অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জিলা সংগ্ৰহালয়, তেজপুৰ

তেজপুৰ জিলা সংগ্ৰহালয় হৈছে তেজপুৰ চহৰৰ কেন্দ্ৰস্থলত অৱস্থিত অসমৰ ১২টা সংগ্ৰহালয়ৰ এটা। ১৯৮৬ চনৰ ১৬ মাৰ্চ মাহত এই সংগ্ৰহালয়টো অসমৰ গুৱাহাটীস্থিত সংগ্ৰহালয় পৰিৱেশকৰ অধীনত স্থাপন কৰা হৈছিল।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ১১৫ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

তেজপুৰ জিলা সংগ্ৰহালয় হৈছে তেজপুৰ চহৰৰ কেন্দ্ৰস্থলত অৱস্থিত অসমৰ ১২টা সংগ্ৰহালয়ৰ এটা। ১৯৮৬ চনৰ ১৬ মাৰ্চ মাহত এই সংগ্ৰহালয়টো অসমৰ গুৱাহাটীস্থিত সংগ্ৰহালয় পৰিৱেশকৰ অধীনত স্থাপন কৰা হৈছিল।

ইতিহাস

প্ৰথমাৱস্থাত সংগ্ৰহালয়টোৰ সম্পদ সমূহ দৰং মহাবিদ্যালয়ত সংৰক্ষণ কৰা আছিল, তাৰ পিছত তেজপুৰ সাহিত্য সভা ভৱনলৈ স্থানান্তৰ কৰা হয় আৰু শেষত ২০০২ চনত, স্থায়ী ভাবে ব্ৰিটিছৰ দিনৰে ঐতিহাসিক ডাক বঙলালৈ স্থানান্তৰ কৰা হয়।১

সংৰক্ষিত সম্পদ

সংগ্ৰহালয়টোত ৫৫৫ৰো অধিক বিভিন্ন প্ৰকাৰৰ সামগ্ৰী আছে। ইয়াত আছে বিভিন্ন সম্প্ৰদায় আৰু সত্ৰ প্ৰতিষ্ঠানৰ এক বিস্তৃত সংগ্ৰহ। সেইসমূহৰ ভিতৰত শালস্তম্ভ বংশৰ ৰজা ৰত্নপালৰ তামৰ ফলি, তামৰ মুদ্ৰা, উলুবাৰীত উদ্ধাৰ হোৱা কামৰূপ ৰজা তৃতীয় বলবৰ্মনৰ তামৰ ফলি, সাঁচিপাতৰ পুথি, চুখ্ৰংফা, চুতণফা, চুৰেম্‌ফাৰ দিনৰ আঠকোণীয়া ৰূপৰ মুদ্ৰা, ভাস্কৰ্য, তাম্ৰলিপি, পাণ্ডুলিপি, আহোম কালৰ বৰটোপ আৰু বিভিন্ন শিল্প।২

তেজপুৰৰ জিলা সংগ্ৰহালয়ত সংৰক্ষিত অৱস্থাত থকা আহোম যুগৰ বৰটোপ।
তেজপুৰৰ জিলা সংগ্ৰহালয়ত সংৰক্ষিত অৱস্থাত থকা আহোম যুগৰ বৰটোপ।ছবি: ৰাণা বিক্ৰম সিং · CC BY-SA 4.0

তথ্যসূত্ৰ

  1. ↑ তেজপুৰ জিলা সংগ্ৰাহালয়. অসম চৰকাৰ
  2. ↑ শান্তনু বৰুৱা. (২০১৫). তেজপুৰ, এখন চহৰ অনেক কাহিনী. শশীমোহন ভট্টাচাৰ্য, ত্ৰিবাহু প্ৰকাশন গোষ্ঠী, কলিবাৰী, তেজপুৰ. পৃ. ১৫

সম্পৰ্কিত শ্ৰেণী

তেজপুৰশোণিতপুৰ জিলাৰ পৰ্যটনস্থলীঅসমৰ সংগ্ৰহালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিলা সংগ্ৰহালয়, তেজপুৰ” প্ৰবন্ধৰ সংশোধন ৩৮৫১০৮ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।