অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

তিলনি

অসমীয়া হিন্দু সমাজত মানুহ মৰাৰ তিনি দিনৰ দিনা পালন কৰা লোকাচাৰেই হ'ল তিলনি। অসমীয়া সমাজত দেহত্যাগ কৰিলে ঘৰৰ লোক আৰু ঘৰখনক অশুচি বুলি জ্ঞান কৰা হয়। গতিকে,মানুহ মৰাৰ তিনিদিনৰ দিনা কাপোৰ কানি ভালদৰে ধুই- পখালি,চাফ-চিকুণ কৰা হয়।

হালনাগাদ: ৪ জুন ২০২২ ৭৫ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

অসমীয়া হিন্দু সমাজত মানুহ মৰাৰ তিনি দিনৰ দিনা পালন কৰা লোকাচাৰেই হ'ল তিলনি। অসমীয়া সমাজত দেহত্যাগ কৰিলে ঘৰৰ লোক আৰু ঘৰখনক অশুচি বুলি জ্ঞান কৰা হয়। গতিকে,মানুহ মৰাৰ তিনিদিনৰ দিনা কাপোৰ কানি ভালদৰে ধুই- পখালি,চাফ-চিকুণ কৰা হয়। এঘটি পানীত তিল,চাউল,এৱা-গাখীৰ, দূবৰি বন আৰু তুলসী পাত মিলাই তিল জাল প্ৰস্তুত কৰি ঘৰ আৰু চৌহদত ছটিয়াই শুচি হয়। সেইদিনা গিয়াতি কুটুমে মৃতকৰ পৰিয়ালক চাউলৰ গুড়ি,কল,গাখীৰ, বিভিন্ন ফল মূল খাবলৈ দিয়ে আৰু গধূলি পৰিয়ালৰ লোকে প্ৰথম হবিছ কৰে।১

তথ্যসূত্ৰ

  1. ↑ তিলনি. (২৭মে,১৯৯৬). অসমীয়া সংস্কৃতিৰ কণিকা. চন্দ্ৰ প্ৰকাশ,পাণবজাৰ,গুৱাহাটী -১. পৃ. ৩২৬

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিলনি” প্ৰবন্ধৰ সংশোধন ৩২৩৩১৪ (৪ জুন ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।