অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ঝুলন যাত্ৰা

ঝুলন যাত্ৰা বা ঝুলন পূৰ্ণিমা ভাৰতৰ বৈষ্ণৱ সম্প্ৰদায় সকলে শ্ৰাৱনী পূৰ্ণিমা তিথিত পালন কৰা উৎসৱ। হোলী আৰু জন্মাষ্টমীৰ পিছতেই কৃষ্ণপন্থী বৈষ্ণৱ সকলৰ ই অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ। হিন্দু দিনপঞ্জী মতে ঝুলন যাত্ৰা শ্ৰাৱণ মাহৰ শুক্লা দশমী তিথিত আৰম্ভ হৈ শ্ৰাৱনী পূৰ্ণিমাত শেষ হয়।

হালনাগাদ: ৭ ডিচেম্বৰ ২০২০ ১০২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ঝুলন যাত্ৰা বা ঝুলন পূৰ্ণিমা ভাৰতৰ বৈষ্ণৱ সম্প্ৰদায় সকলে শ্ৰাৱনী পূৰ্ণিমা তিথিত পালন কৰা উৎসৱ। ফাকুৱা আৰু জন্মাষ্টমীৰ পিছতেই কৃষ্ণপন্থী বৈষ্ণৱ সকলৰ ই অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ। হিন্দু দিনপঞ্জী মতে ঝুলন যাত্ৰা শ্ৰাৱণ মাহৰ শুক্লা দশমী তিথিত আৰম্ভ হৈ শ্ৰাৱনী পূৰ্ণিমাত শেষ হয়। এই পাঁচদিন ভিন ভিন অঞ্চলত মেলা আদি অনুষ্ঠিত হয়। ঝুলন পূজাত ৰাধা কৃষ্ণৰ প্ৰতিমাক ঝুলনাত ঝুলোৱা হয়। ইয়াৰ লগতে নৃত্য-গীত ভোজৰ আয়োজন কৰা হয়। ৰাধা-কৃষ্ণৰ প্ৰেমক মূল বিষয় হিচাপে লৈ এই উৎসৱ উদযাপিত হয়। শ্ৰাৱনী পূৰ্ণিমাত অনুষ্ঠিত হোৱা ঝুলন যাত্ৰা সাধাৰণতে ইংৰাজী কেলেণ্ডাৰৰ জুলাই/আগষ্ট মাহত পৰে।১ ঝুলন পূৰ্ণিমাক ৰাখী পূৰ্ণিমা বুলিও কোৱা হয়। এইদিনা ভাৰতত ৰাখীবন্ধন পালন কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ JHULAN PURNIMA IN VRINDAVAN. india.com

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ উৎসৱসমূহভাৰতৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঝুলন যাত্ৰা” প্ৰবন্ধৰ সংশোধন ২৫৩৪৮০ (৭ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।