অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দামুল

দামুল ( Damul ) ১৯৮৫ চনত মুক্তি পোৱা, প্ৰকাশ ঝা পৰিচালিত এখন হি্ন্দী চলচ্চিত্ৰ। বিহাৰৰ গয়া জিলাৰ বাসিন্দা শৈৱাল ৰচিত কালসূত্ৰ শীৰ্ষক গল্পৰ আধাৰত ছবিৰ কাহিনীভাগ ৰচনা কৰা হৈছিল। ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অনু কাপুৰ, শ্ৰীলা মজুমদাৰ, মনোহৰ সিংহ, দীপ্তি নাভাল, ৰঞ্জন কামাথ আৰু প্যাৰে মোহনে।

হালনাগাদ: ২২ ছেপ্তেম্বৰ ২০২৫ ১৩০ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

দামুল ( Damul ) ১৯৮৫ চনত মুক্তি পোৱা, প্ৰকাশ ঝা পৰিচালিত এখন হি্ন্দী চলচ্চিত্ৰ। বিহাৰৰ গয়া জিলাৰ বাসিন্দা শৈৱাল ৰচিত কালসূত্ৰ শীৰ্ষক গল্পৰ আধাৰত ছবিৰ কাহিনীভাগ ৰচনা কৰা হৈছিল।১ ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অনু কাপুৰ, শ্ৰীলা মজুমদাৰ, মনোহৰ সিংহ, দীপ্তি নাভাল, ৰঞ্জন কামাথ আৰু প্যাৰে মোহনে।

কাহিনীৰ সাৰাংশ

এজন বন্ধা শ্ৰমিকে নিজৰ মালিকৰ বাবে চুৰি কৰিবলৈ বাধ্য হয়। ১৯৮৪ চনৰ বিহাৰৰ গ্ৰামাঞ্চলৰ ভিত্তিত ৰচিত কাহিনীটোত জাতিগত ৰাজনীতি আৰু নিম্ন জাতিক কৰা অত্যাচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। জীৱিকাৰ সন্ধানত বিহাৰৰ দৰিদ্ৰ গাঁওবাসীয়ে পাঞ্জাব আদিৰ দৰে ধনী ৰাজ্যলৈ কৰা প্ৰব্ৰজনৰ বিষয়টোকো ছবিখনত তুলি ধৰা হৈছে।২

বঁটা

আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা

দামুলক মণ্ট্ৰিয়েল, চিকাগো আৰু মস্কো চলচ্চিত্ৰ মহোৎসৱত প্ৰতিযোগিতা আৰু অংশগ্ৰহণ দুয়োটা শাখাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Interview Part I passionforcinema.com
  2. ↑ Damul One Hundred Indian Feature Films: An Annotated Filmography, by Shampa Banerjee, Anil Srivastava. Taylor & Francis, 1988., . Page 66

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰশ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী১৯৮৪ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দামুল” প্ৰবন্ধৰ সংশোধন ৫৩৯৬৬৩ (২২ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।