কেওঁট বা কৈৱৰ্ত জনগোষ্ঠী সংস্কৃত শব্দ ‘কৈৱৰ্ত’ৰপৰা কিৱত আৰু‘কেওঁট’ শব্দৰ সৃষ্টি হৈছিল। অনাৰ্য্য আৰু অষ্ট্ৰিক-মংগোলীয় প্ৰজাতিৰ লোক। এওঁলোক অসমৰ অন্যতম পুৰণি জনগোষ্ঠী। এই জাতিৰ লোকসকল হিন্দুধৰ্মীয়।এই কেওঁটসকল কৰ্ম অনুযায়ী পিছলৈ ‘জালোৱা কেওট’ আৰু ‘হালোৱা কেওট’ আদি উপগোটত বিভক্ত হৈছিল। উদাহৰণ স্বৰূপে,খেতি-বাতি কাম কৰা বা খেতি-বাতিৰ বাবে সঁজুলি বনোৱা লোকসকল হালৈ কেওঁট হ'ল আৰু পুৰণি কালত জীৱিকাৰ বাবে মাছ ধৰা কামৰ বাবে যিসকলে জাল, খালৈ আদি বনাই নিজৰ জীৱিকা নিৰ্বাহ কৰিছিল তেওঁলোক হ'ল জাল কেওঁট। ‘হুজুৰী’ উপাধীৰ এই লোকসকল ‘জালোৱা কেওট’ সম্প্ৰদায়ৰ লোক হয় বুলি বহুতো তথ্যৰদ্বাৰা প্ৰমাণ পোৱা যায়। পুৰণি কালত এই লোকসকল নামনি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু আন নদীৰ আশে-পাশে বাস কৰিছিল। নলবাৰী জিলা, কামৰূপ জিলাৰ বিভিন্ন ঠাইত এই লোক বেছিকৈ পোৱা গৈছিল। কিন্তু বানপানীৰ কাৰণে তেওঁলোক পিছলৈ অসমৰ বিভিন্ন ঠাইলৈ নিজৰ বাসস্থান সলালে। নামনি অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ ওচৰত,মিৰ্জা, ডিমৌ, নলবাৰী জিলাৰ বৰগাছা, কমাৰকুছি, দৰংজিলাৰ মংগলদৈ, বাগছা জিলাৰ খাগ্ৰাবাৰী, তামোলপুৰ, বৰপেটা জিলা আদিকে ধৰি অসমৰ প্ৰায় সকলো ঠাইত পাটোৱাৰী, কেওঁট,হুজুৰী আদি উপাধিৰ লোকসকলৰ বসতি দেখা যায়। প্ৰধানত'কেওট', "পাটোৱাৰী 'হুজুৰী', 'হাজৰীকা', 'পাঠক' আৰু 'দাস' আদি উপাধীৰ লোকসকল এই জাতিৰ অন্তৰ্গত। উপগোট বা উপজাতি হিচাপে হুজুৰীসকল জাল কেওঁট সম্প্ৰদায়ৰ হিন্দু জনগোষ্ঠীৰ খিলঞ্জীয়া অসমীয়া লোক।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেওঁট জনগোষ্ঠী” প্ৰবন্ধৰ সংশোধন ৫৫৩৪৫১ (১৯ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।