অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

সুতুলী

সুতুলী মাটিৰে নিৰ্মিত এটি সুষিৰ বাদ্য। বিশেষকৈ কেঁকুৰা গাতৰ মাটি সুতুলি সাজোঁতে ব্ইযৱহাৰ হয়। ধৰণৰ বাদ্য বিলাকত জীৱ জন্তু বা পক্ষীৰ মাতৰ অনুকৰণত বাঁহীৰ দৰে সুৰ বজোৱা হয়। সুতুলীৰ মাতত বৰষুণ আহে বুলিও অসমীয়া জনসমাজত এক লোকবিশ্বাস প্ৰচলিত আছে।

হালনাগাদ: ২৮ মাৰ্চ ২০২৫ ২৯২ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

সুতুলী মাটিৰে নিৰ্মিত এটি সুষিৰ বাদ্য। বিশেষকৈ কেঁকুৰা গাতৰ মাটি সুতুলি সাজোঁতে ব্ইযৱহাৰ হয়। ধৰণৰ বাদ্য বিলাকত জীৱ জন্তু বা পক্ষীৰ মাতৰ অনুকৰণত বাঁহীৰ দৰে সুৰ বজোৱা হয়। সুতুলীৰ মাতত বৰষুণ আহে বুলিও অসমীয়া জনসমাজত এক লোকবিশ্বাস প্ৰচলিত আছে। প্ৰথম অবস্থাত এই বাদ্য যন্ত্ৰ প্ৰকৃততে খেলনাৰ দৰেহে ব্যৱহাৰ হৈছিল আৰু পৰৱৰ্তী কালত বাদ্য হিচাপে বজোৱা আৰম্ভ কৰে। প্ৰাচীন চীনতো সুতুলীৰ দৰে সুন ( xun) নামৰ এবিধ বাদ্য আছিল বুলি জনা যায়।১

ইতিহাস

সুতুলীৰ সৃষ্টি প্ৰাকঐতিহাসিক কালতে হৈছিল বুলি ভবাৰ থল আছে, বিভিন্ন প্ৰত্নতাত্বিক খননকাৰ্যত সুতুলীৰ দৰে বাদ্যৰ ভগ্নাৱশেষ পোৱা যায়। সুতুলীৰ আকাৰ আৰু সুৰলৈ চাই, চৰাইৰ মাতৰ অনুকৰণত সুতুলী নিৰ্মাণ কৰা হৈছিল বুলি ভাবিব পাৰি। বিশ্বাস কৰা যায় যে, প্ৰথমতে মানুহে নাৰিকলৰ দৰে ফলৰ কঠিন খোলাৰে সংগীত সৃষ্টি কৰিবৰ চেষ্টা কৰাৰ ফলস্বৰূপেই এনে বিলাক বাদ্যযন্ত্ৰৰ উৎপত্তি হয়১।

ব্যৱহাৰ

বিহুত সুতু্লীৰ যথেষ্ট গুৰুত্ব আছে। জনবিশ্বাস মতে, আগতে গৰখীয়া ল’ৰাহঁতে সুতু্লী খেলনাৰ দৰে ব্যৱহাৰ কৰিছিল, বোধহয় ইয়াৰ খুব সহজ নিৰ্মাণ প্ৰণালীৰ বাবে। সুতু্লী ল’ৰা আৰু ছোৱালী উভয়ে বজায়। যিহেতু পেঁপা, বাঁহি ঢোল আদি ছোৱালী সকলে নবজায়, গতিকে তাৰ সলনি সুতু্লী আৰু টকাৰ ব্যৱহাৰ তেওঁলোকৰ বিহুত বেছি গুৰুত্বপূৰ্ণ বুলি অনুমান কৰিব পাৰি১।

সুতুলী নিৰ্মাণ পদ্ধতি

সুতুলী এবিধ খোলাকৃতিৰ মাটিৰে নিৰ্মিত বাদ্য, য’ত দুটা বা তাতোধিক ছিদ্ৰ (key holes) দ্বাৰা সুৰ সৃষ্টি কৰা হয়। বজাবৰ বাবে ওপৰ ফালে আন এটা ছিদ্ৰ (tone hole) থাকে। এই ওপৰৰ ছিদ্ৰটোত ফুঁ দি সুতুলী বজোৱা হয়। সুতুলী সাধাৰণতে আলতীয়া মাটিৰে নিৰ্মাণ কৰা হয়। ( পৰম্পৰাগত ধাৰণামতে কেঁচুমতাৰ মাটিৰে সুতুলী নিৰ্মাণ কৰিলে সুৰীয়া হয়। কিন্তু কোনো কোনো স্থানত বাঁহ বা কাঠেৰে নিৰ্মিত সুতু্লীও দেখা যায়।

সুতুলীৰ আকাৰ সাধাৰণতে অৰ্ধচন্দ্ৰাকাৰ হ’লেও ঘট, ডিম্বাকৃতি বা বিভিন্ন আকৃতিৰ সুতুলীও দেখা পোৱা যায়। সুতু্লী বিভিন্ন লোকে বিভিন্ন ৰূপৰে যদিও সজা দেখা যায়, কিন্তু প্ৰায়বোৰ সংযোজনেই মূলতঃ আলংকাৰিক, কাৰণ সেইবিলাকত বাদ্য গুণৰ কোনো প্ৰভেদ বিচাৰি পোৱা নাযায়১।

সম্পৰ্কীয় গ্ৰন্থপঞ্জী

  1. বিহুৰে বিৰিণা পাত: জয়কান্ত গন্ধীয়া আৰু ড: নোমল গগৈ
  2. অসমৰ বাদ্য যন্ত্ৰ: ধৰ্মেশ্বৰ দুৱৰা

তথ্যসূত্ৰ

  1. ↑ অভিজিত. (২০১১). সুতুলী

সম্পৰ্কিত শ্ৰেণী

অসমৰ বাদ্যযন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুতুলী” প্ৰবন্ধৰ সংশোধন ৪৯৮৯১০ (২৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।