অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কাৰ্ত্তিক পূৰ্ণিমা

কাৰ্ত্তিক পূৰ্ণিমা (Kartik Purnima) হ'ল হিন্দু, শিখ আৰু জৈন ধৰ্মৰ এটি সাংস্কৃতিক উৎসৱ, যিটো পূৰ্ণিমা বা কাতিৰ পোন্ধৰতম চান্দ্ৰ দিনত (নৱেম্বৰ-ডিচেম্বৰ) অনুষ্ঠিত হয়। এই উৎসৱক ত্ৰিপুৰী পূৰ্ণিমা বা ত্ৰিপুৰাৰী পূৰ্ণিমা বুলিও কোৱা হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৪০৬ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

কাৰ্ত্তিক পূৰ্ণিমা (Kartik Purnima) হ'ল হিন্দু, শিখ আৰু জৈন ধৰ্মৰ এটি সাংস্কৃতিক উৎসৱ, যিটো পূৰ্ণিমা বা কাতিৰ পোন্ধৰতম চান্দ্ৰ দিনত (নৱেম্বৰ-ডিচেম্বৰ) অনুষ্ঠিত হয়। এই উৎসৱক ত্ৰিপুৰী পূৰ্ণিমা বা ত্ৰিপুৰাৰী পূৰ্ণিমা বুলিও কোৱা হয়। ইয়াক কেতিয়াবা দেৱতাৰ পোহৰৰ উৎসৱ দেৱ-দীৱালী বা দেৱ-দীপাৱলী বুলিও কোৱা হয়। দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত অন্য দিনত অনুষ্ঠিত কাৰ্ত্তিকা দীপম হ'ল এটি এই ধৰণৰ অনুষ্ঠান।

হিন্দুধৰ্মত ইয়াৰ গুৰুত্ব

ত্ৰিপুৰী পূৰ্ণিমা বা ত্ৰিপুৰাৰী পূৰ্ণিমাৰ নামটো ত্ৰিপুৰাৰীৰপৰা আহিছে, যি ত্ৰিপুৰাসুৰ অসুৰৰ শত্ৰু। ত্ৰিপুৰাৰী ভগবান শিৱৰ এক অৱতাৰ। শিৱই ত্ৰিপুৰান্তক ৰূপ ধৰি ত্ৰিপুৰাসুৰ অসুৰৰ বধ কৰিছিল। ত্ৰিপুৰাসুৰে দেৱতা সকলক হৰুৱাই স্বৰ্গ বিজয় কৰি অন্তৰীক্ষত তিনিখন নগৰ নিৰ্মাণ কৰিছিল, যাক ত্ৰিপুৰা বুলি কোৱা হৈছিল। শিৱৰ সহায়ত দেৱতাসকলে ত্ৰিপুৰাসুৰক বধ কৰি নগৰ তিনিখন নষ্ট কৰে আৰু এই দিনটোক পোহৰৰ উৎসৱ বুলি ঘোষনা কৰে। এই দিনটোকে দেৱ-দিৱালী বুলি কয়; অৰ্থাৎ দেৱতা সকলৰ দীৱালী। পোহৰৰ উৎসৱ দীৱালী হিন্দুসকলৰ উৎসৱ।১

কাৰ্ত্তিক পূৰ্ণিমাত ভগবান বিষ্ণুৰ মৎস্য অৱতাৰৰ মৎস্যৰো জন্মদিন। এইটো বৃন্দাৰো জন্মদিন, যাক তুলসী ৰূপত পূজা কৰা হয়। কাৰ্ত্তিক হ'ল যুদ্ধৰ দেৱতা আৰু শিৱৰ পুত্ৰ। কাৰ্ত্তিক পূৰ্ণিমাৰ দিনটোতে কৃষ্ণ আৰু ৰাধাই ৰাস নৃত্য কৰিছিল আৰু এই দিনটোতে কৃষ্ণই ৰাধাৰ পূজা কৰিছিল বুলি জনবিশ্বাস আছে।

যেতিয়া দিনটো কৃত্তিকা নক্ষত্ৰত পৰে তেতিয়া এই উৎসৱৰ মহত্ত্ব আৰু বাঢ়ে আৰু ইয়াক মহা কাৰ্ত্তিকা বোলা হয়।২

হিন্দু বিধি

প্ৰবোধিনী একাদশীৰ সৈতে কাৰ্ত্তিক পূৰ্ণিমাৰ নিকট সম্পৰ্ক আছে, ইয়াক সেই চাৰিমাহৰ অন্ত বুলি ধৰা হয় যি চাৰিমাহ সময় বিষ্ণু নিদ্ৰামগ্ন হৈ থাকে বুলি বিশ্বাস কৰা হয়। প্ৰবোধিনী একাদশী হৈছে বিষ্ণু দেৱতাৰ জাগৰণৰ প্ৰতীক। এই দিনটোতে চাৰিমহীয়া তপস্যা শেষ হয় বুলি ভবা হৈছে। প্ৰবোধিনী একাদশীত আৰম্ভ হোৱা মেলাবোৰ কাৰ্ত্তিক পূৰ্ণিমাৰ দিনা শেষ হয়। কাৰ্ত্তিক পূৰ্ণিমা হৈছে এই মেলাবোৰৰ এটা গুৰুত্বপূৰ্ণ দিন। কাৰ্ত্তিক পূৰ্ণিমাৰ দিনা শেষ হোৱা পন্ধৰপুৰ আৰু পুষ্কৰ মেলাত প্ৰবোধিনী একাদশী উৎসৱ পালন কৰা হয়। কাৰ্ত্তিক পূৰ্ণিমা হ'ল প্ৰবোধিনী একাদশীৰপৰা পালন কৰা তুলসী বিবাহৰো অন্তিম দিন।

এই দিনটোতে বিষ্ণুও বালিৰ গৃহৰপৰা নিজ গৃহলৈ ঘূৰি আহে বুলি জনবিশ্বাস। সেয়ে এই দিনটোক দেৱ-দিৱালী বুলি মনা হয়।৩

পুষ্কৰ মেলা, ২০০৬
পুষ্কৰ মেলা, ২০০৬ছবি: Dew · Copyrighted free use

ৰাজস্থানৰ পুষ্কৰত অনুষ্ঠিত পুষ্কৰ মেলাত ব্ৰহ্মাক পূজন কৰা হয় আৰু মোক্ষ প্ৰাপ্তিৰ বাবে পুস্কৰ হ্ৰদত ভক্তসকলে কাৰ্ত্তিক পূৰ্ণিমাৰ দিনা আনুষ্ঠানিক স্নান সম্পন্ন কৰে। এই মেলাত প্ৰায় দুই লাখ ভক্ত আৰু পঁচিশ হাজাৰ উঁটৰ সমাগম ঘটে। পুষ্কৰ মেলা এছিয়াৰ সৰ্ব্ববৃহৎ উঁট মেলা।৪৫৬৭

কাৰ্ত্তিক পূৰ্ণিমা হৈছে বাৰানসীত গংগা-স্নানৰ বাবে আটাইতকৈ জনপ্ৰিয় দিন।২

ত্ৰিপুৰী পূৰ্ণিমা শিৱলৈ উচৰ্গিত উৎসৱসমূহৰ অন্তৰ্গত এটি ধৰ্মীয় উৎসৱ। ই মহা শিৱৰাত্ৰিৰ ঠিক পিছতে।৮

জৈন ধৰ্মত

পালিতানা জৈন মন্দিৰ
পালিতানা জৈন মন্দিৰছবি: Malaiya at en.wikipedia · GFDL

কাৰ্ত্তিক পূৰ্ণিমা জৈন সকলৰ বাবে এটা গুৰুত্বপূৰ্ণ ধৰ্মীয় দিন। পালিতানা জৈন তীৰ্থস্থানলৈ গৈ তেওঁলোকে এই দিনটো পালন কৰে।৯

শিখ ধৰ্মত

নানকশাহী কেলেণ্ডাৰ অনুসৰি গুৰু নানকৰ জন্ম ১ ব'হাগ, ১৪ এপ্ৰিলত হৈছে। এইটো এটা পূৰ্ণিমাৰ ৰাতি আছিল।১০নানকপন্থী হিন্দু আৰু তেওঁৰ অনুৰাগীসকলে এই দিনটো বিক্ৰম কেলেণ্ডাৰ অনুযায়ী কাৰ্ত্তিক পূৰ্ণিমাত পালন কৰে। গুৰু নানক জয়ন্তী গুৰুপৰ্ব বা প্ৰকাশ পৰ্ব ৰূপে কাৰ্ত্তিক পূৰ্ণিমাত পালন কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ (1969). Garavi gujarat. পৃ. 11
  2. ↑ Dwivedi, Dr. Bhojraj. (2006). Religious Basis Of Hindu Beliefs. Diamond Pocket Books (P) Ltd. পৃ. 171. ISBN 9788128812392
  3. ↑ Swaminarayan Smapradaya - Dev Diwali Significance
  4. ↑ Fairs and Festivals of India By S.P. Sharma, Seema Gupta p 133-34
  5. ↑ Nag Hill at Pushkar brims with sadhus, 27 October 2009, Times of India
  6. ↑ Viewfinder: 100 Top Locations for Great Travel Photography By Keith Wilson p.18-9
  7. ↑ Frommer's India By Pippa de Bruyn, Keith Bain, Niloufer Venkatraman, Shonar Joshi p. 440
  8. ↑ The Hindu religious year By M.M. Underhill pp.95-96
  9. ↑ (2009-11-02). Pilgrims flock Palitana for Kartik Poornima yatra. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  10. ↑ Guru Nanak's birth date

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ উৎসৱসমূহভাৰতৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৰ্ত্তিক পূৰ্ণিমা” প্ৰবন্ধৰ সংশোধন ৩৮০৪৪৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।