ৰ’দ্ (Rowd) ২০১২ চনৰ ৫ অক্টোবৰত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ভাষাত নিৰ্মিত চলচ্চিত্ৰ৷ এই চলচ্চিত্ৰখনৰ মুখ্য পৰিকল্পনাকাৰী হৈছে তপন বৰদলৈ৷ কাহিনী আৰু স্ক্ৰীণপ্লে' গৌতম বৰুৱাৰ। স্ক্ৰীপ্ট লিখিছে চিৰন্তন মহন্ত, অসীম কৃষ্ণ আৰু ৰুপম দত্তই৷ এম বি প্ৰডাকশ্যনৰ বেনাৰত গৌতম বৰুৱাই পৰিচালনা কৰা ছবিখনৰ প্ৰযোজনা কৰিছে মৌচুমী বৰদলৈয়ে৷
কাহিনী
চাকৰিসূত্ৰে হিমাচল প্ৰদেশৰ মানালীত দেউতাকৰ সৈতে থকা এটা মধ্যবিত্ত পৰিয়ালৰ এজন অসমীয়া যুৱক আৰু সেই ঠাইৰেই এজন ধনী লোকৰ একমাত্ৰ জীয়ৰীক মূখ্য কেন্দ্ৰ কৰি নিৰ্মান কৰা এই বোলছবিত নতুন প্ৰজন্মৰ প্ৰেম, বিচ্ছেদ আৰু সংঘাটৰ বিষয়ে দেখুওৱা হৈছে১৷
নিৰ্মাণ
‘‘ৰ’দ্’’ চলচ্চিত্ৰখনৰ প্ৰায় ৪০ শতাংশ দৃশ্যগ্ৰহণ মানালী আৰু নতুন দিল্লীত কৰা হৈছে। বাকী দৃশ্যগ্ৰহণ গুৱাহাটী, শ্বিলং আৰু চেৰাপুঞ্জীত কৰা হৈছে।
অভিনয় শিল্পী
চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰসমূহতত অভিনয় কৰিছে উৎপল দাস, দিগন্ত হাজৰিকা, মুনমী ফুকন, নৱাগতা মনালী বৰদলৈ৷ তদুপৰি অভিনেতা বিজু ফুকন, জয়ন্ত ভাগৱতী, হিৰণ্য ডেকা, তপন বৰদলৈ, ভগৱত প্ৰীতম, নিকুমণি বৰুৱা, পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজীৱ বৰা, পদ্মৰাগ গোস্বামী, পাৰ্থসাৰথি মহন্ত, নিলীম নাথ, নিৰ্মল নাথ, অৰুন্ধতী, নৱীন শৰ্মাৰ উপৰি শিশু শিল্পী অৰিন্দম বৰদলৈ আৰু গাৰ্গী শৰ্মাই অভিনয় কৰিছে৷
সংগীত
ৰ'দ্ৰ সংগীত পৰিচালক যতীন শৰ্মা। গীতৰ কথা ৰাজদ্বীপ, জনঞ্জয় শইকীয়া আৰু মানস মহন্তৰ।
কাৰিকৰী খুঁটি-নাটি
‘‘ৰ’দ্’’ চলচ্চিত্ৰখনত কেনন ফাইভ কেমেৰাৰে ৩৫ মিলিমিটাৰত দৃশ্যগ্ৰহণ কৰা হৈছে১৷ চিনেমাট’গ্ৰাফীৰ কাম বিশ্বভূষণ মহাপাত্ৰ (মুম্বাই), বিপুল দাস, প্ৰদীপ দৈমাৰীয়ে কৰিছে১৷
বাহ্যিক সংযোগ
- Rowd (Sunshine) - Upcoming Assamese Movie by Gautam Baruah and Mousumi Bordoloi at assamjournal.com]
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰ’দ্ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৯৭৮৭৯ (১৬ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।