অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰাগ - দ্য ৰিদম অৱ লাভ

ৰাগ - দা ৰিদম অফ লাভ (Raag – The Rhytm Of Love) হৈছে ২০১৪ বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। ছবিখনৰ কাহিনী-চিত্ৰনাট্য কৰাৰ লগতে পৰিচালনাৰ দায়িত্বত আছে ৰজনী বসুমতাৰী।

হালনাগাদ: ৬ অক্টোবৰ ২০২৩ ২৮২ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ৰাগ - দা ৰিদম অফ লাভ (Raag – The Rhytm Of Love) হৈছে ২০১৪ বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি।১ ছবিখনৰ কাহিনী-চিত্ৰনাট্য কৰাৰ লগতে পৰিচালনাৰ দায়িত্বত আছে ৰজনী বসুমতাৰী। 'অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ মুখ্য প্ৰযোজনা আৰু মান্না ফিল্মছৰ সহঃপ্ৰযোজনাত এই অসমীয়া ছবিখন নিৰ্মাণ কৰা হৈছে। বোলছবিখন ২০১৪ চনৰ ৭ মাৰ্চত পি ভি আৰ ডাইৰেক্টৰ ৰেয়াৰত মুক্তি পাব।

কাহিনী

ছবিখনৰ কাহিনী ৰচনা কৰা হৈছে এগৰাকী শাস্ত্ৰীয় কণ্ঠশিল্পী, এজন চিত্ৰশিল্পী, বেচৰকাৰী খণ্ডত কৰ্মৰত এগৰাকী বিষয়া, এগৰাকী বাঁহীবাদকৰ ভিন্ন জীৱনযাত্ৰা আৰু ভিন্ন মতাদৰ্শৰ আধাৰত।২ ইকবাল নামৰ এজন লোক জীৱনৰ চাকনৈয়াত পৰি নিঃসংগতাকে আপোন কৰি ল’বলগীয়া হৈছিল। এটা সময়ত জীৱনৰ পট পৰিৱৰ্তন ঘটিল তেওঁৰ, যাৰ বাবে নিজকে সমাজচ্যুত কৰি কেৱল পেইণ্টিঙতে মগ্ন হয়। কিন্তু দিল্লীৰ বাসগৃহৰ সমীপৰ এগৰাকী শাস্ত্ৰীয় সংগীত শিল্পীয়ে ইকবালৰ জীৱনলৈ পৰিৱৰ্তনৰ জোৱাৰ আনে। চুবুৰীয়া ৰাধিকা ইকবালৰ বাবে প্ৰেৰণাস্বৰূপ হৈ পৰিছিল। বিভিন্ন প্ৰান্তৰ পৰা দিল্লীত থুপ খোৱা ইকবাল, ৰাধিকা, অলক, নাটালিহঁতে আৰম্ভ কৰে এক নতুন জীৱন। জীৱনৰ চাকনৈয়াত হেৰাই যোৱাৰ উপক্ৰম হোৱা আলফুলীয়া হেঁপাহ আৰু সপোনৰ এনাজৰীৰ অতি হৃদয়স্পৰ্শী বিষয়বস্তুক চেলুলয়ডত উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে ৰাগত।

প্ৰডাকশ্যন

অসমীয়া ছবি নিৰ্মাণৰ পৰাম্পৰাগত ধাৰাৰ পৰা কিছু দৰ্শকক নতুন সোৱাদ দিয়াৰ লক্ষ্যৰে ৰজনী বসুমতাৰীয়ে এই ছবিখনৰ পৰিকল্পনা আৰম্ভ কৰিছিল।

চিত্ৰগ্ৰহণ

ছবিখনৰ কাহিনী দিল্লীৰ পটভূমিত ৰচিত হোৱাৰ বাবে ইয়াৰ দৃশ্যগ্ৰহণ দিল্লীৰ বিভিন্ন লোকেশ্যনত কৰা হয়।১ তাত ২০ দিন চিত্ৰগ্ৰহণ কৰাৰ পাছত ৫ মাৰ্চত গুৱাহাটীত এদিনীয়া শ্বুটিঙেৰে ৰাগৰ চিত্ৰগ্ৰহণ সমাপ্ত হৈছিল।

অভিনয়

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইন, জেৰিফা ৱাহিদ, কেনী দেউৰী বসুমতাৰী আদিয়ে ৰাগত অভিনয় কৰিছে। কপিল বৰাই এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছে।২

কলা-কুশলী

ছবিখনৰ চিত্ৰগ্ৰহণ কৰিছে বলিউডৰ প্ৰতিষ্ঠিত চিনেমেট’গ্ৰাফাৰ অজয়ন ভিনচেণ্ট।৩ ছবিখনৰ কাৰ্যবাহী প্ৰযোজক মনালী ভৰদ্বাজ আৰু প্ৰডাকশ্যন ডিজাইনাৰ হেমন্ত গাবা আৰু শিৰীফ জৈন। কষ্টিউম ডিজাইনাৰ দীপ্তি চাওলা আৰু শুভলক্ষ্মী বেনাৰ্জী। পাব্লিচিটী ডিজাইন কৰিছে ৰাজদীপ আৰু ড্ৰীমছ ফিচাৰ্ছে। কলা নিৰ্দেশক হৈছে দীপ্তি চাওলা আৰু অৰ্চনা মালহোত্ৰা।১

সংগীত

ৰাগৰ সংগীত পৰিচালনা কৰিছে চেন্নাইৰ অবিনাশ ৱাঘেলে।২ গীত ৰচনা কৰিছে ৰাজদীপ আৰু শৰৎ বৰকটকীয়ে। দিক্ষু, অনিন্দিতা পাল, দেৱাশীষ পৰাশৰ, প্ৰজ্ঞান বৰুৱা আৰু মূৰ্চনা বৰকটকীয়ে গীতসমূহত কণ্ঠদান কৰিছে।

পি ভি আৰ ৰিলিজ

২০১৪ চনৰ ৭ মাৰ্চৰ দিনা ভাৰতৰ মুম্বাই, গুৰগাঁও, দিল্লী, বাংগালোৰ, পুনে, চেন্নাই, কলকাতা আৰু হাইদৰাবাদত পি ভি আৰ - ডাইৰক্টৰ ৰেয়াৰ্ছৰ যোগেদি মুক্তি দিয়া হয়।২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ hussain ahmed. Upcoming Assamese Film: Raag - The Rhythm of Love. Magical Assam - The Assamese Film Industry
  2. ↑ Abhijit Roy. (06 February 2014). New Assamese film - Raag, the Rhythm of Love
  3. ↑ Cast and Cre of Raag

সম্পৰ্কিত শ্ৰেণী

২০১৪ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰ২০১৪ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাগ - দ্য ৰিদম অৱ লাভ” প্ৰবন্ধৰ সংশোধন ৩৮৬০৯৭ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।