জীৱন সুৰভি (Jeewan Suravee) ১৯৮৪ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া ড্ৰামা চলচ্চিত্ৰ। এইখন প্ৰথম অসমীয়া ফিল্মস্কোপ ছবি। এক সপেৰা এক লুটেৰা (১৯৬৫),আগ (১৯৬৭),টাংগেৱালা (১৯৭২),দো জাচুচ (১৯৭৫),গোপীচান্দ জাচুচ (১৯৮২) আদি বলীউডী চলচ্চিত্ৰৰ পৰিচালক নৰেশ কুমাৰে১ এই ছবিখন পৰিচালনা কৰিছিল। মূল চৰিত্ৰত অভিনয় কৰিছিল নিপন গোস্বামী আৰু বিদ্যা ৰাৱে।২
কাহিনী
জীৱন এজন কোম্পানীৰ ট্ৰাক ড্ৰাইভাৰ। ঘাট-মাউৰা সুৰভিয়ে সংসাৰৰ প্ৰতি বিৰাগ ওপজাত ট্ৰাকৰ তলত পৰি আত্মহত্যা কৰিবলৈ আহিছিল। জীৱনে তাইক বচায় আৰু তাইৰ সৈতে সংসাৰ পাতে। তেওঁৰ সততা আৰু পৰিশ্ৰমী গুণটোৰ বাবে কোম্পানীয়ে তেওঁক পদোন্নতি দিয়ে। বৈবাহিক জীৱনৰ চিন স্বৰূপে তেওঁলোকৰ ল’ৰা এটাও জন্ম পালে। নাম থলে ৰূপম। কিন্তু সংগদোষত জীৱনে সুৰাত হাত দিলে আৰু ক্ৰমাৎ ই এটা এৰাব নোৱাৰা অভ্যাসত পৰিণত হ’ল। ঘটনাক্ৰমে তেওঁৰ হাতত এজন লোকৰ মৃত্যু হোৱাত তেওঁ কাৰাবাস খাটিবলগীয়া হয়।
সৎ আচৰণৰ বাবে ছমাহ পূৰ্বে জীৱন কাৰাগাৰৰ পৰা মুক্ত হয়। মুকলি হৈ আহি সি গম পালে যে সুৰভি বৰ্তমান এখন মহাবিদ্যালয়ৰ শিক্ষয়ত্ৰী। তেওঁৰ কলংকিত অতীত জীৱনৰ কথা যাতে প্ৰকাশ নাপায়, তাৰবাবে পৰিচয় গোপন কৰি তেওঁ সেইখন মহাবিদ্যালয়ৰে মালিৰ কামত সোমায়। ৰূপমে সেই মহাবিদ্যালয়ৰ অধ্যক্ষৰ ছোৱালী সংগীতাক ভাল পায়। দুয়োখন ঘৰৰ সন্মতিত সিহঁতৰ বাকদানো সম্পন্ন হয়।
ইফালে ৰূপমহঁত পঢ়া একে মহাবিদ্যালয়ৰ ছাত্ৰ ৰাজেনে সংগীতাক অসৎ ব্যৱহাৰ কৰাত তাক মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হয়। প্ৰতিশোধ লবলৈ সি সংগীতাক অপহৰণ কৰে। ৰুপমে তাৰ দেউতাক জীৱনৰ সহায়ত সংগীতাক উদ্ধাৰ কৰে আৰু অৱশেষত জীৱন আৰু সুৰভিৰ মিলন হয়।২
অভিনয় শিল্পী
- নিপন গোস্বামী (জীৱন)
- বিদ্যা ৰাও (অভিনেত্ৰী) (সুৰভি)
- ব্ৰজেন বৰা (ৰূপম)
- মিৰেল কুদ্দুছ (দ্বৈত ভূমিকাত)
- ৰীতা মহলীয়া
- অমূল্য কাকতি (ৰাজেন)
- দিলীপ হাজৰিকা
- অসীম দাস
- হেমেন চৌধুৰী
- দীনেশ দাস২
সংগীত
ছবিখনৰ সংগীত পৰিচালনা কৰিছে ভূপেন উজীৰে। গীত লিখিছে হেমন্ত দত্তই।৩৪
তথ্যসূত্ৰ
- ↑ Filmography of Naresh Kumar. www.imdb.com
- ↑ Jeevan Surabhi (1984). youtube.com
- ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 417
- ↑ Tracks of Jiban Surabhi. Music India Online
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীৱন সুৰভি” প্ৰবন্ধৰ সংশোধন ৩৮৫১১৩ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।