মিছন চাইনা (Mission China) হ'ল ২০১৭ বৰ্ষৰ ৮ ছেপ্তেম্বৰত মুক্তি লাভ কৰা এখন এক্সনধৰ্মী অসমৰ চলচ্চিত্ৰ। বিশিষ্ট শিল্পী জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত আৰু আই ক্ৰিয়েছন প্ৰডাকচনৰ (I Creation Production) বেনাৰত জুবিন গাৰ্গ আৰু তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ দ্বাৰা প্ৰযোজিত এই চলচ্চিত্ৰখন অসমীয়া চলচ্চিত্ৰজগতৰ আটাইতকৈ ব্যয়বহুল চলচ্চিত্ৰ। জুবিন গাৰ্গ আৰু দীপলিনা ডেকাই চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।১
অভিনয়ত
- জুবিন গাৰ্গ
- দীপলিনা ডেকা
- সিদ্ধাৰ্থ নিপন গোস্বামী
- য়াংকী পৰাশৰ
- পবিত্ৰ ৰাভা
- সত্যকী ডিকম ভূঞাঁ
- ত্ৰিদীব লাহন
- নৱদ্বীপ বৰগোঁহাই
- পাৰ্থসাৰথি মহন্ত
- বিভূতি ভূষণ হাজাৰিকা
- ভাস্বতী ভাৰতী
- ৰাগিনী পৰাশৰ
- প্ৰিয়ংকা ভৰালী আৰু দেবস্মিতা বেনাৰ্জী (বিশেষ এভুমুকি)
নিৰ্মাণ
আই ক্ৰিয়েছন প্ৰডাকচনৰ (I Creation Production) বেনাৰত জুবিন গাৰ্গ আৰু তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গে চলচ্চিত্ৰখন প্ৰযোজনা কৰিছে। মিৰ্জা, ছিক্কিম, শ্বিলং, ডিমা হাছাও, টাৱাং আদি বহুতো মনোমোহা ঠাইত চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰহণ কৰা হৈছে।
মুক্তি
২০১৭ বৰ্ষৰ ৮ ছেপ্তেম্বৰত গোটেই অসমতে চলচ্চিত্ৰখন মুক্তি দিয়া হয়। তাৰোপৰি চলচ্চিত্ৰখন বঙালী ভাষা ভাষাতো মুক্তি দিয়া হয়। ২০১৭ বৰ্ষৰ ১১ আগষ্টত চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ মুক্তি দিয়া হৈছিল।
সংগীত
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গে। গীতৰ কথা জুবিন গাৰ্গ, শশাংক সমীৰ আৰু সুমিত আচাৰ্য্যৰ। ছবিখনত সৰ্বমুঠ ৬টা গীত আছে।২৩
বক্স অ'ফিচ
মিছন চাইনাই এতিয়ালৈ মুঠ ১ কৌটি ২৮ লাখ অৰ্জন কৰিবলৈ সক্ষম হৈছে। চলচ্চিত্ৰখনে প্ৰথম দিনা ৩৯.৯৭ লাখ, দ্বিতীয় দিনা ৩৯.৫০ লাখ আৰু তৃতীয় দিনা ৪৯ লাখ অৰ্জন কৰি অসমীয়া চলচ্চিত্ৰজগতত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2015-03-07). Assamese Movie Mission China | Directed By Zubeen Garg. Magicalassam.com
- ↑ Mission China – Home. ফেইচবুক
- ↑ Mission China (Original Motion Picture Soundtrack). Itunes.apple.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিছন চাইনা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৪৪৯৯০ (২৩ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।