ঠগা অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) হস্ত শিল্পৰ উৎকৃষ্ট নিদৰ্শন। চন্দ্ৰকান্ত অভিধান মতে ঠগা হ’ল (সংস্কৃত ভাষাত স্থগী)পুথি থোৱা এঠেঙীয়া কাঠৰ আধাৰ। কিতাপ থোৱা আন এক প্ৰকাৰৰ আধাৰ পোৱা যায়। ৩০ৰ পৰা ৪৫ ছেমিঃ দীঘল তক্তা এখনৰ মাজভাগত বিশেষ প্ৰক্ৰিয়াৰে কাটি মাজেদি ফালি দুভাগ কৰা হয়। দেখিবলৈ দুখন তক্তা সংযোগ কৰি তৈয়াৰ কৰা যেন লাগে অথচ এখন তক্তাৰ পৰাই দুখন তক্তা কৰি ঠগাখন সজোৱা হয়। তক্তাখন বহলাই পুথি মেলিবলৈ সুবিধা হয়। নামঘৰ, গোসাঁইঘৰ আদিত ধৰ্মপুথি থ’বলৈ এনে ঠগাৰ ব্যৱহাৰ কৰা দেখা যায়। ১
তথ্যসূত্ৰ
- ↑ অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনাৰ- ড॰ পৰমানন্দ ৰাজবংশী, ড॰ নাৰায়ন দাস (পৃষ্ঠা- ১৫৯)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঠগা” প্ৰবন্ধৰ সংশোধন ৩৮৬৭৯৪ (১০ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।