকে।
-
কলিয়াবৰ মহাবিদ্যালয়
কলিয়াবৰ মহাবিদ্যালয় (kaliabor college) হৈছে নগাঁও জিলাৰ অন্যতম উল্লেখযোগ্য উচ্চ শিক্ষাৰ কেন্দ্ৰ, যি কলিয়াবৰ অঞ্চলৰ ৰাইজৰ শৈক্ষিক সপোন পূৰণৰ বাবে স্থাপন কৰা হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ এখন মহাবিদ্যালয়।
-
কেনিয়াৰ নাৰী
১৮৮৮ চনৰ পৰা ১৯৬৩ চনলৈকে কেনিয়া ব্ৰিটিছৰ উপনিৱেশ আছিল। ঔপনিৱেশিক শাসনৰ আগতে সন্তানৰ লালন-পালনৰ পৰা আৰম্ভ কৰি খেতিপথাৰ আৰু বজাৰত কাম কৰালৈকে কেনিয়াৰ মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
-
খাও ৰুম
খাও ৰুম বা হু-ৰুম হল আহোমসকলৰ একপ্ৰকাৰৰ পৰম্পৰাগত জলপান। ইয়াৰ নাম টাই আহোম ভাষাৰ পৰা আহিছে। নামৰ অৰ্থ হল ঢকা ধান অৰ্থাৎ খাও মানে ধান আৰু ৰুম মানে ঢাকি থোৱা। খাও ৰুমক কিছু লোকে হু ৰুম বুলিও কয় যি খাও ৰুমৰ অপভ্ৰংশ। খাও ৰুম প্ৰস্তুত কৰিবলৈ তিতাকচি বৰা ধানৰ প্ৰয়োজন হয়।
-
গুৱাহাটী মহাবিদ্যালয়
গুৱাহাটী মহাবিদ্যালয় (Guwahati College) অসমৰ গুৱাহাটীৰ বামুণীমৈদামত অৱস্থিত এখন মহাবিদ্যালয়। ১৯৬৪ চনত মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল। গুৱাহাটী মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
গ্ল’বেল ফাণ্ড ফৰ উইমেন
গ্ল’বেল ফাণ্ড ফৰ উইমেন হৈছে মহিলাৰ মানৱ অধিকাৰৰ পদক্ষেপৰ বাবে ধন আগবঢ়োৱা এক অলাভজনক ফাউণ্ডেশ্যন। ১৯৮৭ চনত নিউজিলেণ্ডৰ এন্নে ফাৰ্থ মাৰেই প্ৰতিষ্ঠা কৰিছিল, আৰু ফ্ৰান্সিছ কিছলিং আৰু ল’ৰা লেডাৰেৰে বিশ্বজুৰি মহিলাৰ পদক্ষেপৰ বাবে পুঁজিৰ বাবে সহযোগীভাৱে প্ৰতিষ্ঠা কৰিছিল।
-
চকলেট
চকলেট হৈছে ভজা আৰু গুৰি কৰা কেকাও (cacao) গছৰ বীজৰ পৰা তৈয়াৰ কৰা এক প্ৰকাৰৰ খাদ্য সামগ্ৰী। চকলেট তৰল, কঠিন বা পেষ্ট হিচাপে উপলব্ধ। অন্য খাদ্যৰ স্বাদগন্ধ বৃদ্ধিকাৰী দ্ৰব্য (ফ্লেভাৰিং এজেণ্ট) হিচাপেও চকলেট ব্যৱহাৰ কৰা হয়।
-
চম্পাৱতী
চম্পাৱতী ( Champavati) অসমীয়া সমাজ জীৱনৰ এটি চিনাকি নাম৷ সাধুকথা, নাটক, কবিতা, মালিতা, কথাছবি সকলোতে চম্পাৱতী নামৰ এক চৰিত্ৰই স্থান লাভ কৰি আহিছে৷ চম্পাৱতী লোককথাৰ নায়িকা৷ চম্পাৱতীৰ প্ৰকৃত অৱস্থিতি কোনেও নাজানে৷ অসমীয়া লোককথাৰ নাৰী “চম্পাৱতী’’ক পোনতে লক্ষ্মীনাথ বেজবৰুৱাই সংগ্ৰহ কৰি ছপাৰূপত…
-
ছাৰং
ছাৰং (ইংৰাজী: sarong; /səˈrɒŋ/) হৈছে দক্ষিণ-পূব এছিয়া, দক্ষিণ এছিয়া, পশ্চিম এছিয়া, উত্তৰ আফ্ৰিকা, পূব আফ্ৰিকা, পশ্চিম আফ্ৰিকা আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহ বহু অঞ্চলত প্ৰায়ে কঁকালত মেৰিয়াই পৰিধান কৰা এবিধ দীঘল চুঙাকৃতিৰ বস্ত্ৰ।
-
জৱাহৰ নৱোদয় বিদ্যালয়
জৱাহৰ নৱোদয় বিদ্যালয় (Jawahar Navodaya Vidyalaya) হৈছে ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত এক আবাসিক বিদ্যালয় ব্যৱস্থা। তামিলনাডু ৰাজ্যক বাদ দি ভাৰতৰ বাকী সকলো ৰাজ্য আৰু কেন্দ্ৰ শাসিত প্ৰদেশতে বিভিন্ন জিলাত এই বিদ্যালয় আছে।
-
টাংছা জনগোষ্ঠী
টাংছাসকল মূলত: ইণ্ডো-মংগোলিয়ান ফৈদৰ লোক। ছানহুৱাং আৰু ছাঞ্জো টাংছাসকলৰ পূৰ্বপুৰুষ বুলি কোৱা হয়। মাছুৱাই ছিংগ্ৰাপুম তেওঁলোকৰ আদি বাসভূমি। ইয়াৰ পৰা তেওঁলোকে পাছলৈ ভাল ঠাই বিচাৰি কেইবাখনো নৈয়েদি উজাই আহি অসম আৰু অৰুণাচলত বসবাস কৰিবলৈ লয়।
-
টুৰুঙ জনগোষ্ঠী
টাই-টুৰুঙ জনগোষ্ঠী হৈছে অসমত বাস কৰা এক টাইমূলীয় জনগোষ্ঠী। জনসংখ্যাৰ ভিত্তিত ভাৰতত বাস কৰা টাইমূলীয় লোকৰ ভিতৰত টুৰুঙসকলেই ক্ষুদ্ৰতম গোট। অষ্টাদশ শতিকাত টুৰুঙসকলে ম্যানমাৰৰ পৰা উত্তৰ-পূব ভাৰতলৈ প্ৰব্ৰজন কৰি আহে। বৰ্তমান যোৰহাট জিলা, গোলাঘাট জিলা আৰু কাৰ্বি আংলং জিলাত টাই টুৰুঙসকলৰ বসতি আছে।
-
ঠেঙ্গাল কছাৰী জনগোষ্ঠী
ঠেঙ্গাল কছাৰী (Thengal Kachari) লোকসকল অসমীয়া জাতিৰ অন্যতম অংগ। এওঁলোক চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ বড়ো-কছাৰী শাখাৰ এটা জনগোষ্ঠী। ঠেঙ্গাল কছাৰী সকলে বৰ্তমান অসমীয়া ভাষা ব্যৱহাৰ কৰে। এই সম্প্ৰদায়টিৰ সাংস্কৃতিক জীৱন অসমীয়া জাতীয় সাংস্কৃতিক জীৱনৰ লগত ওতঃপ্ৰোত ভাৱে সাঙোৰ খাই আছে।
-
তুৰস্কৰ নাৰী
তুৰস্কৰ নাৰী হ’ল তুৰস্কত বাস কৰা বা তুৰস্কৰ পৰা অহা মহিলা। ১৯৩০ চনত (১৯৩৪ চনত দেশজুৰি) স্থানীয়ভাৱে নিৰ্বাচিত আৰু নিৰ্বাচিত হোৱাৰ অধিকাৰকে ধৰি তুৰস্কই মহিলাসকলক সম্পূৰ্ণ ৰাজনৈতিক অধিকাৰ প্ৰদান কৰে। তুৰ্কীৰ সংবিধানৰ দশম অনুচ্ছেদত লিংগৰ ভিত্তিত ৰাজ্যিক বা ব্যক্তিগত যিকোনো বৈষম্য নিষিদ্ধ কৰা হৈছে।
-
দলিত নাৰীবাদ
দলিত নাৰীবাদ (Dalit Feminism) হৈছে এক নাৰীবাদী দৃষ্টিভংগী; যিয়ে দলিত জনসমষ্টি, নাৰীবাদ তথা বৃহত্তৰ নাৰী আন্দোলনৰ মাজত থকা জাতি তথা লিংগৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰে। দলিত মহিলাসকল মূলতঃ দক্ষিণ এছিয়াত, বাংলাদেশ, ভাৰত, নেপাল আৰু পাকিস্তানত বাস কৰে।
-
ধেমাজি মহাবিদ্যালয়
ধেমাজি মহাবিদ্যালয় (ইংৰাজী: Dhemaji College) ধেমাজি জিলাৰ আটাইতকৈ পুৰণি মহাবিদ্যালয়।
-
ধৰিত্ৰী দিৱস
প্ৰত্যেক বছৰৰ ২২ এপ্ৰিল তাৰিখে বিশ্বজুৰি ধৰিত্ৰী দিৱস (Earth Day) পালন কৰা হয়। এই দিনটোত পৰিবেশ সংৰক্ষণৰ প্ৰতি সচেতনতা দেখুৱাবলৈ বিভিন্ন কাৰ্য্যসূচী পালন কৰা হয়। বৰ্তমান ইয়াক আৰ্থ ডে' নেটৱৰ্কে ১৯২ খনতকৈও অধিক দেশত সমন্বিত কৰে।
-
নাৰী মুক্তি আন্দোলন
নাৰী মুক্তি আন্দোলন (WLM) (Women's liberation movement)নাৰী আৰু নাৰীবাদী বৌদ্ধিকতাবাদৰ ৰাজনৈতিক একত্ৰীকৰণ আছিল, যি ১৯৬০ চনৰ শেষৰ ফালে গঢ় লৈ উঠিছিল আৰু ১৯৮০ চন পৰ্যন্ত পশ্চিমীয়া বিশ্বৰ ঔদ্যোগিক ৰাষ্ট্ৰসমূহত অব্যাহত আছিল।