কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ছৌ নৃত্য
ছৌ নৃত্য (Chhau dance) এক অৰ্দ্ধ-শাস্ত্ৰীয়, ভাৰতীয় যুদ্ধনৃত্য। উৎপত্তি আৰু বিকাশৰ আধাৰত ছৌ নৃত্যৰ তিনিটা শৈলী দেখা যায়- পুৰুলিয়া ছৌ (পশ্চিম বংগ), ছেৰাইকেল্লা ছৌ (ঝাৰখণ্ড) আৰু ময়ুৰভঞ্জ ছৌ (উৰিষ্যা)। এই তিনিটা শৈলীৰ মাজৰ প্ৰধান পাৰ্থক্যটো হ’ল মুখাৰ ব্যৱহাৰ।
-
জয়মতী কুঁৱৰী (নাটক)
জয়মতী কুঁৱৰী (Joymoti Kunwari) হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত এখন উল্লেখযোগ্য বুৰঞ্জীমূলক নাটক। এই নাটকত বেজবৰুৱাই অসম বুৰঞ্জীৰ যুগৰ চিত্ৰ আকোঁতেও শ্বেইক্সপীয়েৰৰ চৰিত্ৰ আৰু চিত্ৰৰ ছাঁ পৰিছে। ইয়াৰ জৰিয়তে বেজবৰুৱাই অসমীয়া নাট্য সাহিত্যৰ সমৃদ্ধি সাধনত অশেষ অৰিহণা যোগাইছিল।
-
জাতিঙ্গা ইত্যাদি
জাতিঙ্গা ইত্যাদি..... (Jaatingaa Ityadi.....) হৈছে ২০০৭ চনত মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। ৰুচিৰা আৰ্টচৰ বেনাৰত এই বোলছবিখন নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ পৰিচালক হৈছে সঞ্জীৱ সভাপণ্ডিত। এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে বিষ্ণু খাৰঘৰীয়া, বীণা পটংগীয়া, সৌৰভ হাজৰিকা ইত্যাদি।
-
জোৰোণ
জোৰোণ হৈছে বিয়াৰ এদিন বা দুদিনৰ আগতে দৰাঘৰৰ মানুহে কইনা ঘৰলৈ গৈ কইনাক সেন্দূৰ, আ-অলঙ্কাৰ, কাপোৰ-কানি আদি প্ৰদান আৰু পৰিধান কৰোৱাৰ মাংগলিক অনুষ্ঠান। নামনি অসমত জোৰোণক 'তেল ভাৰ' দিয়া বুলিও কোৱা হয়।
-
জ্যোতি সংগীত
জ্যোতি সংগীত বুলিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বিৰচিত অসমীয়া গীতসমূহক বুজা যায়। জ্যোতিপ্ৰসাদৰ হাততে অসমীয়া গীতি-সাহিত্যই পাশ্চাত্য আৰু শাস্ত্ৰীয় প্ৰভাৱৰ পৰা আঁতৰি আহি অসমৰ থলুৱা সুৰ-লয়ক আঁকোৱালি লয়।
-
ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান
ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (Dr. Bhupen Hazarika Regional Government Film and Television Institute) পূৰ্বৰ জ্যোতি চিত্ৰবন চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰশিক্ষণ প্ৰতিষ্ঠান সমগ্ৰ উত্তৰ-পূব ভাৰতৰ একমাত্ৰ চলচ্চিত্ৰ শিক্ষা প্ৰতিষ্ঠান।
-
দঁশেই উৎসৱ
দঁশেই হৈছে গোৰ্খাসকলৰ প্ৰধান উৎসৱ, যাক সকলো শ্ৰেণীৰ লোকে অতি আন্তৰিকতা আৰু ধুমধামেৰে পালন কৰে। গোৰ্খা পৰ্ব সংস্কৃতিত দঁশেই বুলি কোনো নিৰ্দিষ্ট দিন নাই যদিও ‘ষোৰ শ্ৰাদ্ধ’ (ষোল্ল শ্ৰাদ্ধ)ৰ আৰম্ভণিৰ লগে লগে দঁশেই আহি পালে বুলি কোৱা শুনা যায়, যিটো গৈ গৈ লক্ষ্মী পূৰ্ণিমাত অন্ত পৰে।
-
দূৰদৰ্শন এটি যন্ত্ৰ
দূৰদৰ্শন এটি যন্ত্ৰ হল ২০১৬ বৰ্ষৰ ২ ছেপ্টেম্বৰত মুক্তি পোৱা এখন হাস্যৰসাত্মক অসমীয়া ভাষাত নিৰ্মিত চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে ৰাজেশ ভূঞাই, কাহিনী হিমাংশু প্ৰসাদ দাসৰ। যতীন বৰা, উৎপল দাস, প্ৰস্তুতি পৰাশৰ আৰু মুনমী ফুকনে এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
দেহ বিচাৰ গীত
দেহ বিচাৰ গীত বা দেহবিচাৰৰ গীত অসমীয়া সমাজত প্ৰচলিত আধ্যাত্মিক ভাবযুক্ত তত্ত্বগধুৰ লোকগীতৰ শ্ৰেণী। সাধাৰণতে বৃদ্ধ, ভকত, বৈৰাগী, সন্ন্যাসী, মগনীয়া আদিয়ে দেহ বিচাৰ গীত গায়।
-
দেৱদাস (২০০২ চনৰ হিন্দী চলচ্চিত্ৰ)
দেৱদাস হ'ল ২০০২ চনত মুক্তি পোৱা এখন ভাৰতীয় হিন্দী চলচ্চিত্ৰ। শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ বিখ্যাত উপন্যাস দেৱদাসৰ আধাৰত নিৰ্মিত হয় এই ছবিখন। এয়া দেৱদাসৰ কাহিনীৰ তৃতীয় বলীউড (হিন্দী) সংস্কৰণ আৰু হিন্দীত প্ৰথম ৰঙীন চলচ্চিত্ৰ সংস্কৰণ।
-
ধুৰন্ধৰ
ধুৰন্ধৰ (Dhurandhar; ) হৈছে ২০২৫ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ স্পাই একশ্যন থ্ৰিলাৰ চলচ্চিত্ৰ। জিঅʼ ষ্টুডিঅʼ আৰু বি৬২ ষ্টুডিঅʼৰ বেনাৰৰ অধীনত জ্যোতি দেশপাণ্ডে, আদিত্য ধৰ আৰু লোকেশ ধৰে এই ছবিখনৰ প্ৰযোজনা কৰিছে। ছবিখনত ৰণবীৰ সিং, অক্ষয় খান্না, আৰ.
-
নাগ পঞ্চমী
নাগপঞ্চমী হৈছে হিন্দুসকলৰ এটি ধৰ্মীয় উৎসৱ। এই দিনটোত হিন্দু লোক সকলে সাপৰ পূজা কৰে। ভাৰত, নেপাল তথা অন্যান্য অঞ্চলৰ হিন্দু লোক সকলে এই উৎসৱ পালন কৰি আহিছে। হিন্দু পঞ্জিকা অনুসৰি চন্দ্ৰ মাহৰ উজ্জ্বল অৰ্ধেক দিন (জুলাই/আগষ্ট)ত এই পূজা কৰা হয়।
-
নিচুকনি গীত
নিচুকনি গীত বুলিলে সাধাৰণতে কোমলমতি শিশুৰ মন ভুলাই ৰাখিবলৈ বা টোপনি নিয়াবলৈ গোৱা নাতিদীৰ্ঘ অথবা নাতিহ্ৰস্ব গীতকে বুজোৱা হয়। শিশুৰ মানসিক জগত খনৰ সৈতে সংগতি ৰাখি সহজ-সৰল ভাবে এই গীতবোৰ ৰচনা কৰা হয়।
-
পিতৃপক্ষ
পিতৃপক্ষ (সংস্কৃত: पितृ पक्ष) হিন্দুধৰ্ম অনুসৰি, পূৰ্বপুৰুষৰ তৰ্পণাদিৰ বাবে প্ৰশস্ত এক বিশেষ পক্ষ। এই পক্ষ পিত্ৰুপক্ষ, ষোলা শ্ৰাদ্ধ, কানাগাত, জিতিয়া, মহালয়া পক্ষ আৰু অপৰপক্ষ নামেৰেও পৰিচিত।
-
পৰ্ণগ্ৰাফিক চলচ্চিত্ৰ
পৰ্ণগ্ৰাফিক চলচ্চিত্ৰ'(কামুক চলচ্চিত্ৰ, প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ, নীলা ছবি, যৌন সম্পৰ্কীয় চলচ্চিত্ৰ, বা ১৮+ ছবি) হৈছে এনে ছবি যিয়ে দৰ্শকক উত্তেজিত, আকৰ্ষণ বা সন্তুষ্ট কৰিবলৈ যৌন সম্পৰ্কীয় বিষয়বস্তুক প্ৰতিনিধিত্ব কৰে।
-
ফিল্ডছ মেডেল
ফিল্ডছ মেডেল (FieldsMedal) হ’ল গণিতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে প্ৰতি ৪ (চাৰি) বছৰৰ মূৰে মূৰে চল্লিশৰ অনুৰ্ধৰ গণিতজ্ঞসকলৰ মাজৰ দুই, তিনি বা চাৰিজন গণিতজ্ঞলৈ আগবঢ়োৱা এটি বঁটা।
-
বঙালী থিয়েটাৰ
বঙালী থিয়েটাৰ (Bengali theatre) মানে হ’ল- সাধাৰণতে বাংলাদেশ আৰু ভাৰতৰ পশ্চিমবঙ্গত বঙালী ভাষাত পৰিবেশন কৰা থিয়েটাৰ। ব্ৰিটিছ শাসনৰ সময়ত, ঊনৈশ শতিকাৰ প্ৰথমৰ ফালে ব্যক্তিগত বিনোদন হিচাপে বঙালী থিয়েটাৰৰ উৎপত্তি হৈছিল।
-
বাটৰ নাট
বাটৰ নাট (Street theatre) নাট্য পৰিবেশনৰ এটা ৰূপ আৰু বিনামূলীয়াকৈ ৰাজহুৱা স্থানত কৰা উপস্থাপন। এই ৰাজহুৱা স্থান যিকোনো ঠাই হ’ব পাৰে-শ্বপিং মল, পাৰ্কিং লট, বিনোদনমূলক স্থান, কলেজ বা বিশ্ববিদ্যালয়ৰ চৌহদ, ৰাস্তাৰ দাঁতি বা চ’ক আদি। এই নাটকবোৰ সাধাৰণতে তেনে ঠাইত কৰা হয়, য’ত বহু মানুহ গোট খায়।
-
বিশ্ব ধঁপাতবিৰোধী দিৱস
বিশ্ব ধঁপাতবিৰোধী দিৱস গোটেই পৃথিৱীতে প্ৰতিবছৰে মে মাহৰ ৩১ তাৰিখে পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হ'ল এই ২৪ ঘণ্টা সময়ত যিকোনো ধঁপাত গ্ৰহণৰ পৰা বৰ্জিত থাকিবলৈ জনগণক উৎসাহিত কৰা আৰু লগতে ধঁপাত গ্ৰহণৰ ফলত স্বাস্থ্যৰ ওপৰত পৰিব পৰা নানাধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰা।
-
বিশ্ব পৰিৱেশ দিৱস
বিশ্ব পৰিৱেশ দিৱস (World Environment Day, সংক্ষেপে WED) প্ৰতি বছৰ ৫ জুনৰ দিনা বিশ্বব্যাপী ৰাজনৈতিক কৰ্মোদ্যোগ আৰু জনসচেতনতাৰ মাধ্যমত পৰিৱেশ সচেতনতাক লক্ষ্য ৰাখি এই দিৱস পালন কৰা হয়। এই দিনটিতেই ৰাষ্ট্ৰসংঘৰ মানৱিক পৰিৱেশ কনফাৰেন্স (United Nations Conference on the Human Environment) আৰম্ভ হৈছিল।
-
ভাৰতীয় শিল্পকলা
ভাৰতীয় শিল্পকলা হৈছে চিত্ৰ কৰ্ম, ভাস্কৰ্য, মাটিৰ শিল্প, বয়ন শিল্প আদিৰ এটা মিশ্ৰিত ৰূপ। ভৌগোলিক পৰিসীমাৰ ভিতৰত এই শিল্পই ভাৰতৰ ওচৰ চুবুৰীয়া দেশ সমূহকো প্ৰতিনিধিত্ব কৰে য'ত বৰ্তমানৰ ভাৰত, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, নেপাল, ভূটান আৰু আফগানিস্তানৰ পূব প্ৰান্ত অন্তৰ্ভুক্ত হৈ আছে।
-
ভেকুলী বিয়া
ভেকুলী বিয়া প্ৰধানতঃ ভাৰত আৰু নেপালত প্ৰচলিত এক লোকাচাৰ। অসমৰ বহু ঠাইত বৰষুণ কামনা কৰি ভেকুলী বিয়া অনুষ্ঠিত কৰা হয়। কৃষিৰ বাবে প্ৰয়োজনীয় পানীৰ বাবে খেতিয়কসকলে প্ৰায়ে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয়। কেতিয়াবা খেতিৰ ভৰপকৰ সময়তো বতৰ খৰাং হয় আৰু পথাৰে চিৰাল ফাঁট দিয়ে।
-
মমতা (চলচ্চিত্ৰ)
মমতা (Mamata) নলীন দুৱৰা পৰিচালিত ১৯৭৩ত মুক্তিপ্ৰাপ্ত এখন অসমীয়া কথাছবি। তেৱেঁ ছবিখনৰ চিত্ৰগ্ৰহণো কৰিছে। অসমৰ গ্ৰাম্যজীৱনৰ পটভূমিত ছবিখনৰ কাহিনী ৰচনা কৰা হৈছে। ১৯৭৩ৰ ২১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ শিতানত মমতাই ৰজত পদক লাভ কৰে।
-
মহো-হো উৎসৱ
মহো-হো (Mohoho) বা ম'হ খেদা উৎসৱ নামনি অসমৰ কলিতা জনগোষ্ঠীয় এক লোককৃষ্টি বা উৎসৱ। আঘোণ মাহৰ পূৰ্ণিমাৰদিনা ৰাতি কলিতা জনগোষ্ঠীয় লোকসকলে ঘৰে ঘৰে গৈ মহো-হো গীত গাই এই উৎসৱ পালন কৰে। গঞাসকলে চোতালে চোতালে মহোহো প্ৰদৰ্শন কৰি গৃহস্থক ধনে-ধানে সমৃদ্ধিশালী হ'বলৈ আশীৰ্বাদ দিয়ে।
-
মাদাৰ ইণ্ডিয়া
মাদাৰ ইণ্ডিয়া (Mother India) হৈছে মেহবুব খানৰ দ্বাৰা পৰিচালিত তথা ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নাৰ্গিছ, সুনীল দত্ত, ৰাজেন্দ্ৰ কুমাৰ আৰু ৰাজ কুমাৰে। মাদাৰ ইণ্ডিয়া মেহবুব খানৰ পূৰ্ববৰ্তী চলচ্চিত্ৰ ঔৰত (১৯৪০) ৰ পুনৰ্নিমাণ।
-
মূকাভিনয়
মূকাভিনয়ৰ অৰ্থ হৈছে মুখৰে শব্দ উচ্চাৰণ নকৰাকৈ বা সংলাপ নোকোৱাকৈ মনৰ ভাব প্ৰকাশ কৰা। নাট্যশিল্পৰ এক বিশেষ দিশ হৈছে এই মূকাভিনয়। এই পদ্ধতিৰ জৰিয়তে কোনো অভিনেতাই কোনো সংলাপ ব্যৱহাৰ নকৰাকৈ কেৱল দেহ ভঙ্গিমা আৰু মুখৰ অভিব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰি অভিনয় কৰে।
-
শ্ৰীমতী মহিমাময়ী
শ্ৰীমতী মহিমাময়ী (Srimati Mohimamoyee) ১৯৭৯ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। পৰিচালনা আৰু প্ৰযোজনা পুলক গগৈৰ। এইখন তেওঁৰ দ্বিতীয় ছবি। কাহিনীৰ আধাৰ লক্ষ্মীনাথ ফুকনৰ একে নামৰ হাস্যৰসাত্মক চুটিগল্প এটা। ইয়াত হাস্যৰসৰ উপাদান আছিল যদিও ইয়াত কোনো স্থূলতা নাছিল। বাজেট আছিল ১,২৫,০০০ টকা।
-
শ্ৰীমন্ত শঙ্কৰদেৱ (চলচ্চিত্ৰ)
শ্ৰীমন্ত শঙ্কৰদেৱ হৈছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱনৰ আধাৰত নিৰ্মিত আৰু সূৰ্য্য হাজৰিকা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন প্ৰযোজনা কৰিছিল পৰাণ বৰবৰুৱাই। ড॰ পূৰ্ণানন্দ শইকীয়াই "গুৰুচৰিত"ৰ সহায় লৈ ইয়াৰ কাহিনী ৰচনা কৰে।
-
সূৰ্যাস্ত (চলচ্চিত্ৰ)
সূৰ্যাস্ত হৈছে প্ৰদ্যুৎ কুমাৰ ডেকা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ১৭ মে' ২০১৩ তাৰিখে মুক্তি পোৱা ছবিখনৰ প্ৰযোজনা কৰিছে আৰ বি প্ৰডাকচনে। ছবিখনৰ মূল বিষয়বস্তু হৈছে শিশুৰ মনস্তত্ত্ব। পিতৃ-মাতৃৰ কেৰিয়াৰৰ স্বাৰ্থত তেওঁলোকৰ মৰমৰ পৰা বঞ্চিত হোৱা এটি সন্তানৰ মানসিক জগতখনক সূৰ্যাস্তত দাঙি ধৰা হৈছে।
-
ৰ'দৰ চিঠি
ৰ'দৰ চিঠি (Scare Crow) ২০১৪ চনৰ ৭ নৱেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া কথাছবি। বাহাৰুল ইছলামে পৰিচালনা কৰা এই ছবিখন দেশৰ বিভিন্ন ঠাইত সমাদৃত সীমাৰ সিপাৰে নাটখনৰ আলমত নিৰ্মাণ কৰা হৈছে। এই ছবিখন অল্টাৰনেটিভ চিনেমেটিক্সৰ হৈ ইক্ৰামূল মজিদে প্ৰযোজনা কৰিছে।