কদমতলে কৃষ্ণ নাচে (Kadamtole Krishna Nache) হৈছে, ২০০৫ চনৰ ২ ছেপ্টেম্বৰত মুক্তি লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ। সুমন হৰিপ্ৰিয়া পৰিচালিত এই ছবিখনে ৫৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ 'শ্ৰেষ্ঠ অসমীয়া ছবি'ৰ সন্মান লাভ কৰে১।
কাহিনীৰ সাৰাংশ
ৰাধিকা মোহন অধিকাৰী বৈষ্ণৱী সংস্কৃতিৰ পণ্ডিত। তেওঁৰ এজন ল’ৰা, যাৰ নাম জয়কৃষ্ণ আৰু এজনী ছোৱালী, যাৰ নাম স্বৰ্ণ। জয়কৃষ্ণ যথেষ্ঠ পঢ়াশুনা কৰা ল’ৰা আৰু সি দেউতাকৰ ভাৱনাক বিশেষ গুৰুত্ব নিদি নিজৰ কেৰিয়াৰৰ কথাহে মূলতঃ চিন্তা কৰি ঘৰ এৰি গুছি যায়।
কিন্তু কিছু বছৰ পাছত জয়কৃষ্ণৰ সন্তান শ্যামকানুয়ো যথেষ্ঠ পঢ়াশুনা কৰে যদিও তাৰ আছিল ককাকৰ সাংস্কৃতিক পৰম্পৰাৰ প্ৰতি এক অন্তৰংগতা অনুভৱ। শ্যামকানুই নিজৰ পৰিয়ালটোক একলগ কৰাৰ উদ্দেশ্য আগত লৈ পৈতৃক গাঁওখনত উপস্থিত হয়। সি পেহীয়েক স্বৰ্ণ আৰু সম্বন্ধীয় ভায়েক বসন্তক তাৰ পৰিচয় গোপনে ৰাখিবলৈ অনুৰোধ জনায়, যাতে তাৰ গোপন লক্ষ্যত উপনীত হ’ব পাৰে।
ছবিখনত চতুৰ্দশ শতাব্দীতে মহাপুৰুষ শংকৰদেৱে প্ৰতিষ্ঠা কৰি থৈ যোৱা জাতি বিহীন সমাজ এখনক চিত্ৰিত কৰিবলৈ ৰাধিকা মোহনৰ ভৃত্য গোৱিন্দৰ নাতিনীয়েক মণিমালা আৰু স্বৰ্ণৰ পুত্ৰ বসন্তক স্পৰস্পৰে পৰস্পৰৰ ওচৰ চপা ঘটনাক্ৰম দেখুওৱা হৈছে।
শেষত ৰাধিকা মোহনৰ বোধোদয় হয় যে ক্ৰোধিত হোৱা আৰু ক্ষমা নকৰা, এই দুয়োটা মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰ পৰিপন্থী।২
অভিনয় শিল্পী
- সৌৰভ হাজৰিকা
- তপন দাস
- জয়ন্ত ভাগৱতী
- ৰানু দেৱী
- ৰূপশিখা
কাৰীকৰি খুঁটি-নাটি
- ফিল্ম: ৩৫ মিমি
বঁটা
“অসমৰ চহকী সাংস্কৃতিক পৰম্পৰাক উজ্জীৱিত কৰা”ৰ বাবে ২০০৫ চনৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ শিতানত ‘কদমতলে কৃষ্ণ নাচে’ ছবিখনে ৫৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- “ৰজত কমল” লাভ কৰে। এই বঁটাত প্ৰযোজক ৰঞ্জিত চক্ৰৱৰ্তী আৰু পৰিচালক সুমন হৰিপ্ৰিয়া, প্ৰত্যেকলৈ নগদ ২০,০০০ টকাকৈ আগবঢ়োৱা হয়।৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কপি
- ↑ 53rd National Films Festival Catalogue. Directorate of Film Festivals, India. পৃ. 151
- ↑ 53rd National Films Festival Catalogue. Directorate of Film Festivals, India. পৃ. 64-65
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কদমতলে কৃষ্ণ নাচে” প্ৰবন্ধৰ সংশোধন ৪৬০৯৬৮ (১ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।