অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আন্তৰ্জাতিক শ্ৰমিক দিৱস

আন্তঃৰ্জাতিক শ্ৰমিক দিৱসটো (International Workers' Day ) মে' দিৱস নামেৰেও পৰিচিত। মে' মাহৰ প্ৰথম দিনটোতেই পৃথিৱীৰ বহু দেশত এই দিৱস পালন কৰা হয়। কিছুমান দেশে মে’ দিৱসক শ্ৰমিক দিৱস হিচাপেও পালন কৰে। এই দিনটো চৰকাৰীভাৱে ছুটিৰ দিন।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৬৮৩ শব্দ · ৪ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

আন্তঃৰ্জাতিক শ্ৰমিক দিৱসটো (International Workers' Day ) মে' দিৱস নামেৰেও পৰিচিত। মে' মাহৰ প্ৰথম দিনটোতেই পৃথিৱীৰ বহু দেশত এই দিৱস পালন কৰা হয়। কিছুমান দেশে মে’ দিৱসক শ্ৰমিক দিৱস হিচাপেও পালন কৰে। এই দিনটো চৰকাৰীভাৱে ছুটিৰ দিন। ১৮৮৬ চনৰ ১ মে’ত আমেৰিকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰৰ হে-মাৰ্কেটত ৮ ঘণ্টা শ্ৰমদিনৰ দাবীত আন্দোলন কৰা শ্ৰমিকৰ ওপৰত গুলি চলোৱাত ১১ জন শ্ৰমিক ছহিদ হয়।১ পিছে আমেৰিকা যুক্তৰাষ্ট্ৰ বা কানাডাত এইদিন পালন কৰা নহয়। ইয়াৰ উপৰিও এইদিনটোৰ আন কিছু ঘটনা আছে যিবোৰ আঞ্চলিকভাৱে হয়তো পালন কৰা হয়।

ইতিহাস

in Stockholm is seen at the end of the picture]]

আগতে শ্ৰমিকসকলে অমানুষিক পৰিশ্ৰম কৰিব লাগিছিল, প্ৰতিদিনে গড়ে প্ৰায় ১০-ৰ পৰা ১২ ঘণ্টা আৰু সপ্তাহত ৬ দিন কাম কৰিছিল। বিপৰীতে নগণ্য পাৰিশ্ৰমিক বা মজুৰি পাইছিল, শ্ৰমিকসকলে অতি অমানৱীয় জীবনযাপন কৰিছিল, ক্ষেত্ৰবিশেষে সেইটো দাসবৃত্তিৰ পৰ্যায়ত পৰিছিল। ১৮৮৪ চনত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰত এদল শ্ৰমিকে দৈনিক ৮ ঘণ্টা কামৰ নিয়ম কৰাৰ দাবীত আন্দোলন আৰম্ভ কৰে আৰু তেঁওলোকৰ এই দাবী কাৰ্যকৰী কৰাৰ বাবে তেওঁলোকে সময় বান্ধি দিয়ে ১৮৮৬ চনৰ ১-মে। কিন্তু কাৰখানাৰ মালিকসকলে এই দাবী মানি নল’লে।২ ১৮৮৬ চনৰ ৪ মে’ৰ সন্ধিয়া সামান্য বৰষুণৰ মাজত চিকাগো নগৰৰ হে-মাৰ্কেট নামৰ এক বাণিজ্যিক এলেকাত শ্ৰমিকসকল শোভাযাত্ৰা কৰাৰ উদ্দেশ্যে গোট খায়। তেঁওলোকে ১৮৭২ চনত কানাডাত অনুষ্ঠিত এক বিশাল শ্ৰমিক শোভাযাত্ৰাৰ সাফল্যত উদ্বুদ্ধ হৈ এনে কৰিছিল। আগস্ট স্পীজ নামৰ এজন নেতাই উপস্থিত শ্ৰমিকসকলৰ উদ্দেশ্যে কিছু কথা কৈছিল। হঠাৎ দূৰৈত ৰৈ থকা আৰক্ষী দলৰ ওচৰত এটা বোমাৰ বিষ্ফোৰণ ঘটে আৰু এজন পুলিচ নিহত হয়। পুলিচবাহিনীয়ে তৎক্ষণাত শ্ৰমিকসকলৰ ওপৰত অতৰ্কিতে আক্ৰমণ আৰম্ভ কৰে আৰু ই এক গণ-হত্যাৰ ৰূপ লয়, য’ত ১১ জন শ্ৰমিক ছহিদ হয়।৩ পুলিচক হত্যা কৰাৰ দোষত আগস্ট স্পীজ সহ আঠজনক অভিযুক্ত কৰা হয়। এক প্ৰহসনমূলক বিচাৰৰ পিছত ১৮৮৭ চনৰ ১১ নৱেম্বৰ তাৰিখে উন্মুক্ত স্থানত ৬ জনক ফাঁচী দিয়া হয়।২৪

লুইস লিং নামৰ এজনে ফাঁচীৰ এদিন আগতে কাৰাগাৰৰ ভিতৰতেই আত্মহত্যা কৰে, অন্যএজনৰ পোন্ধৰ বছৰৰ কাৰাদণ্ড হয়। ফাঁচীৰ মঞ্চত উঠাৰ আগতে আগস্ট স্পীজে কৈছিল, "আজি আমাৰ এই নিঃশব্দতা, তোমালোকৰ কোলাহতকৈ অপেক্ষিক ভাবে অধিক শক্তিশালী হ’ব"।

২৬ জুন, ১৮৯৩ তাৰিখে ইলিনয়ৰ গভৰ্ণৰে অভিযুক্ত আঠজনকেই নিৰপৰাধী বুলি ঘোষণা দিয়ে আৰু হত্যালীলাৰ হুকুম প্ৰদানকাৰী পুলিচ কামাণ্ডাৰ জনক দুৰ্নীতিৰ দোষত অভিযুক্ত কৰে। আৰু আনপিনে অজ্ঞাত সেই বোমা বিস্ফোৰণকাৰীৰ পৰিচয় কেতিয়াও প্ৰকাশিত নহ’ল।

শেষ পৰ্যন্ত শ্ৰমিকসকলৰ "দৈনিক আঠ ঘণ্টা কাম কৰাৰ" দাবীয়ে প্ৰশাসনিক স্বীকৃতি পায়। আৰু পহিলা মে বা মে' দিৱসে প্ৰতিষ্ঠা লাভ কৰে- শ্ৰমিকসকলৰ দাবী আদায়ৰ দিন হিচাপে, পৃথিবীব্যাপী আজিও সেই দিৱস পালিত হয়।"

মে’ দিৱসৰ গীত

পল ৰবছনৰ একে নামৰ গীতটোৰ হেমাংগ বিশ্বাসে কৰা অসমীয়া অনুবাদ

জন হেনৰি

জন হেনৰি

তীখাৰ আখৰে লিখা নাম তাৰ

যেন এটা চলন্ত ইঞ্জিন

হাতুৰীৰ তালে তালে গান গায় সুহুৰি দি

ৰংমনে কাম কৰে ৰাতি-দিন।

কলীয়া শিলত কটা হেনৰি

গ্ৰেনাইটেৰে গঢ়া পেশী জলমল

হাতুৰীৰ কোবে কোবে শিলে শিলে জুই জ্বলে

হাতুৰীয়ে মাথোঁ তাৰ সম্বল।

ভাৰ্জিনিয়াৰ ৰে'ল সুৰংগত

শিলৰ পাহাৰ কাটি কাটি

ৰে'ললাইন পতা হ'ব হেনৰিৰ হাতুৰীৰে

কোবে কোবে পাৰ হয় ৰাতি।

জন হেনৰিৰ চেনেহৰ লগৰী

নাম তাইৰ মেৰী মেগডেলিন

সুৰংগৰ বুকুতে কাণপাতি শুনিছিল

হেনৰিৰ হাতুৰীৰ বীণ!

বগা চৰ্দাৰক লাগে আৰু বেছি কাম

ষ্টীম ড্ৰিল কৰে আমদানি

আশংকা হেনৰিৰ যন্ত্ৰৰ ওচৰত

ল'ব নেকি পৰাজয় মানি।

'মই মেচিনৰ হ'ম প্ৰতিদ্বন্দ্বী'

জন হেনৰিয়ে কয় বুকু ডাঠি

ষ্টীম ড্ৰীলৰ লগতে হাতুৰীৰ চলে 'ৰেচ'

বিস্ময়ত কঁপি উঠে মাটি।

বগা চৰ্দাৰে কাঠ হাঁহি মাৰি

কয় 'নিগাৰ'ৰ চা অতপালি

তোৰ যদি জয় হয় নহ'ব সূৰ্যোদয়

ক'লা শিল হ'ব সোণোৱালী।

জন হেনৰিৰ হাতুৰীৰ চমকে

জিলিকায় বিজুলীৰ বান

মানুহৰ সৃষ্টি দুৰন্ত ষ্টীম ড্ৰীল

মানুহৰ হাতত হয় সৈমান।

আগ্নেয়গিৰিৰ মুখ ৰুদ্ধ

থমকিল হাতুৰীৰ শব্দ

হেনৰিৰ জয়ধ্বনি চৌপাশে যেতিয়া

হৃদপিণ্ড তাৰ স্তব্ধ

জন হেনৰিৰ কণমানি জীয়ৰী

শিলৰ বুকুৰে যেন নিজৰা

মাকৰ কোলাত বহি বাট চাই আছে কাৰ

কোনে দিব দেউতাৰ বতৰা!

মে' দিৱসৰ গানে গানে

নীলা আকাশৰ তলে দূৰ

শ্ৰমিকৰ জয়গানত কাণপাতি শুনা সৌ

হেনৰিৰ হাতুৰীৰ সুৰ।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Rothman, Lily. (May 1, 2017). The Bloody Story of How May Day Became a Holiday for Workers. Time
  2. ↑ স্পন্দন (ই আলোচনী), আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংহতি দিৱসঃ মে’ দিৱস
  3. ↑ Haymarket and May Day, Encyclopedia of Chicargo
  4. ↑ (2000). Act II: Let Your Tragedy Be Enacted Here. The Dramas of Haymarket. Chicago Historical Society

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তৰ্জাতিক শ্ৰমিক দিৱস” প্ৰবন্ধৰ সংশোধন ৬৩৮৪৪৫ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।