ড্ৰুক ছেন্ধেন (গাজনি ড্ৰেগনৰ দেশ) ভূটানৰ ৰাষ্ট্ৰীয় সংগীত।
গ্যাল্ডুন ঠিনলে'ই লিখা আৰু আকু টংমিয়ে সুৰ কৰা এই গীতক ১৯৫৩ চনত স্বীকৃতি দিয়া হৈছিল। ভাৰতত শিক্ষিত টংমিক ভাৰতীয় প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভ্ৰমণৰ পূৰ্বেই সামৰিক ব্ৰাছ বেণ্ডৰ নেতা নিযুক্ত কৰা হ'ল। এই গীতৰ সুৰ ভূতানৰ পৰম্পৰাগত গীত থ্ৰি ন্যাম্পা মেড পা পেমাই থ্ৰি (সলনি নোহোৱা পদূমৰ সিংহাসন)ৰ দ্বাৰা প্ৰভাৱিত। গিতটোৰ সুৰ পিছলৈ দুবাৰ সলোৱা হ'ল। প্ৰথমে এই গীত ১২ শাৰীৰ আছিল, তাৰ পিছত এই গীত ৬ শাৰীৰ কৰা হ'ল।১
টংমিয়ে এই গীতটিৰ বাবে এটি নৃত্যও তৈয়াৰ কৰিছিল।১২
শব্দ
| জংখা লিপিত৩ | অসমীয়া লিপিত | অসমীয়া অনুবাদ |
|---|---|---|
| འབྲུག་ཙན་དན་བཀོད་པའི་རྒྱལ་ཁབ་ནང་།། དཔལ་ལུགས་གཉིས་བསྟན་སྲིད་སྐྱོང་བའི་མགོན་།། འབྲུག་རྒྱལ་པོ་མངའ་བདག་རིན་པོ་ཆེ་།། སྐུ་འགྱུར་མེད་བརྟན་ཅིང་ཆབ་སྲིད་འཕེལ་།། ཆོས་སངས་རྒྱས་བསྟན་པ་དར་ཞིང་རྒྱས་།། འབངས་བདེ་སྐྱིད་ཉི་མ་ཤར་བར་ཤོག་།། | ড্ৰুক ছেন্ধেন কএপেই গ্যেলখাপ না প্যেল লুগ নিগ ট্যেঞ্চি চংৱেই গ্যেন ড্ৰুক গ্যেল্প' ঙাডাক ৰিনপ'ছে' কু জুৰ্মে'য় ট্যেণ্টছিং ছাপ প্যেল ছে ছাংয়ে' ট্যেনপা ডাৰ্ছিং গ্যেল বাং ডেইক্যেড ন্যিমা ছা-ৱা ছ'। | দেবদাৰু গছেৰে অলংকৃত ভূতান সাম্ৰাজ্যত ৰক্ষকজন যিয়ে শাসন কৰে আধ্যাত্মিক আৰু ধৰ্মনিৰপেক্ষ পৰম্পৰাৰ ৰাজত্বত, তেওঁ মূল্যৱান সাৰ্বভৌম ভূতানৰ ৰজা। তেওঁৰ অস্তিত্ব সলনি নহওক, আৰু ৰাজ্যই উন্নতি কৰক, বুদ্ধজনৰ শিক্ষা সমৃদ্ধ হওক, শান্তি আৰু সুখৰ সূৰ্য সকলোৰে ওপৰত উজ্জ্বলি উঠক। |
তথ্যসূত্ৰ
- ↑ Penjore, Dorji; Kinga, Sonam. (2002). The Origin and Description of The National Flag and National Anthem of The Kingdom of Bhutan. The Centre for Bhutan Studies. পৃ. 14. ISBN 99936-14-01-7
- ↑ Blackwell, Amy Hackney. (2009). Independence Days: Holidays and Celebrations. Infobase Publishing. পৃ. 15. ISBN 1-60413-101-2
- ↑ National Anthem. Bhutan Portal. Government of Bhutan
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ড্ৰুক ছেন্ধেন” প্ৰবন্ধৰ সংশোধন ৩৮৯৩১২ (২৯ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।