অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

সন্তান

সন্তান (Santaan) ১৯৭৪ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মিত ছবিখন পৰিচালনা কৰিছিল অমৰ পাঠকে। সঙ্গীত প্ৰভাত শৰ্মাৰ। ইয়াত সঠিক পথ-নিৰ্দেশনাৰ অভাৱ আৰু অনিশ্চিত ভৱিষ্যতে উচ্ছৃংখল, অস্থিৰ কৰি তোলা এচাম যুৱকৰ কাহিনী বৰ্ণনা কৰা হৈছে।

হালনাগাদ: ১৩ আগষ্ট ২০২৩ ১৫৪ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

সন্তান (Santaan) ১৯৭৪ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমৰ চলচ্চিত্ৰ। লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মিত ছবিখন পৰিচালনা কৰিছিল অমৰ পাঠকে। সঙ্গীত প্ৰভাত শৰ্মাৰ। ইয়াত সঠিক পথ-নিৰ্দেশনাৰ অভাৱ আৰু অনিশ্চিত ভৱিষ্যতে উচ্ছৃংখল, অস্থিৰ কৰি তোলা এচাম যুৱকৰ কাহিনী বৰ্ণনা কৰা হৈছে। সন্তানসকলক উপযুক্ত নাগৰিক কৰি গঢ়ি তুলিবলৈ যি সুস্থ অৰ্থনৈতিক আৰু সামাজিক পৰিবেশৰ দৰকাৰ, সেই পৰিবেশ গঢ়াত সকলোৰে কম-বেছি দায়িত্ব আছে। সেয়েহে মাতৃস্নেহৰ অপৰিসীম বলেৰে বিধবা ললিতাই জীৱন, বিনয়হঁতৰ মানসিক বিভ্ৰান্তি দূৰ কৰিবলৈ চেষ্টা কৰিছে। ললিতাই সিহঁতক নিজহাতে শ্ৰম কৰি এখন নতুন সমাজ গঢ়িবৰ বাবে আহ্বান জনাইছে।১

অভিনয় শিল্পী

কলা-কুশলী

(তথ্যছ’কত নথকা)

  • বেনাৰ- লাচিত চিত্ৰম
  • শব্দ গ্ৰহণ- অৱনী চেতাৰ্জী, সৰোজ ইটালীয়া, কালি দাস
  • সংলাপ- অমৰ পাঠক

সংগীত

সঙ্গীত পৰিচালনা প্ৰভাত শৰ্মাৰ। এইখন তেওঁৰ সঙ্গীত পৰিচালনা কৰা প্ৰথম ছবি। অৱশ্যে ইয়াৰ আগত অচ্যুত লহকৰৰ ব্লেকমানি নামৰ ছবি এখনত সঙ্গীত পৰিচালনা কৰিছিল যদিও সেইখনে মুক্তি নাপালে।২

তথ্যসূত্ৰ

  1. ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 226
  2. ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 216

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৭০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৭৪ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সন্তান” প্ৰবন্ধৰ সংশোধন ৩৭৪০৭১ (১৩ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।