অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কোলাহল (চলচ্চিত্ৰ)

কোলাহল (The Turmoil) হৈছে ১৯৮৯ চনত মুক্তিপ্ৰাপ্ত ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। শইকীয়াই ১৯৬৯ চনত লিখা এন্দুৰ নামৰ গল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হয়। চলচ্চিত্ৰখনত অভিনয় কৰে ৰুণু দেৱী ঠাকুৰ, অৰুণ নাথ, বিভূ ৰঞ্জন চৌধুৰী আদিয়ে।

হালনাগাদ: ২৩ মাৰ্চ ২০২৪ ৩৩৭ শব্দ · ২ মিনিট সংগৃহীত ৫৩
সংশোধনৰ পৰামৰ্শ

কোলাহল (The Turmoil) হৈছে ১৯৮৯ চনত মুক্তিপ্ৰাপ্ত ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত এখন অসমৰ চলচ্চিত্ৰ। শইকীয়াই ১৯৬৯ চনত লিখা এন্দুৰ নামৰ গল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হয়।১ চলচ্চিত্ৰখনত অভিনয় কৰে ৰুণু দেৱী, অৰুণ নাথ, বিভূ ৰঞ্জন চৌধুৰী আদিয়ে। চলচ্চিত্ৰখনে ৩৬ তম ৰাষ্ট্ৰীয় ছবি মহোৎসৱত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰে।২

কাহিনী

ধানৰ বস্তা কঢ়িওৱা ট্ৰাকৰ পৰা ধান আনি মাকক যোগান ধৰা মোতিৰ ওপৰতেই মাক কিৰণ প্ৰায় নিৰ্ভৰশীল ৷ কিৰণৰ স্বামী কৰ্মৰ সন্ধানত ঘৰৰ পৰা আঁতৰলৈ যায় ৷ পুৰষ নথকা ঘৰখনত কিৰণৰ কাষ চাপিবলৈ উদ্বাউল হৈ থাকে ওচৰৰে চকীদাৰ এজন, দাদা এজন ৷ তেনে এক পৰিৱেশৰ মাজতে এদিন ধানৰ বস্তাৰ তলত সোমাই মোতিৰ অকাল মৃত্যু হয়৷ কিৰণৰ মাতৃ-হৃদয় থানবান হৈ পৰে ৷ কিছুদিন পাছত খবৰ আহে, তেওঁৰ গিৰিয়েক বিনোদে অইন এগৰাকী মহিলাৰ লগত থাকিবলৈ লৈছে ৷ সংকটৰ এই মুহূৰ্তত কাষ চাপি আহে ট্ৰাকৰ চাফাই কৰ্মী বাদল৷ তেওঁ কিৰণক সহায় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে আৰু বিয়া কৰাব বিচাৰে৷ জীৱনৰ এক চৰম দোদুল্যমান অৱস্থাত কিৰণে কি সিদ্ধান্ত লয় আৰু তেওঁৰ সেই সিদ্ধান্তটোত এৰি অহা জীৱনটোৱে কেনেধৰণৰ ভূমিকা পালন কৰে-সেইয়াই মূলতঃ কোলাহলৰ কাহিনী৷ ৩

অভিনয়ত

  • ৰুণু দেৱী
  • অৰুণ নাথ
  • বিভূ ৰঞ্জন চৌধুৰী
  • বিদ্যুৎ চক্ৰৱৰ্তী
  • অৰুণ গুহ ঠাকুৰতা
  • দিলিপ বৰুৱা
  • চেতনা দাস
  • কৃষ্ণা দাস নাথ
  • বকুল ঘোষ
  • প্লাবন বৰদলৈ
  • দিলিপ ৰঞ্জন দত্ত
  • ইন্দু ভূষণ গগৈ
  • আৰতি বৰুৱা
  • প্ৰাণজিৎ দাস
  • শ্ৰী কন্দলি
  • জোৱান দত্ত
  • নিৰেণ শৰ্মা
  • চম্পক হাতীবৰুৱা
  • টুটু
  • ৰূপক শৰ্মা
  • মিতু ৰূপক শৰ্মা
  • অমূল্য কাকতি
  • আৰু আৱাহন থিয়েটাৰৰ অভিনয়শিল্পীসকল১

কলা-কুশলী

  • প্ৰযোজনা/পৰিচালনা/কাহিনী/চিত্ৰনাট্য/সংলাপ- ভবেন্দ্ৰ নাথ শইকীয়া
  • মুখ্য সহ পৰিচালনা- অৰুণ গুহ ঠাকুৰতা
  • সহ-পৰিচালনা- সঞ্জীৱ হাজৰিকা, বিদ্যুৎ চক্ৰৱৰ্তী, উৎপল দত্ত (অভিনেতা), সংগীতা শইকীয়া
  • প্ৰযোজনা নিয়ন্ত্ৰণ- প্ৰীতি শইকীয়া, ইন্দু ভূষণ গগৈ
  • সংগীত- মুকুল বৰুৱা
  • চিত্ৰগ্ৰহণ- কমল নায়ক
  • সম্পাদনা- নিকুঞ্জ ভট্টাচাৰ্য
  • শব্দগ্ৰহণ- পীয়ুষ কান্তি ৰয়, সতীশ চৌহান
  • কলা নিৰ্দেশনা- ফটিক বৰুৱা, নুৰুদ্দিন আহমেদ
  • সাজসজ্জা- সংগীতা শইকীয়া
  • ৰূপসজ্জা- দেৱী হালদাৰ১

সন্মান

  • ‘সামাজিক ৰীতি-নীতি আৰু জীয়াই থকাৰ বাসনাৰ মাজত অৱস্থানৰত এগৰাকী দুখুনী মহিলাৰ সংঘৰ্ষৰ সাহসী বিষয়’টোৰ বাবে কোলাহলক ১৯৮৮ চনৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ কাহিনী-চিত্ৰৰ বঁটা প্ৰদান কৰা হয়৷ ছবিৰ পৰিচালক আৰু প্ৰযোজক হিচাপে ৰজত কমলৰ লগতে ড০ শইকীয়াই যথাক্ৰমে ১০,০০০ আৰু ২০,০০০ টকাৰ ধনৰাশি লাভ কৰে ৷ ৩
  • ১৯৮৮ চনৰ 'ভাৰতীয় পেনোৰামা'লৈ নিৰ্বাচিত।১
  • ছিডনী, মিউনিখ, মস্কো, মণ্ট্ৰীল আৰু ট'ৰণ্ট'ৰ চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত।১

তথ্যসূত্ৰ

  1. ↑ Kolahal. Rupali Parda
  2. ↑ Best Assamese Feature Film. Awards and Shows
  3. ↑ 36th National Film Awards 1989

সম্পৰ্কিত শ্ৰেণী

১৯৮৯ বৰ্ষৰ চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমীয়া ছবি১৯৮০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোলাহল (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪১৩৭৪১ (২৩ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।