টিং টিং চাওৰো (ꯇꯤꯡ ꯇꯤꯡ ꯆꯥꯎꯔꯣ) হৈছে এটি পৰম্পৰাগত মেইতেই ভাষাৰ গান। সাধাৰণতে, এইটো মাকসকলে নিজৰ সন্তানক স্নান কৰোৱাৰ সময়ত গায়। লগতে, মেইতেই পৰম্পৰাগত মাইবীসকলে এইটো লাই হৰাওবা উৎসৱত গায়।১২
গান
| গীতৰ লিৰিস্ক | ৰোমান লিপিলৈ লিপ্যন্তৰ | অসমীয়া অনুবাদ | টোকা |
|---|---|---|---|
| Mtei | Ting ting Chaoro | দ্ৰুতকৈ ডাঙৰ হওক | ১২ |
| Mtei | Epa machum taro | পিতৃৰ গুণ যেন তোমাৰ ভিতৰত থাকে | |
| Mtei | Epu machum taro | পিতামহৰ গুণ যেন তোমাৰ ভিতৰত থাকে | |
| Mtei | Thabina karingei kahouro | তোমাৰ বৃদ্ধি চাৰকুমৰ দৰে হওক | |
| Mtei | Numitna wanglingei wanghouro | তুমি সূৰ্য্যৰ দৰে উদয় হওক। |
গুৰুত্ব
বিশ্বাস কৰা হয় যে, সন্তানসকলে নিজৰ পিতৃ-পিতামহৰ স্বভাৱ আৰু গুণ আহৰণ কৰে। "টিং টিং চাওৰো" গানটো গোৱাই ছন্তানসকলৰ ভিতৰত সেই পৰম্পৰাগত আৰু সামাজিক গুণবোধ প্ৰৱেশ ঘটাই। লগতে, এইটো সংস্কৃতিৰ সংৰক্ষণ আৰু পৰম্পৰাগত ধৰ্মীয় আচাৰ-অনুষ্ঠান বজাই ৰাখিবলৈ সহায় কৰে।১২
পৰৱৰ্তী সংস্কৰণত
আধুনিক সংস্কৰণৰ "টিং টিং চাওৰো" গানটো "Ema Gi Wari" এলবামৰ দ্বিতীয়টো গীত। গানটোৰ প্ৰথমটো অংশত মেইতেই জনগোষ্ঠীৰ জীৱনৰ সংগ্ৰাম বৰ্ণনা কৰা হৈছে, বিশেষকৈ বৰুৱাক আৰু চুৰমা উপত্যকাত হোৱা বিপৰ্যয়ৰ সময়ছোৱাত। "হেই-হেই হেয়া-হেই" জাতীয় সুৰটো খেতি-বাতি কৰা সময়ত ব্যৱহৃত আহ্বানৰ দৰে শুনায়।
গানটোৰ দ্বিতীয়টো অংশটো এটা পৰম্পৰাগত মেইতেই ছন্দ, যিয়ে শিশু ডাঙৰ কৰাৰ আশা, বিপৰ্যয়ৰ পিছত নতুন জীৱন আৰু পুনৰ আৰম্ভণিৰ প্ৰতীক হিচাপে ধৰা হয়।৩
তথ্যসূত্ৰ
- ↑ Short Essays on Women and Society: Manipuri Women through the Century. N.p.: FSP Media Publications, 2018. p. 21
- ↑ Northeast India Through the Ages: A Transdisciplinary Perspective on Prehistory, History, and Oral History. India: Taylor & Francis, 2022. p. 191, 192
- ↑ Ema Gi Wari by Imphal Talkies The Howlers Review By Ningombam Captain. e-pao.net
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিং টিং চাওৰো” প্ৰবন্ধৰ সংশোধন ৪৯২৮৩০ (১৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।