জিলমিল জোনাক (Jilmil Jonak) ২০১৪ বৰ্ষত মুক্তি প্ৰাপ্ত এখন অসমৰ চলচ্চিত্ৰ। বোলছবিখনৰ প্ৰযোজনা ডেইজী গগৈৰ আৰু পৰিচালনা কৰিছে শিবানন বৰুৱাই। হিয়াৰ দাপোনত তোমাৰেই ছবিৰ পাছতেই জিলমিল জোনাক হৈছে শিবানন বৰুৱাৰ দ্বিতীয়খন পূৰ্ণদৈৰ্ঘৰ কথাছবি।
কাহিনী
দুটা জমিদাৰ পৰিয়ালৰ মাজত থকা ঈৰ্ষা, সংঘাত আৰু জেদ ভাৱক কেন্দ্ৰ কৰি ছবিখন নিৰ্মাণ কৰা হৈছে।১
নিৰ্মাণ
২০১২ চনৰ ৩০ মে’ত গুৱাহাটীৰ পাঞ্জাবাৰীত ছবিখনৰ শুভ মহুৰত সম্পন্ন হৈ যায়।
চিত্ৰগ্ৰহণ
২০১৩ চনৰ ৩০ মে'ৰ পৰা একেটা পৰ্যায়তে ছবিখনৰ চিত্ৰগ্ৰহণ কাম পূৰ্ণগতিত আৰম্ভ হয়। জিলমিল জোনাকৰ চিত্ৰগ্ৰহণ কৰিছে পৰিচালক শিৱানন বৰুৱাই। চিত্ৰগ্ৰহণৰ সহকাৰী প্ৰদীপ সেনগুপ্তা মুম্বাইৰ শংকৰ পাটিল। চিত্ৰগ্ৰহণৰ বাবে উচ্চ প্ৰযুক্তিসমৃদ্ধ ৰেড এপিক ডিজিটেল কেমেৰাত জিলমিল জোনাকৰ চিত্ৰগ্ৰহণ কৰা হৈছে। ছবিখনৰ অধিকাংশই চিত্ৰগ্ৰহণ গুৱাহাটী, মায়ং আৰু সোণাপুৰত হৈ যায়। ইয়াৰ পিছত বোলছবিখনৰ ইউনিট ৩০ জুন তাৰিখে থাইলেণ্ডত চিত্ৰগ্ৰহণৰ বাবে গৈছিল। থাইলেণ্ডৰ বেংকক আৰু পাট্টায়াৰ সাগৰ তীৰত এটি দৃশ্য আৰু এটি গীতৰ পিকচাৰাইজেশ্যনেৰে চিত্ৰ গ্ৰহণৰ কাম শেষ কৰিছিল। অসীম বৈশ্যৰ নৃত্য নিৰ্দেশনাত এই গীতটোৰ দৃশ্যাংশত অংশ লৈছিল যতীন বৰা আৰু নিশিতা গোস্বামীয়ে। ইয়াৰ পিছতে ছবিখনৰ সম্পাদনাৰ কাম আৰম্ভ হৈছিল।১
চিত্ৰনাট্য
জিলমিল জোনাকৰ চিত্ৰনাট্য আৰু সংলাপ কৃষ্ণ ভূঞাৰ। কাহিনী ত্ৰিনয়নৰ। সম্পূৰ্ণ পাৰিবাৰিক কাহিনী। পৰিচালকে নৃত্য-গীত কমেডী আদি উপাদান সন্নিৱিষ্ট কৰি ছবিখন বিনোদনধৰ্মী কৰাৰ প্ৰয়াস কৰিছে।
প'ষ্ট প্ৰডাকশ্যন
ছবিখনৰ প্ৰথম পৰ্যায়ৰ সম্পাদনা আৰম্ভ হৈছে। সম্পাদনা কৰিছে দেবাংকৰ বৰগোহাঁয়ে। প্ৰথম পৰ্যায়ৰ সম্পাদনা শেষ হোৱাৰ কিছুদিন পাছতেই মুম্বাইত হ'ব অন্তিম পৰ্যায়ৰ কাম আৰম্ভ হ'ব।
অভিনয়
জিলমিল জোনাক বোলছবিখনৰ দুটি মূল ৰোমাণ্টিক যুটি হৈছে যতীন বৰা-নিশিতা গোস্বামী আৰু পশ্চিমবঙ্গৰ অভিনেতা ইন্দ্ৰনীল সেনগুপ্তা আৰু ৰাগ-ঐনিতম-শ্যামন্তিকা শৰ্মা। এটি গুৰুত্বপূৰ্ণ নিগেটিভ চৰিত্ৰত অভিনয় কৰিছে আকাশদ্বীপ ডেকা। তাৰ উপৰিও অভিনয় কৰিছে:
- নিপন গোস্বামী
- দীনেশ দাস
- ৰীণা বৰা
- ৰুবী মহন্ত
- বিৰেণ হাজৰিকা
- পদ্মৰাগ গোস্বামী
- জয়শ্ৰী গোস্বামী
- কিশোৰ চৌধুৰী
- দুদুল বৈশ্য
- মহেন্দ্ৰ দাস
- অজয় ডেকা
- চিৰঞ্জীৱ বৰা
- এনিশা হাজৰিকা
- বিক্ৰমাদিত্য গগৈ
- অনামিকা পাঠক গগৈ
- হৃষিকেশ বৰুৱা
- অংশুমান ভূঞা
- তৃষ্ণা কুৰ্মী১
কলা-কুশলী
ছবিখন পৰিচালনাৰ লগতে চিত্ৰগ্ৰহণ কৰিছে শিবানন বৰুৱাই। এই ছবিখনত কেইবাটাও ফাইট ছিকুৱেঞ্চ আছে। এই দৃশ্যসমূহ পৰিচালনা কৰিছে তামিল-তেলুগু ছবিৰ একশ্যন ডাইৰেক্টৰ শ্ৰীকান্তে।১
- মুখ্য সহকাৰী পৰিচালক: প্ৰণৱ হাজৰিকা
- সহকাৰী পৰিচালক: সমীৰ বুঢ়াগোহাঞি, তুলিকা গগৈ হিলৈদাৰী
- প্ৰযোজনা নিয়ন্ত্ৰক: মনোজ মিশ্ৰ
- কলা নিৰ্দেশনা: জ্যোতিশংকৰ ভট্টাচাৰ্য
- কষ্টিউম ডিজাইনাৰ: পাপলি গগৈ
- ৰূপসজ্জা: বাপন কলিতা, প্ৰণৱ গগৈ
- নৃত্য নিৰ্দেশনা: অসীম বৈশ্য, পংকজ ইংতি আৰু সঞ্জীৱ বুঢ়াগোহাঞি
বাহ্যিক সংযোগ
- Exclusive First Look of Jilmil Jonak
- Assamese film promises to draw people to theatres
- Jilmil Jonak - New Assamese film aimed at bringing back the Audience
- জিলমিল জোনাকৰ কেইখনমান ফটো
তথ্যসূত্ৰ
- ↑ (১২ জুলাই, ২০১৩). জিলমিল জোনাকৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ, সম্পাদনা আৰম্ভ. দৈনিক জনমভূমি. পৃ. ৬ পৃষ্ঠা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিলমিল জোনাক” প্ৰবন্ধৰ সংশোধন ৬২৩৯০৩ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।