অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

তুম্হাৰী ছুলু

তুম্হাৰী ছুলু (Tumhari Sulu) ২০১৭ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ কমেডী-নাট্যধৰ্মী ছবি, যাৰ ৰচনা আৰু পৰিচালনা সুৰেশ ত্ৰিবেণীৰ। ছবিখন টি-ছিৰিজ আৰু এলিপছিছ এণ্টাৰটেইনমেণ্টৰ বেনাৰত ভূষণ কুমাৰ, তনুজ গাৰ্গ, কৃষণ কুমাৰ, অতুল কছবেকৰ আৰু শান্তি শিৱৰাম মাইনীয়ে প্ৰযোজনা কৰিছে।[5] তুমহাৰী ছুলুৰ শিৰোনাম চৰিত্ৰত…

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ১৪৩ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

তুম্হাৰী ছুলু (Tumhari Sulu) ২০১৭ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ কমেডী-নাট্যধৰ্মী ছবি, যাৰ ৰচনা আৰু পৰিচালনা সুৰেশ ত্ৰিবেণীৰ। ছবিখন টি-ছিৰিজ আৰু এলিপছিছ এণ্টাৰটেইনমেণ্টৰ বেনাৰত ভূষণ কুমাৰ, তনুজ গাৰ্গ, কৃষণ কুমাৰ, অতুল কছবেকৰ আৰু শান্তি শিৱৰাম মাইনীয়ে প্ৰযোজনা কৰিছে।[5]

তুমহাৰী ছুলুৰ শিৰোনাম চৰিত্ৰত অভিনয় কৰিছে বিদ্যা বালানে; তেওঁ এগৰাকী অভিলাষী গৃহিণী, যিয়ে গভীৰ নিশাৰ ৰিলেচনশ্বিপ এডভাইচ শ্ব’ৰ বাবে ৰেডিঅ’ জকী হৈ যায়। স্বামী আৰু বচৰ চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে মানৱ কৌল আৰু নেহা ধুপিয়াই। ২০১৭ চনৰ ১৭ নৱেম্বৰত বিশ্বজুৰি মুক্তি পোৱা তুমহাৰী ছুলুয়ে সমালোচনাত্মক আৰু বক্স অফিচত ঠিকঠাক সফলতা লাভ কৰে। ছবিখনে ২০ কোটি টকা বাজেটত ৫১৩.৯ মিলিয়ন টকাতকৈ অধিক উপাৰ্জন কৰে।;১

৬৩তম ফিল্মফেয়াৰ বঁটাত তুমহাৰী ছুলুৱে শ্ৰেষ্ঠ সহযোগী অভিনেতাকে (কৌল) ধৰি ৯টা মনোনয়ন লাভ কৰে আৰু এই অনুষ্ঠানত বালানে চতুৰ্থটো শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। ইয়াক তামিল ভাষাত কাট্ৰিন মোজি (২০১৮) হিচাপে পুনৰ নিৰ্মাণ কৰা হয় আৰু জ্যোতিকাই বিদ্যাৰ চৰিত্ৰ পুনৰায় অভিনয় কৰে।[6]

তথ্যসূত্ৰ

  1. ↑ Hungama, Bollywood. (18 November 2017). Box Office: Worldwide collections and day wise break up of Tumhari Sulu – Bollywood Hungama. বলিউড হাংগামা

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ২০১৭ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তুম্হাৰী ছুলু” প্ৰবন্ধৰ সংশোধন ৪৯৪৫৭৬ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।