তেজছ্ ( Tejas ) ২০২৩ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ একচন থ্ৰিলাৰ ছবি; যাৰ লেখক আৰু পৰিচালক সৰ্বেশ মেৱাৰা আৰু প্ৰযোজক ৰনি স্ক্ৰুৱালা। ছবিখনত কংগনা ৰানাৱটে মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু লগতে অংশুল চৌহান আৰু বৰুণ মিত্ৰই সহযোগী চৰিত্ৰত অভিনয় কৰিছে।১
২০২৩ চনৰ ২৭ অক্টোবৰত ছবিখন মুক্তি পায় আৰু সমালোচকৰ পৰা বেছিভাগেই নেতিবাচক বিশ্লেষণ লাভ কৰে।২ মুক্তিৰ প্ৰথম দুদিনতে হিন্দী চলচ্চিত্ৰৰ অন্যতম বৃহৎ বক্স অফিচ দুৰ্যোগ হিচাপে তেজছে আত্মপ্ৰকাশ কৰে। ইয়াৰ আৰম্ভণিৰ দিনটোত বেছিভাগ থিয়েটাৰত প্ৰদৰ্শন বাতিল কৰা হয়।৩
প্ৰচাৰ
ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী ২০২৩ চনৰ ৩১ অক্টোবৰত কংগনা ৰানাউটৰ সৈতে লক্ষ্ণৌত ছবিখন চোৱাৰ পিছত এই ছবিখনলৈ সমৰ্থন আগবঢ়ায়।৪
ৰানাৱটে মন্তব্য কৰিছিল যে যোগী আদিত্যনাথে "আমাক আশ্বাস দিছে যে তেওঁ আমাক আৰু আমাৰ ছবিখনক আমাৰ সকলো শত্ৰু আৰু জাতীয়তাবাদ বিৰোধী উপাদানৰ পৰা ৰক্ষা কৰিব আৰু জাতীয়তাবাদীসকলক ছবিখন চাবলৈ আৰু ইয়াৰ সৈতে সংযোগ স্থাপন কৰিবলৈ অনুপ্ৰাণিত কৰিব"।[20] ৰানাউটক ৰাজনীতিক ব্যৱহাৰ কৰি ৰাইজক ছবিখন চাবলৈ প্ৰভাৱিত কৰাৰ বাবে সমালোচনা কৰা হৈছিল।৫
২০২৩ চনৰ হামাছ-ইজৰাইল সংঘাতৰ মাজতে ৰানাউটে ছবিখনৰ প্ৰচাৰৰ বাবে ইজৰাইলৰ দূতাবাসলৈও গৈছিল আৰু সমালোচনাৰ সন্মুখীনও হৈছিল।৬
তথ্যসূত্ৰ
- ↑ (2 October 2023). Tejas teaser: Kangana Ranaut goes to war, promises to rain fire from the skies. Watch. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Tejas (2023). Rotten Tomatoes
- ↑ (14 November 2021). Kangana Ranaut celebrates Tejas wrap-up amid ongoing controversy. The Indian Express
- ↑ (29 October 2023). Kangana Ranaut gets trolled by Prakash Raj, Deepa Mehta for her comments on low theatre footfalls, Israel-Gaza conflict. হিন্দুস্তান টাইমছ
- ↑ (28 October 2023). Netizens disapprove of Kangana Ranaut's 'Hindu nation' comment during meeting with Israel Ambassador Naor Gilon. Times of India
- ↑ (29 October 2023). Tejas is a MONUMENTAL DISASTER at the overseas box office; collects less than Rs. 20 lakhs on Day 1. বলিউড হাংগামা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেজছ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৭৩৭৯৮ (৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।