চায়ৰা বানু (Saira Banu; জন্ম ২৩ আগষ্ট ১৯৪৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী। চায়ৰা বানো নামেৰেও জনাজান এইগৰাকী অভিনেত্ৰীয়ে ১৯৬১ চনৰ পৰা ১৯৮৮ চনৰ ভিতৰত অসংখ্যা বলীউডী চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ আছিল হিন্দী ভাষা চলচ্চিত্ৰ উদ্যোগৰ অতি জনপ্ৰিয় অভিনেত্ৰীসকলৰ অন্যতম। ১৯৬৩ চনৰ পৰা ১৯৬৯ চনলৈ তেওঁ তৃতীয় আৰু ১৯৭১ চনৰ পৰা ১৯৭৬ চনলৈ চতুৰ্থ সৰ্বাধিক পাৰিশ্ৰমিক অৰ্জন কৰা অভিনেত্ৰী আছিল। তেওঁৰ অভিনেতা দিলীপ কুমাৰৰ সৈতে বিবাহ হৈছিল।১২
ব্যক্তিগত জীৱন
১৯৪৪ চনৰ ২৩ আগষ্টত চায়েৰা বানুৰ জন্ম হৈছিল উত্তৰাখণ্ডৰ মুচৌৰীৰ এটা চহকী মুছলমান পৰিয়ালত জন্ম হৈছিল। তেওঁৰ শৈশৱৰ বেছিভাগ দিন লণ্ডনত কটাইছিল। তেওঁৰ মাক নাচিম বানুও এগৰাকী অভিনেত্ৰী আছিল। ‘সৌন্দৰ্যৰ ৰাণী’ অভিধা পোৱা নাচিম বানুক ভাৰতৰ প্ৰথম মহিলা চুপাৰষ্টাৰ বুলি কোৱা হয়। দেউতাক এহচান-উল-হকো এজন নামী চলচ্চিত্ৰ প্ৰযোজক আছিল। চায়েৰা সৰু থাকোঁতেই মাক-দেউতাকৰ এৰাএৰি হয়। সেয়েহে মাকে তেওঁক লণ্ডনলৈ পঠাই দিছিল আৰু তেওঁৰ লিখা-পঢ়া তাতেই হৈছিল।৩
১৯৬৬ চনৰ ১১ অক্টোবৰত দিলীপ কুমাৰৰ সৈতে তেওঁৰ বিবাহ হয়।৪ বানুৰ বয়স তেতিয়া ২২ বছৰ আৰু দিলীপ কুমাৰৰ বয়স ৪৪ বছৰ আছিল।৫ দম্পত্তিহালৰ কোনো সন্তান নাই। ২০১৪ চনত প্ৰকাশিত দিলীপ কুমাৰৰ আত্মজীৱনী দিলীপ কুমাৰ: দ্য চাবষ্টেনছ্ এণ্ড দ্য শ্বেডো ত উল্লেখ কৰা হৈছে যে ১৯৭২ চনত চায়ৰা গৰ্ভৱতী হৈছিল। কিন্তু গৰ্ভকালৰ অষ্টমমাহত হোৱা অত্যধিক উচ্চ ৰক্তচাপৰ বাবে কেঁচুৱাটো বচাব পৰা নগ’ল। দম্পত্তিহালে বিশ্বাস কৰে যে সন্তান পোৱাটো ঈশ্বৰৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে।৬
কৰ্মজীৱন
১৯৬০ চনত চায়েৰা বানু ভাৰতলৈ উভতি আহে। তেতিয়া তেওঁৰ বয়স ১৬ বছৰ।৭ তেওঁ চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে অডিচন দিয়া আৰম্ভ কৰে। হম হিন্দুস্থানীৰ বাবে তেৱোঁ অডিচন দিছিল। কিন্তু তেতিয়া তেওঁৰ বয়স যথেষ্ঠ কম হোৱা বাবে তেওঁক মূল চৰিত্ৰ সলনি পাৰ্শ্ব চৰিত্ৰ যচা হ’ল। চায়েৰাই পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিবলৈ মান্তি নহ’ল। তেওঁ স্পষ্টকৈ কৈ দিলে যে যদি কৰিবই লাগে তেন্তে নায়িকাৰ ভূমিকাতহে অভিনয় কৰিব। ১৯৬১ চনত চায়েৰাৰ শাম্মী কাপুৰৰ নায়িকা হ’বলৈ সুযোগ আহিল জঙ্গলী (১৯৬১) ছবিত। ছবিখন ব্যৱসায়িকভাবে অতি সফল হয়। জঙ্গলীত কৰা অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাৰ মনোনয়নো পায়। ৮
দিলীপ কুমাৰৰ সৈতে অভিনয় কৰিবলৈ তেওঁৰ বহুত আগ্ৰহ আছিল। কিন্তু এই আগ্ৰহ দুয়োৰো বিয়াৰ পিছতহে ফলৱতী হয়। বৈৰাগ (১৯৭৬),চাগিনা (১৯৭০) আৰু গোপীত (১৯৭০) দুয়ো একেলগে কাম কৰে। চায়েৰাৰ প্ৰথম ছবি জঙ্গলীত শাম্মী কাপুৰ তেওঁৰ নায়ক আছিল। আনহাতে জমীৰ ছবিত শাম্মী কাপুৰ চায়েৰাৰ দেউতাক হয়। তাত নায়কৰ চৰিত্ৰ কৰিছিল অমিতাভ বচ্চনে। তেওঁৰ বিশেষ বিশেষ ছবি কেইখনমান হ’ল- পড়োচন, চৈতালী, ব্লাফ মাষ্টাৰ, আয়ী মিলন কী বেলা, এপ্ৰিল ফুল, শাগিৰ্ড, দিৱানা, ঝুক গয়া আসমান, আদমী ঔৰ ইনচান, বলিদান, জোৱাৰ-ভাটা, ৰেশম কী ডোৰী, চাজিশ, হেৰাফেৰী আৰু নহলে পে দেহলা।৩
তথ্যসূত্ৰ
- ↑ nasheman.in/nostalgia-saira-banu/
- ↑ Devinder Bir Kaur. (7 July 2002). Dilip Kumar saw a psychoanalyst after acting as Devdas. The Sunday Tribune
- ↑ Biography: Saira banu. Kissa TV
- ↑ (11 December 2006). Dilip Kumar turns 84. IBN Live
- ↑ Age no bar for these Bollywood couples. Times of India
- ↑ Kumar, Dilip. (2014). Dilip Kumar: The Substance and the Shadow. Hay House India. ISBN 9789381398968
- ↑ Rana Siddiqui Zaman. (2010-08-12). Arts / Cinema: My First Break: Saira Banu. The Hindu
- ↑ Devinder Bir Kaur. (7 July 2002). Dilip Kumar saw a psychoanalyst after acting as Devdas. The Sunday Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চায়ৰা বানু” প্ৰবন্ধৰ সংশোধন ৬৩৯৬১৬ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।