ছিয়ান গুৱয়ে (চীনা ভাষা: 西安鼓乐), যাক শানক্সি গুৱয়ে (陕西鼓乐) বুলিও জনা যায়, হৈছে এক আঞ্চলিক চীনা ৰীতি-নীতি সম্পৰ্কীয় সংগীত ধাৰা। ইয়াৰ উৎপত্তিস্থল শানক্সি প্ৰদেশৰ ছিয়ান চহৰৰ নামেৰে নামাকৰণ কৰা এক বিশেষ প্ৰকাৰৰ বতাহত বাজি উঠা আৰু তাড়ন বাদ্যৰ সমিলমিল ইয়াত দেখা যায়। ইয়াক কিছু বিভ্ৰান্তিকাৰীভাৱে ছিয়ান ড্ৰাম মিউজিক বুলিও কোৱা হয়। ১৯৬০ চনৰ পূৰ্বে অপেশাদাৰী দলসমূহৰ দ্বাৰা জীয়াই ৰখা এই লোকসংগীত ধাৰাটোক ২০০৯ চনত ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা অপৰিহাৰ্য সাংস্কৃতিক ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।১
প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি এই সংগীতক দুটা ভাগত বিভক্ত কৰা হৈছে— বহি কৰা আৰু খোজ কাঢ়ি কৰা (য'ত সমবেত গায়কো অন্তৰ্ভুক্ত থাকে)।১ ইয়াৰ উপৰি সংবহন বা চৰ্চাৰ ওপৰত ভিত্তি কৰি ইয়াক তিনিটা ভাগত ভগাব পাৰি— বৌদ্ধ (Seng), তাওবাদী (Dao), আৰু ধৰ্মনিৰপেক্ষ বা সাধাৰণ (Su)।২
ইতিহাস
যদিও এই সংগীত ধাৰাটো টাং ৰাজবংশৰ সৈতে জড়িত (ইয়াৰ মৰ্যাদা আৰু ইতিহাসৰ বাবে), তথাপিও এই ধাৰাটোৰ পৰৱৰ্তী কালৰ মিং আৰু চিং ৰাজবংশৰ সৈতেহে অধিক মিল দেখা যায়।৩ গংচে স্বৰলিপি পাণ্ডুলিপিসমূহত পোৱা প্ৰমাণ অনুসৰি পূৰ্বতে এই সমিলমিলসমূহ জ্যাযুক্ত বাদ্য পিপা আৰু দাকিন (সম্ভৱতঃ জেং) আদিৰ দৰে অন্যান্য বাদ্যযন্ত্ৰও অন্তৰ্ভুক্ত আছিল।২ ছিয়ানৰ চেংহুয়াংমিঅ' মন্দিৰৰ তাওবাদী গুৰু আন লাইক্সু (১৮৯৫-১৯৭৭) আছিল ইয়াৰ এজন অন্যতম প্ৰসিদ্ধ সংগীতজ্ঞ।৪২ ১৯৫০-ৰ দশকত সংগ্ৰহ কৰা পাণ্ডুলিপিসমূহ ১৬৮৯ চনৰ কাংক্সি সম্ৰাটৰ সময়ৰে পুৰণি বুলি জনা যায়, কিন্তু ইমান পুৰণি গীতসমূহ কেনেকৈ পৰিৱেশন কৰিব লাগে তাৰ জ্ঞান বৰ্তমান হেৰাই গৈছে।৩ ত্ৰিশ আৰু চল্লিছৰ দশকত এই ধাৰাটোৱে যথেষ্ট প্ৰসাৰ লাভ কৰিছিল, য’ত সংগীত দলসমূহ এটা মন্দিৰৰ পৰা আন এটা মন্দিৰলৈ গৈ প্ৰদৰ্শন কৰিছিল, "কিন্তু পৰোক্ষভাৱে ইয়াক এটা প্ৰতিযোগিতাৰ দৰেও গণ্য কৰা হৈছিল।"২ ষাঠি আৰু সত্তৰৰ দশকৰ সাংস্কৃতিক বিপ্লৱৰ সময়ত সকলো ধৰণৰ সংগীত দল আৰু মন্দিৰৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাইছিল। আশীৰ দশকত ধৰ্মীয় আচাৰ-অনুষ্ঠানতকৈ ঐতিহাসিক সংৰক্ষণ, শৈক্ষিক গৱেষণা বা পৰ্যটনৰ উদ্দেশ্যেহে ইয়াৰ পুনৰ প্ৰচলন আৰম্ভ হয়।২
সাহিত্য
- Yang Yinliu (ed.): Zhongguo yinyue cidian (Dictionary of Chinese Music). Beijing 1984.
- Cheng Yu: Xi'an Guyue - Xi'an Old Music in New China. “Living fossil” or “flowing river” (Dissertation) Department of Music. School of Oriental and African Studies, University of London, 2005.৫
তথ্যসূত্ৰ
- ↑ "Xi'an wind and percussion ensemble", UNESCO.org
- ↑ Zhuo, Dr. Sun (2015). The Chinese Zheng Zither: Contemporary Transformations, p.106. Ashgate
- ↑ Zhuo (2015), p.108
- ↑ Jones, Stephen (2013). In Search of the Folk Daoists of North China, p.95. Ashgate
- ↑ Xi’an Guyue – Xi’an Old Music in New China
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিয়ান গুৱয়ে” প্ৰবন্ধৰ সংশোধন ৬৩৪৯০১ (১১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।